header ads

বিশ্ব পৰিৱেশ দিৱস

 বিশ্ব পৰিৱেশ দিৱস

        বিশ্ব পৰিৱেশ দিৱস প্ৰত্যেক বছৰে ৫ জুন তাৰিখে পালন কৰা হয়। গোটেই পৃথিৱীৰ প্ৰায় ১০০ তকৈ অধিক দেশে বিশ্ব পৰিৱেশ দিৱস পালন কৰে। এই দিৱসটো ১৯৭৩ চনত UNEP য়ে আৰম্ভ কৰিছিল আৰু এতিয়ালৈ পালন কৰি অহা হৈছে। এই দিৱসটো উদ্‌যাপন কৰাৰ মুখ্য উদ্দেশ্য হ'ল পৰিৱেশৰ বিষয়ে সজাগতা বৃদ্ধি কৰা । 

        পৰিৱেশ মানে কি: বৈজ্ঞানিক ভাৱে কোৱা হয় যে আমাৰ চাৰিওকাষে সকলো বস্তু মিলি পৰিৱেশ গঠন হয়৷ সকলো জীৱ-জড় বস্তুৱে আমাৰ পৰিৱেশ গঠন কৰে। জীৱৰ ভিতৰত গছ-গছনি, জীৱ-জন্তু, অণুজীৱ আদি পৰে আৰু জড় বস্তুৰ ভিতৰত বতাহ, পানী, মাটি আদি পৰে। 

        পৰিৱেশ বিপদত কিয়: প্ৰচুৰ পৰিমাণে হোৱা প্ৰদূষণৰ বাবে আজি পৰিৱেশ বিপদত পৰিছে। পৰিৱেশৰ মুখ্য অংশসমূহ যেনে: স্থলমণ্ডল, জল- মণ্ডল, বায়ুমণ্ডল, জীৱমণ্ডল আদি সকলো প্ৰদূষণৰ কবলত পৰিছে। প্ৰদূষণৰ মাত্ৰা বাঢ়ি অহা অৱস্থাই পৰিৱেশ বিনষ্ট কৰি পেলাইছে। 

        প্ৰদূষণৰ কিছুমান কাৰণ প্ৰাকৃতিক যেনে: coআগ্নেয়গিৰি উদ্গীৰণ, বনজুই আদি। প্ৰদূষণৰ আন কিছুমান  কাৰণ মানৱসৃষ্ট, যেনে: উদ্যোগৰ পৰা ওলোৱা লেতেৰা পানী, গাড়ীৰ ধোঁৱা আদি। পৰিৱেশৰ খৰতকীয়া ধ্বংসৰ কাৰণ হৈছে মানুহে সৃষ্টি কৰা প্ৰদূষণ অৰ্থাৎ কৃত্ৰিম প্ৰদূষণ৷ প্ৰদূষণৰ মূখ্য প্ৰকাৰকেইটা হ'ল : বায়ু প্ৰদূষণ, পানী প্ৰদূষণ আৰু মাটি প্ৰদূষণ। 

        পৰিৱেশ সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ কিয়: পৰিৱেশ হৈছে এই পৃথিৱীত আমাৰ অস্তিত্ব বজাই ৰখাৰ একমাত্র সঁজুলি। পৰিৱেশে আমাক প্ৰতিপালন কৰে, আমাক জীয়াই থকাত সহায় কৰে। আমি বায়ু, পানী আৰু মাটিৰ অবিহনে জীয়াই থকাৰ কল্পনাও কৰিব নোৱাৰোঁ। জীৱিত উপাদান যেনে : গছ-গছনি, জন্তু আদিও জীয়াই থকাৰ আহিলা। গছে আমাৰ চাৰিওকাশৰ বায়ু শোষণ কৰে। আমি গছ-গছনি আৰু জন্তুৰ পৰা খাদ্য পাঁও। পৰিৱেশৰ সকলো উপাদানে ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰ কৰে, ঠিক  এখন জালৰ দৰে ;  এই  জালখন ঠিক মতে চলি থকাটো জৰুৰী ৷ যদি জাল খনৰ এটা উপাদান ধ্বংস হয়, তেতিয়া গোটেই জালখনে ধ্বংস হ'ব। সেয়েহে আমি পৰিৱেশ সংৰক্ষণ কৰিব লাগে আৰু সেইবিলাক কাম বৰ্জন কৰিব লাগে যিবিলাকৰ কাৰণে পৰিৱেশ ধ্বংস হ'ব পাৰে। 

        বিশ্ব পৰিৱেশ দিৱসত আমি কি কৰো: বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ মুখ্য উদ্দেশ্য হ'ল- পৰিৱেশৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে সজাগতা বিয়পোৱা। প্ৰতি বছৰে বেলেগ বেলেগ বিষয়ত এই দিৱস পালন কৰা হয়। ২০২১ চনত এই দিৱস পালন কৰা বিষয় হ'ল 'পৰিস্থিতিতন্ত্ৰ পুনঃ প্রতিষ্ঠা'। উক্ত বিষয়টোৱে বাঢ়ি অহা গছ-গছনি, চহৰ সেউজীয়া কৰণ, নদী চাফা কৰা, উপকূল চাফা কৰা আদি কাৰ্যপন্থা সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । এই বছৰ বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠানটোৰ আঁত ধৰিছে পাকিস্তানে। 

        ২০২০ চনত বিশ্ব পৰিৱেশ দিৱসৰ বিষয় আছিল ' জৈৱ-বৈচিত্ৰ উদ্‌যাপন ' আৰু ইয়াৰ আঁত ধৰিছিল কল'ম্বিয়া আৰু জাৰ্মানীয়ে।

        জৈৱ-বৈচিত্ৰই  জল-স্থলৰ সকলো প্ৰাণীকে জীয়াই থকাত সহায় কৰে। মানুহৰ স্বাস্থ্যৰ প্ৰতিটো দিশ ইয়াৰ লগত জড়িত হৈ আছে। ইয়ে আমাক শুদ্ধ বায়ু, পানী, খাদ্যৰ উৎস দিয়ে। 

        সেয়েহে উক্ত দিনটোত সকলোৱে সৰু-সৰু কিছু পদক্ষেপ লব পাৰে, যাৰ দ্বাৰা আমাৰ ভৱিষ্যৎ সুন্দৰ হ'ব । বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ গছ-গছনি ৰোপন আৰু চৌ-কাশ পৰিষ্কাৰ কৰণ, এই সৰু প্ৰচেষ্টাসমূহৰ দ্বাৰা পৰিৱেশৰ ওপৰত এটা প্ৰভাৱ পেলাব পাৰি। 

        আমাৰ পৰিৱেশৰ এই  অৱস্থাৰ উন্নতিৰ বাবে চৰকাৰ আৰু সংগঠনসমূহ আগবাঢ়ি আহিব লাগে আৰু একেলগে এই সমস্যাসমূহৰ বিৰুদ্ধে যুঁজ দি আমাৰ পৰিৱেশ ৰক্ষা কৰিব লাগিব।

 *******************

শ্ৰী হিয়া কলিতা

পঞ্চম শ্ৰেণী

১২৬৮ নং পানীটেমা বালিকা প্ৰাঃ বিঃ

শিক্ষাখণ্ড: কমলপুৰ


অলংকৰণ:-সংগীতা কাকতি




Post a Comment

0 Comments