header ads

বিশ্ব চাইকেল দিৱস'ৰ আঁত ধৰি |

 বিশ্ব চাইকেল দিৱস'ৰ আঁত ধৰি


               ইং ২০১৮ চনৰ এপ্ৰিল মাহত সংযুক্ত ৰাষ্ট্ৰ মহাসভা (United Nations General Assembly) ই জুন মাহৰ ৩ তাৰিখটো "বিশ্ব চাইকেল দিৱস" হিচাপে ঘোষণা কৰে। "বিশ্ব চাইকেল দিৱস" উদ্‌যাপনৰ দ্বাৰা মানৱ সমাজলৈ চাইকেল চলোৱাৰ এক সুস্থিৰ বাৰ্তা কঢ়িয়াই নিয়াৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰে। এই প্ৰচেষ্টাক ৫৬ খন দেশে সমৰ্থন কৰে।

        "বিশ্ব চাইকেল দিৱস"ৰ প্ৰতীকটোৰ আৰ্হি প্ৰস্তুত কৰে আইজাক ফেল্ডে আৰু এনিমেছনটো সম্পূৰ্ণ কৰে অধ্যাপক জন ই স্বানচনে।

চাইকেল চলোৱাৰ উপকাৰিতা‍:

        চাইকেল চলোৱাৰ অভ্যাসে  এজন মানুহক শাৰীৰিক তথা মানসিক ভাবে সুস্থ কৰি ৰাখে। দৈনিক আধা ঘন্টা চাইকেল চলালে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। হৃদৰোগ, মধুমেহ আদি ৰোগ চাইকেল চলোৱাৰ অভ্যাসৰদ্বাৰা প্ৰতিৰোধ কৰিব পাৰি। মেদবহুলতাৰ পৰা পৰিত্ৰাণ পাব পাৰি। চাইকেল চলোৱাৰ ফলত দেহৰ মাংসপেশীসমূহৰ বিশেষকৈ ভৰি অধিক শক্তিশালী হয়। ভাল টোপনিৰ ক্ষেত্ৰতো ই সহায়ক হয়। দৈনিক চাইকেল চলোৱা লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বেছি‌। লগতে মানসিক স্বাস্থ্যৰ ওপৰতো সু-প্ৰভাৱ পেলায়।

         ইয়াৰ ওপৰিও চাইকেল চলোৱাৰ অভ্যাসে পৰিৱেশৰ ওপৰতো প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। লগতে ই পৰিৱেশোপযোগী এক বাহন। চাইকেল চলাবলৈ ইন্ধনৰ প্ৰয়োজন নহয়। লগতে ই সূলভমূল্যৰ আৰু প্ৰদূষণমুক্ত বাহন।

চাইকেলভিত্তিক তথ্য:

  •  বিশ্বত প্ৰত্যেক বছৰে ১০০ বিলিয়ন চাইকেল নিৰ্মাণ হয়।
  • প্ৰথম চাইকেল নিৰ্মাণ হৈছিল ফ্ৰাঞ্চত। কিন্তু আধুনিক চাইকেলৰ আৰ্হি প্ৰস্তুত হৈছিল ইংলেণ্ডত।
  • আমেৰিকা যুক্তৰাষ্ট্ৰত ৪০০টা "চাইকেল ক্লাব" আছে।
  • বিশ্বৰ ভিতৰত নেডাৰলেণ্ডত চাইকেল চলোৱা লোকৰ সংখ্যা সৰ্বাধিক।
  • আমেৰিকাৰ জন হাৱাৰ্ডক সৰ্বাধিক গতিবেগত  চলাব পৰা চাইকেলবিদ বুলি জনা যায়‌ ৷
  • নেডাৰলেণ্ডত ১৫ বছৰৰ ওপৰৰ লোকৰ প্ৰায় ৮৭ শতাংশৰে চাইকেল আছে।
  • পৰ্বতাৰোহণ চাইকেল ১৯৭৭ চনত প্ৰথম নিৰ্মাণ হৈছিল।

      আমাৰ দেশ ভাৰততো চাইকেলৰ এক দীঘলীয়া ইতিহাস আছে। ইং ১৯১০ চনত ডেভিড আৰল্ডে ভাৰতলৈ প্ৰায় ৩৫,০০০ চাইকেল আমদানি কৰিছিল।  ১৯৩০ চনৰ মাজভাগত চাইকেল চলোৱাটো খেল হিচাপে আৰম্ভ হৈছিল। ভাৰতত চাইকেল ক্লাব প্ৰথম কলিকতাত স্থাপন হৈছিল। ভাৰত চৰকাৰেও জনসাধাৰণে চাইকেল চলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই  চৰকাৰে গাওঁ অঞ্চলত ছোৱালীৰ মাজত চাইকেল বিতৰণ কৰিছিল। ক'ভিড-১৯ পৰিস্থিতিত  ২০২০ চনৰ মে' মাহৰ পৰা ছেপ্টেম্বৰলৈ এই ৫ মাহত সৰ্বমুঠ ৪১,৮০,৯৪৫ খন চাইকেল বিক্ৰী হৈছে। ই এক অভিলেখ সৃষ্টি কৰিছে।

সজাগতা:

       "বিশ্ব চাইকেল দিৱস"ৰ লগত সংগতি ৰাখি বিভিন্ন সংস্থাসমূহে চাইকেল চলোৱাৰ জৰিয়তে সুস্থ পৰিৱেশ গঢ়াৰ বাবে 'চাইকেল ৰেলী'ৰ আয়োজন কৰে। আমিও নিজৰ নিজৰ ক্ষেত্ৰত ইয়াৰ সজাগতাৰ বাবে কিছুমান কাৰ্য্যপন্থা হাতত লব পাৰো। চাইকেল চলোৱাৰ উপকাৰিতাৰ বিষয়ে জনোৱাৰ বাবে বিভিন্ন আলোচনাচক্ৰ, শ্ল'গান প্ৰতিযোগিতা, চাইকেল ৰেলী আদি অনুষ্ঠিত কৰিব পাৰোঁ। সমাজত আকৌ চাইকেল চলোৱাৰ সংস্কৃতি গঢ় লৈ উঠক তাৰে কামনাৰে। 

 *****************************************

পূৰৱী তালুকদাৰ

সহঃ শিক্ষয়িত্ৰী

বাখালাপাৰা বাটাবাৰী মধ্য ইংৰাজী বিদ্যালয়

শিক্ষাখণ্ড: ৰাণী, কামৰূপ, অসম।



অলংকৰণ:-সংগীতা কাকতি




Post a Comment

0 Comments