বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি
বিজড়িত ঐতিহাসিক স্থান সমূহ
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ সমাজ জীৱনৰ এক আদৰ্শ পুৰুষ আছিল ৷ ৰাভাদেৱৰ জন্ম বৃত্তান্ত, শিক্ষা-দীক্ষা কৰ্মৰাজিৰ বিষয়ে ভালেমান প্ৰবন্ধ প্ৰকাশ পাইছে ৷ অৱশ্যে আমি তেনে বিষয়ত লেখাৰ সলনি ৰাভাদেৱৰ অন্য এক দিশৰহে উমান দিয়াৰ চেষ্টা কৰিছোঁ ৷ কলাগুৰু বিষ্ণুৰাভাদেৱৰ স্মৃতি বিজড়িত স্থানসমূহৰ বিষয়ে আলোচনা কৰাৰ আগেয়ে তেওঁৰ গুণৰাজি ব্যক্তিত্ব আদিৰ উমান দিব লৈছোঁ ৷
নৃত্যাচাৰ্য
ৰাভাদেৱে কি কৰিছিল কোৱাতকৈ তেওঁ কি নকৰিছিল তাৰ হিচাপ দিয়াহে উজু হ’ব ৷ ৰাভা একাধাৰে গীতিকাৰ, সুৰকাৰ, কবি, গায়ক,বাদক,অভিনেতা,
নৃত্যশিল্পী, নাট্যকাৰ, চিত্ৰকৰ, সাংস্কৃতিক গৱেষক, বিপ্লৱী, স্বাধীনতা সংগ্ৰামী,
সুদক্ষ ক্ৰীড়াবিদ, ৰাজনীতিবিদ আদি অজস্ৰ গুণেৰে মহিমামণ্ডিত ৰাভাদেৱে অসম আৰু
অসমীয়াক কি দি থৈ যোৱা নাছিল ! বিষ্ণুপ্ৰসাদ ৰাভাই জগত গুৰু শ্ৰীমন্তশংকৰদেৱ
সম্পৰ্কত কৰা এটা মন্তব্য তেওঁৰ নিজৰ সুদীৰ্ঘ কৰ্মৰাজিৰ ক্ষেত্ৰতো অনুৰূপ বুলি ক’লে হয়তো বঢ়াই কোৱা নহ’ব ৷ শ্ৰীমন্তশঙ্কৰদেৱ
সম্পৰ্কত ৰাভাই কৈছিল-- “শংকৰদেৱে কি নাজানিছিল আৰু কি নিদিছিল ? তেওঁ
সৰ্বগুণাকৰ, কল্পতৰু আছিল”৷ তুলনা কৰিলে ৰাভাদেৱেও ৰাজ্যবাসীৰ বাবে কম কাম
কৰা নাছিল ৷
এতিয়া
আহোঁ হালোৱা হজুৱাৰ নেতা বিষ্ণু ৰাভাৰ স্মৃতি বিজড়িত স্থানসমূহৰ সম্যক আলোচনাৰ
বাবে ৷ অসমৰ সাংস্কৃতিক আৰু পৰ্যটক নগৰীখ্যাত তেজপুৰত অগ্নিগড়, ক’লপাৰ্ক, মহাভৈৰৱ মন্দিৰ আদিয়ে পৰ্যটকৰ মূল আকৰ্ষণ বুলি গণ্য হৈ
আহিছে ৷ তদুপৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিক্ষেত্ৰও পৰ্যটকৰ আকৰ্ষণীয় কৰি
গঢ়ি তোলা হৈছে ৷ ৰাভাদেৱৰ মাজু পুত্ৰ হেমৰাজ ৰাভাই নিজৰ গাঁঠিৰ ধন ভাঙি ১৯৯৭ চনতে
বেলটিকা শ্মশানৰ বিষ্ণু ৰাভাৰ সমাধিক্ষেত্ৰ আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ কামত হাত
দিছিল ৷ প্ৰায় ছয় লাখ টকা ব্যয় কৰিও পুত্ৰ হেমৰাজ ৰাভাই সমাধিস্থলৰ কাম শেষ কৰিব
নোৱাৰাত সেই সময়ৰ অসম চৰকাৰে ৰাভাৰ সমাধিস্থল 'সমন্বয় ক্ষেত্ৰ' নামেৰে গঢ়ি তোলে ৷
পৰৱৰ্তী সময়ত 'সমন্বয় ক্ষেত্ৰ'ও পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। তেজপুৰৰ
বিশিষ্ট ভাস্কৰ্য শিল্পী জয় চন্দ্ৰ দাসৰ শৈল্পিক হাতৰ পৰশত ৰাভা দেৱৰ কেইবাটাও
গীত, কবিতাৰ আধাৰত নিৰ্মিত মূৰ্তিসমূহে উদ্যানখন আকৰ্ষণীয় কৰি শোভাবৰ্ধন কৰিছে
৷ ইয়াৰে আন এক ঐতিহ্যমণ্ডিত অনুষ্ঠান 'বাণ থিয়েটাৰ' ৷ ১৯০৬ চনতে স্থাপিত বাণ
থিয়েটাৰত আজিও জ্যোতিপ্ৰসাদ, বিষ্ণু প্ৰসাদ, ফণী শৰ্মাৰ গীত-মাত, নাটকেৰে মুখৰিত
হৈ থাকে ৷ সেই পুৰণি বাণ থিয়েটাৰে আজিও ইতিহাসৰ স্বাক্ষৰ বহন কৰি সগৰ্বে থিয় দি
আছে ৷
আনহাতে
ক’লবাৰীস্থিত পুৰণি বাণ থিয়েটাৰৰ পৰা মাত্ৰ
কেইখোজমানৰ দূৰত আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্থায়ী ঠিকনাৰ সেই ঐতিহাসিক
ঘৰটি ৷ যিটো ঘৰত ৰাভাদেৱৰ জীৱনৰ সৰহ সংখ্যক কাম অতিবাহিত হৈছিল ৷ এদিন ৰাতি সেই
ঘৰটোৰ পৰা ১৯৬২ চনত স্বাধীন ভাৰত চৰকাৰে বিষ্ণুপ্ৰসাদ ৰাভাক গ্ৰেপ্তাৰ কৰি নিছিল ৷
অথচ সেই ঘৰৰ কোনোবা এটা কোঠাতে হয়তো সৃষ্টি হৈছিল অসমীয়া সাহিত্য-সংস্কৃতিক
সমৃদ্ধ কৰিব পৰা অলেখ গীত, কবিতা, প্ৰবন্ধৰ ৷ বৰ্তমানো সেই স্মৃতি বিজড়িত ঘৰটি
দূৰদৰ্শিতাৰ অভাৱত জৰাজীৰ্ণ হৈ থকাত আজন্ম শিল্পী গৰাকীক অৱহেলা কৰা নুবুজায়নে ?
সেই ইতিহাস জড়িত ঘৰটো চৰকাৰে সংৰক্ষণ আৰু সংবৰ্ধন কৰি পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী
কৰিব পাৰে ৷
ৰাভাদেৱে
বজোৱা বাদ্য -- তবলাযোৰ, তেখেতৰ আৰামী চকীখন, শেষ ৰোগশয্যাৰ সময়ত ব্যৱহাৰ কৰা
বিছনাখন, নিজহাতে অংকন কৰা কেবাখনো পানী ৰঙৰ চিত্ৰ, বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে
সম্বৰ্ধনা জনোৱা শৰাই - সঁফুৰা, জাপি, সম্বৰ্ধনা-পত্ৰ আদি কৰি অনেক স্মৃতিচিহ্ন
আজিও তেখেতৰ ঘৰত সংৰক্ষিত হৈ আছে ৷ কিন্তু উপযুক্ত বিজ্ঞানসন্মত সংৰক্ষণৰ অভাৱত
আৰু কিছু কালৰ পিছতেই যে সেইবোৰ নিশ্চিহ্ন হৈ যাব সি ধূৰূপ ৷ সাগৰ সম প্ৰতিভাৰ
কলাগুৰু জনাৰ নামত চৰকাৰী বা বেচৰকাৰী খণ্ডত আজিকোপতি কোনো প্ৰতিষ্ঠান বা ন্যাস
গঠন নোহোৱাটো অতি পৰিতাপৰ বিষয় ৷ যি ন্যাসে হয়তো কলাগুৰু জনাৰ সৃষ্টি আৰু চিন্তাৰ
প্ৰচাৰ- প্ৰসাৰৰ বাবে কাম কৰাৰ লগতে স্মৃতি বিজড়িত সম্পদ সমূহ সংৰক্ষণৰ উপযুক্ত
ব্যৱস্থা কৰিব পাৰিলেহেঁতেন ৷ এটা সময়ত ৰাভাদেৱৰ জন্ম শতবৰ্ষ ধুম ধামেৰে উদ্যাপিত
হৈছিল যদিও এনে ধৰণৰ কোনো স্থায়ী দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লোৱা দেখা নাযায় ৷
কেৱল ২০ জুনত ৰাভা দিৱস পালন কৰিয়ে ৰজাঘৰ প্ৰজাঘৰে দায়িত্ব সামৰা দেখা যায় ৷
বৰ্তমানৰ ৰাজ্য চৰকাৰৰ জন-প্ৰতিনিধি ৰাভা দেৱৰ উত্তৰসুৰী তেজপুৰ বিধান সভাৰ (২০২১)
বিধায়ক সুদক্ষ অভিনেতা পৃথ্বীৰাজ ৰাভাই পিতৃৰ সমলসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ
ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ আশা কৰিব পাৰি ৷
********************
লেখক
ৰত্ন কুমাৰ দাস
সহকাৰী শিক্ষক
শুৱালকুছি বালক মজলীয়া
বিদ্যালয়
হাজো শিক্ষা খণ্ড
মঃ ৬০০২৯৮৫৫৫২
ই-মেইল
_ratnadas.slk@gmail.com
অলংকৰণ:-সংগীতা
কাকতি
0 Comments