header ads

বিষ্ণুপ্ৰসাদ ৰাভা

 বিষ্ণুপ্ৰসাদ ৰাভা 



চিৰ নমস্য বিদ্ৰোহী বিপ্লৱী বীৰ

তুমিয়েতো কৰিলা আইৰ উচ্চ শিৰ ; 

তুমিয়ে নেতা, অভিনেতা, নাট্যকাৰ 

একেধাৰে কবি ,সাহিত্যিক আৰু চিত্ৰকাৰ ।

 

সিৰে সিৰে বোৱালা মুক্তিৰ জোঁৱাৰ

ভাঙিলা শিকলি, খুলিলা কাৰাৰ দুৱাৰ ;

 

তোমাৰ কবিতাৰে মৌ বৰষিলা

শত প্ৰতিভাৰে সমাজ জিনিলা ।

 

তোমাৰ সৃষ্টিতেই নৃত্য নটৰাজৰ আগমণ

লভিলা  কলাগুৰুৰ সন্মান ; 

মহান  মন্ত্ৰ সৰোগত কৰি মুক্তিকামীৰ

খোজ দিলা শুকান বলুকাৰ পথ বিপ্লৱীৰ । 


শোষিত, নিষ্পেষিত জনতাৰ হকে গালা জয়গান 

সাহিত্য সমুদ্ৰত আনিলা মুকুতাৰ সম্ভাৰ ;

 

জাতীয়তাৰ হ'কে মাতিলা মাত

ভোটা তৰা হৈ জাতিস্কাৰ হ'লা ধৰাত ।

 

নতুন  যুগৰ তুমি ফিৰিঙতি 

তুমিয়েই আনিলা সংস্কৃতিত প্ৰগতি;

 

হে বিদ্ৰোহী বিপ্লৱী বীৰ তোমাক প্ৰণামোঁ

তোমাক শতকোতি  শ্ৰদ্ধা  নিবেদিলোঁ ।

****************


পুষ্পাঞ্জলী পাংগিং গাম 

নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ত 

সহঃ শিক্ষয়ত্ৰী

শিক্ষাখণ্ড- ছমৰীয়া।

*******************


অলংকৰণ- সুৰভি দাস




Post a Comment

0 Comments