header ads

বিষ্ণু ৰাভা এতিয়া ইয়াত ঘনঘোৰ ৰাতি |

 বিষ্ণু ৰাভা এতিয়া ইয়াত ঘনঘোৰ ৰাতি


          অসমৰ এগৰাকী স্বনামধন্য কবি বিৰিঞ্চি কুমাৰ  ভট্টাচাৰ্যৰ সেই কালজয়ী কবিতা ' বিষ্ণুৰাভা এতিয়া কিমান ৰাতি ' কাব্যপ্ৰেমীসকলৰ ভিতৰত নপঢ়া, নজনা কিম্বা নুশুনা মানুহ নিশ্চয় নোলাব । সৈনিক শিল্পী গৰাকী হেৰাই যোৱা দিনটো অৰ্থাৎ ২০ জুনৰ কথা আমি সকলোৱে জানো । এই ছেগতে শিল্পী গৰাকীক শ্রদ্ধাৰে স্মৰণ কৰি শ্রদ্ধাঞ্জলী জ্ঞাপন কৰিছোঁ ।তেখেতে এৰি থৈ যোৱা অসমীয়া জাতিটোৰ ভৱিষ্যত কি, আমি কি কৰিছোঁ নাইবা কৰিব পাৰিছোঁ আমি সকলোৱে জানো । তাৰ পৰিপ্রেক্ষিতত কবলৈ মন গৈছে- বিষ্ণুৰাভা আমাৰ ইয়াত এতিয়া ঘনঘোৰ জয়াল ৰাতি

        সাহিত্য, সংস্কৃতি, জাতি, মাটি, ভেটি সকলোতে ঘূণে ধৰিছে । বিষ্ণু ৰাভাক বাদ দি অসমীয়াই কলা, সাহিত্য, সংস্কৃতিৰ কথা চিন্তা কৰিব  পাৰিবনে ?  নীৰৱ সাধক, সত্যৰ পূজাৰী তথা বিশিষ্ট সমালোচক দধি মহন্তৰ এষাৰ কথা উনুকিয়াব খুজিছোঁ । ৰেখা, লেখা আৰু সুৰৰ সাধনা যে সংস্কৃতিৰ মূল আধাৰ -- এই তিনিবিধৰ কোনো ক্ষেত্রত উল্লেখনীয় অৱদানেৰে নিৰ্দিষ্ট জাতি তথা মানৱ সংস্কৃতিক সমৃদ্ধ কৰি যোৱা সকলেই হ'ল মানৱ হৃদয়ৰ খনিকৰ স্বৰূপ, অবিস্মৰণীয় কলাকাৰ । অৱশ্যে এই তিনিও ক্ষেত্রতে একেজনৰ অৱদানৰ উদাহৰণ অত্যন্ত বিৰল । এই কথাখিনিয়ে প্রকৃত কলাকাৰৰ স্বৰূপ বুজাইছে যদিও এই তিনিও গুণৰ অধিকাৰী পুৰুষ প্রকৃতিত বিৰল । 

      বিষ্ণু প্রসাদ ৰাভা বহুধা বিভক্ত এটি উজ্জ্বল জ্যোতিস্ক । সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, অভিনেতা, পৰিচালক, গল্পকাৰ, সৈনিক, শিল্পী সৰ্বোপৰি এজন সুন্দৰৰ পূজাৰী, কলাৰ গুৰু । কি নাছিল বিষ্ণু ৰাভাৰ । কিন্তু  আমি নিচিনিলো বাবে আজি তেখেতৰ অনুপস্থিতিত হামৰাও কাঢ়ি মৰিছোঁ । আজি যদি বিষ্ণুৰাভা জীয়াই থাকিলহেঁতেন, এহাতত কলম আৰু আনখন হাতত ষ্টেনগান লৈ কেৱল জাতিৰ মুকুতিৰ বাবে নিজক বিলাই দিব পৰা প্ৰাণ বিষ্ণুৰাভাই উচুপি উঠিল হেঁতেন । ইচ্ছা কৰা হেঁতেন বিষ্ণু ৰাভাই জমিদাৰী কায়দাৰে বিলাসী জীৱন কটাই আৰামত জীৱন অতিবাহিত কৰিব পাৰিলেহেঁতেন, কিন্তু নকৰিলে ৷ নিজৰ সমস্ত মাটিবাৰী  জনতাৰ মাজত বিলাই দি তেখেতো মেহনতী জনতা, খাটি খোৱা জনতাৰ শাৰীত থিয় দিছিল । সেয়া আছিল বিষ্ণুৰাভাৰ মহানতা ।

     সৈনিক শিল্পী  বিষ্ণু প্ৰসাদ ৰাভাৰ গণৰাজ অথবা জনতাৰ ৰাজ পতাৰ সপোন আজিও বাস্তৱত ৰূপায়িত হোৱা নাই । এখন সাম্যক পৃথিৱী গঢ়িব খোজা ৰাভাদেৱ আছিল প্রকৃতাৰ্থত এজন গণ সৈনিক । মুক্তি বিচাৰিছিল সৰ্বসাধাৰণ হালোৱা-হজোৱা বণুৱাৰ । মাৰ্ক্সবাদ, লেনিন বাদ আছিল গণ মুক্তিৰ বৈজ্ঞানিক সমাজ দৰ্শন, দিক্‌ দৰ্শক । তেখেতে বিশ্বাস কৰিছিল --- "যিমান দিনলৈ ধনতন্ত্ৰবাদী সমাজ ব্যৱস্থা থাকিব, সিমান দিনলৈকে হালোৱা, হজোৱা, বনুৱাই দুখ কষ্ট কৰি মৰি গ'লেও ওৰ নপৰিব । প্রচলিত সমাজ ব্যৱস্থা ভাঙি যিসকলে জনগনৰ সমাজ গঢ়িব খোজে, সেইসকলৰ বাবে ৰাভাদেৱ হ'ব পাৰে ধৈৰ্য, সাহস আৰু সৃষ্টিৰ নতুন প্রেৰণা । কালৰাত্ৰিৰ বুকুতেই প্রভাতৰ হেঙুলী আভাৰ কিৰণ হৈ আজিও উজলি উঠে সমন্বয়ৰ প্রতীক বিষ্ণুৰাভা  ।

      মেক্সিম গৰ্কীয়ে কৈছিল, "প্রকৃত শিল্পীসকল হ'ল সমাজৰ চকু, কাণ, নাক হৃদয় আদি সকলো" । বিষ্ণু প্রসাদ ৰাভাও জনতাৰ মুক্তিৰ বাবে কলম তুলি লোৱা শিল্পী আছিল । অসমীয়া সংস্কৃতিৰ প্রকৃত ধাৰক আৰু বাহক হ'ল সাধাৰণ জনতা ।

            আজি আমিবোৰে বিষ্ণুপ্ৰসাদ ৰাভা দেৱক লৈ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান পাতিছোঁ, আলোচনী উলিয়াইছোঁ, আলোচনাচক্ৰ পাতিছোঁ, বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে ৰাভাদেৱৰ নামত তাল-ফাল কৰিছোঁ -- আমি বাৰু কেনে মানসিক অৱস্থাত আছোঁ । এইবোৰ কৰাৰ আমাৰ উদ্দেশ্য কি ? কাৰ ধনেৰে কাৰ ইংগিতত কাৰ স্বাৰ্থ বহন কৰিছোঁ আমি ? সুস্পষ্ট ভাবে বিষ্ণুৰাভাৰ লক্ষ্য, উদ্দেশ্য বুজি নোপোৱাৰ বাবেই আমি অজানিতেই শাসক শ্রেণীৰ চিন্তা-চৰ্চাৰ বাহক হৈ পৰিছোঁ । চহৰে-নগৰে, গাঁৱে-ভূঞে, চুবুৰীয়ে চুবুৰীয়ে এতিয়া ৰাইজৰ হাতত থকা বিষ্ণু প্রসাদ ৰাভাৰ পতাকাখনি আঁতৰাই শাসক-শোষক শ্রেণীয়ে অন্য এখন পতাকা তুলি ধৰিছে । তাত বিষ্ণু প্রসাদ ৰাভাৰ সুৱদী সুৰীয়া গীতো আছে, কথাও আছে, কিন্তু প্রাণ নাই ।অনুষ্ঠান আছে, আনুষ্ঠানিকতা নাই ।নতুন প্রজন্মৰ সন্মুখৰ পৰা বিষ্ণু প্রসাদ ৰাভাৰ প্রকৃত ছবিখন আঁতৰাই এখন কলাগুৰুৰ খণ্ডিত ছবি স্থাপন কৰাৰ প্রয়াস চলিছে অবিৰত । অথচ বিষ্ণু প্রসাদ ৰাভাদেৱে এনেদৰে ভাবিছিল -- "মাৰ্ক্সবাদ নজনালৈকে মই বৰ ৰোমান্তিক আছিলোঁ । ভাৱ বিলাসী আছিলোঁ, কলাগুৰু খিতাপটো পাই বৰ আনন্দ লাগিছিল । এতিয়া বুজিছোঁ কলাগুৰু খিতাপটো থাকিলে  ১৯৪৫ চনৰ পৰা ১৯৫৩ চনলৈকে মই কৰা বিপ্লৱী কামবোৰৰ মূল্য নাথাকে । এতিয়া অনুভৱ কৰিছোঁ মাৰ্ক্সবাদ নাজানিলে মই এজন অৱক্ষয়ী মানুহত পৰিণত হ'লোহেঁতেন " । 

       জাতীয় স্বাৰ্থ ৰক্ষাৰ ছদ্মবেশত নিজৰ দাসত্বৰে শ্রমজীৱী জনতাক প্রতাৰণা কৰিবলৈ বাধ্য কৰোৱা হয় । এনেকৈয়ে চাৰিওফালে মধ্যবিত্ত চাম মানসিক ভাৱে দাস হৈ পৰিছে । ধনৰ ওচৰত, ক্ষমতাশালী সকলৰ ওচৰত সদায়ে আঁঠু লৈ থাকে এই সকল লোকে । অনুষ্ঠানৰ আনুষ্ঠানিকতা বাঢ়িছে, কিন্তু কমি গৈছে আন্তৰিকতা । সমাজৰ পৰা ব্যক্তিয়ে ক্ৰমশঃ নিজৰ অজ্ঞাতে নিজক আঁতৰাই আনি আছে ৷ সমাজৰ মাজত থকাৰ নামত অনুষ্ঠান পাতে, অনুষ্ঠানত অংশ লয়, কিন্তু প্রতি মুহুৰ্ততে নিজৰ লাভ-লোকচানৰ হিচাপত ব্যস্ত থাকে ।

       এই ব্যৱস্থাৰ পৰা মুক্ত হ'বলৈ বিষ্ণু ৰাভাৰ চৰ্চা অবিৰত আৰু গভীৰ হ'ব লাগে । কাৰণ মানুহ মৃত আত্মাৰ জীৱন্ত কফিন হ'ব নিবিছাৰে, কিন্তু কফিন কৰি গঢ়ি তোলা হয় । কোনো মানুহ দাস হ'ব নোখোজে, কিন্তু দাসত্ব ইয়াত সঠিক আৰু শুদ্ধ বুলি প্রতীয়মান কৰা হয় । যিসকলৰ বিবেক এতিয়াও জাগ্রত হৈ আছে তেওঁলোকে দাসত্বৰ বিৰুদ্ধে বিষ্ণু ৰাভাৰ আদৰ্শক সঠিক ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰি আছে, চেষ্টা চলি থাকিব । হুঁচিয়াৰ শব্দটো ৰাভাদেৱে বহু ঠাইত ব্যৱহাৰ কৰিছে । কাৰণ হুঁচিয়াৰ নহ'লে মানুহে অজ্ঞাতেই নিজে নিজৰ বিৰুদ্ধে থিয় হৈ মানসিক দাসত্বক আকোৱালী ল'বলৈ বাধ্য হব ।

     সেয়েহে কৈছোঁ বিষ্ণু ৰাভা আমাৰ ইয়াত এতিয়া ঘনঘোৰ জয়াল ৰাতি ।

***********************

হেমেন চন্দ্ৰ হাজৰিকা

সহঃ শিক্ষক

বিৰোগাঁও মজলীয়া বিদ্যালয়

ৰামপুৰ শিক্ষাখণ্ড



অলংকৰণ:-সংগীতা কাকতি




Post a Comment

0 Comments