header ads

ৰাভা দিৱস

ৰাভা দিৱস

বিভিন্ন তাৰিখত ৰাজ্যখনৰ বিভিন্ন পুৰোধা ব্যক্তিৰ জন্ম বা মৃত্যুৰ তাৰিখত নানা দিৱস উদযাপন কৰা হয়  ৷ ইয়াৰ ভিতৰত অন্যতম  "ৰাভা দিৱস'' ৷ এই  ৰাভা দিৱস কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথিত উদযাপন কৰা হয় ৷

বিষ্ণুপ্ৰসাদ ৰাভা আছিল অসমৰ প্ৰথম আৰু অন্তিমগৰাকী সাংস্কৃতিক বিপ্লৱী ৷ তিনিটা দৃষ্টিকোণেৰে তেওঁ প্ৰধানতঃ এই বিপ্লৱ আনিছিল --  বৃহত্তৰ অসমীয়া সমাজৰ সাংস্কৃতিক  পুনৰুত্থান, জাতীয় জীৱনৰ কৃষ্টি--ঐতিহ্যৰ সংৰক্ষণ আৰু শোষিত-নিষ্পেষিতজনৰ মুক্তি প্ৰত্যাশী সাম্যবাদৰ প্ৰাণ প্ৰতিষ্ঠা ৷ মহাপুৰুষ শংকৰদেৱে পাঁচশ বছৰ পূৰ্বে ভক্তি আন্দোলনৰদ্বাৰা যি সময়ৰ সৃষ্টি কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল,  তাৰ অনুকৰণতে বিষ্ণু ৰাভাই এখন সমন্বিত অসমীয়া সমাজ গঢ়াৰ উদ্দেশ্যে সাংস্কৃতিক বিপ্লৱৰ ভেটি স্থাপন কৰিছিল ৷

শিল্পী বিষ্ণুপ্ৰসাদ, ৰাজনীতিবিদ বিষ্ণুপ্ৰসাদ, সৈনিক বিষ্ণুপ্ৰসাদৰ সকলো চিন্তাৰে কেন্দ্ৰবিন্দু আছিল ৰাইজ বা জনসাধাৰণ ৷ তেওঁৰ সমস্ত সত্বা ৰাইজৰ হৃদয়-বেদীত উৎসৰ্গীকৃত ৷ ৰাইজেই ৰাভাৰ জীৱনৰ প্ৰকৃত চালিকা শক্তি ৷

বিষ্ণুপ্ৰসাদ ৰাভা আছিল জ্যোতিভক্ত ৷ ৰাভাৰ এই প্ৰীতি ওপৰে ওপৰে নহয় ৷ জ্যোতিপ্ৰসাদৰ প্ৰসাৰিত মানসিক বলয়ৰ লগত বিষ্ণুপ্ৰসাদৰ বিশ্বমুখিতাৰ সামঞ্জস্য থকাৰ বাবেহে এই প্ৰসন্নতা বৰ্তমান ৷ ৰাভাদেৱ বিশ্বপ্ৰেমিক আছিল বাবে তেওঁ আজিও সৰ্বত্ৰে গ্ৰহণযোগ্য আৰু বন্দিত ৷ ৰাভাই কৈছিল- "গোটেই অসমখনক আগুৱাই নিবলৈ হ'লে সকলো জনগোষ্ঠীৰ সাহিত্য-সংস্কৃতিয়ে সকলোতে সন্মান লাভ কৰিব লাগিব ৷"

বিষ্ণুৰাভাক প্ৰকৃত মূল্যায়ণ কৰিব পাৰি সামাজিক আৰু ৰাজনৈতিক কৰ্মৰাজিৰ মাজেৰে । নৃত্যশিল্পী, গীতিকাৰ, সুৰকাৰ, গায়ক, অভিনেতা, বিপ্লৱী, কবি, ৰাজনীতিবিদ, গল্পকাৰ, চিত্ৰকাৰ, সৈনিক , শিল্পী বিষ্ণু ৰাভাই অসমৰ ভাষা, সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনলৈ তুলনাবিহীন অৱদান আগবঢ়াই থৈ গৈছে ৷ গণশিল্পী ৰাভাই কলেজীয়া জীৱনত "ৰাজ্যে আছে/ দুইটি পাঠা/ একটি কালো/ একটি সাদা/ ৰাজ্যেৰ যদি মংগল চাও/ দুইটি পাঠাই বলি দাও/" এই ছন্দ লিখি বাটত আঁৰি দিয়া বাবে ৰাজদ্ৰোহত  অভিযুক্ত হৈছিল ৷

        ৰাভাই ৰাজনৈতিক বিপ্লৱৰ উপৰিও শক্তিশালী জাতি গঢ়াতো মনোনিৱেশ কৰিছিল ৷ ৰাভাই কৈছিল- "আমি অসমৰ বুকুত বৈচিত্ৰৰ মাজত ঐক্যৰ ডোলেৰে গাঁঠি দুনাই শক্তিশালী অসমীয়া জাতি গঢ়োঁ , শক্তিমন্ত ন-অসমীয়া গঢ়ি সমন্বিত সুন্দৰতম ন-অসমীয়া সংস্কৃতি ৰচোঁ ৷

        আজি ৰাভাৰ আদৰ্শৰপৰা শিক্ষা ল'বলগীয়া বহুতো আছে ৷ অসমীয়া সমাজ বহুধা বিভক্ত ৷ ৰাভাৰ জাতি গঠনৰ মন্ত্ৰক সাৰোগত কৰি প্ৰত্যেকজন অসমীয়াই সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰাৰ চেষ্টা কৰা উচিত ৷

        অসমৰ ৰাজনৈতিক আকাশ মেঘাচ্ছন্ন ৷ ফৰকাল কৰাৰ দায়িত্ব জনতাই ল'ব লাগিব ৷ তেহে শোষণ, নিস্পেষণৰপৰা জনগণই মুক্তি পাব ৷হীৰুদাৰ উদ্ধৃতিৰে " আকাশৰ চোতাল ৷ শস্যৰ পথাৰ উদং ৷ কিশোৰৰ হেৰাল স্বপ্ন স্বাধীনতা ৷ গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত ৷ মূলত কি বিহ? উছন গ'ল গাঁও ৷ নষ্ট নগৰ ৷ মৃত্যুৰ মলীন ছাঁত অশ্লীল বনজিতা ৷ পাপ মুদ্ৰাৰ পয়োভৰ ৷ হে সময়, গৰজি উঠা , নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা ৷"

         আজিৰ সমাজত বিষ্ণু ৰাভাৰ আদৰ্শগত দিশটোৰ ওপৰত বস্তুনিষ্ঠভাৱে মূল্যায়ণ নহ'লে প্ৰকৃত সত্যৰ সন্ধান পোৱা সম্ভৱ নহয় ৷ বিষ্ণু ৰাভাৰ চিন্তা আৰু আদৰ্শৰে সমাজক প্ৰভাৱান্বিত কৰাৰ ক্ষেত্রত বিষ্ণু ৰাভাৰ দৰ্শনৰ ওপৰতো সঠিক মূল্যায়নেৰে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ৷ আজিৰ যুুৱসমাজে পথ প্ৰদৰ্শক হিচাপে গ্ৰহণ কৰা বিষ্ণু ৰাভাৰ আদৰ্শৰ প্ৰকৃত ধাৰাটো স্পষ্ট কৰি লোৱাৰ নিশ্চয় প্ৰয়োজন আছে ৷ তেতিয়াহে " ৰাভা দিৱস" উদযাপনৰ সাৰ্থকতা থাকিব। 

******************

নৰকান্ত ডেকা,

প্ৰধান শিক্ষক

ৰৌমাৰী প্ৰাথমিক বিদ্যালয়,

ৰঙিয়া শিক্ষাখণ্ড ৷


অলংকৰণ:-সুকন্যা ভৰদ্বাজ




Post a Comment

0 Comments