header ads

সম্পাদকীয়

 সম্পাদকীয়


 লগন উকলি গ'ল.............

        সঁচাকৈয়ে সময় চিৰন্তন প্ৰবাহমান। ৰৈ নাথাকে সময় কাৰো বাবে । সময়ৰ কোবাল গতিত ৰৈ যায় মাথোঁ আমি কৰা সুকৰ্মবোৰ । ২০২০ চনৰ মাৰ্চ মাহৰপৰা গোটেই পৃথিৱী তথা ভাৰতৰ অন্য ৰাজ্যৰ লগতে অসমৰ সৰ্বস্তৰত কোভিড-১৯ মহামাৰীয়ে এক কল্পনাতীত প্ৰভাৱ পেলালে । জীৱন ধাৰণৰ মানদণ্ডৰ কথা বাদেই দিলোঁ, আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ল নিম্ন শ্ৰেণীৰপৰা উচ্চ পৰ্যায়লৈ সমূহ শিক্ষাৰ্থী। বিগত বছৰটো তেনেকৈয়ে উকলিল তথাপিও আমি শিক্ষাৰ্থীসকলৰ শিক্ষাৰ সু-ব্যৱস্থা কৰাত কিমান সফল হৈছোঁ সেয়া চিন্তনীয়।

     এইবছৰ বিশ্ব পৰিৱেশ দিৱস পালনৰ সময়ত আমি সকলোৱে মৰ্মাহত হলো অক্সিজেনৰ অভাৱত চিকিৎসালয়ত ৰোগীৰ কৰুণ মৃত্যুৰ দৃশ্য দেখি। লগন উকলি গৈ আছে আৰু এতিয়া আমাৰ সকলোৱে সংকল্প লৈ আগবঢ়াৰ সময়। আমি সকলোৱে মানৱ সম্পদ সু-পৰিকল্পনাৰে গঢ়া আৰু প্ৰকৃতিক পুনৰুদ্ধাৰ কৰাৰ  কাৰণে নিজৰ ঘৰখন, শিক্ষানুষ্ঠানৰপৰাই এক জন আন্দোলন গঢ়ি তোলাৰ সময় সমাগত। 

পৰজনমৰ শুভলগনত.........

          ২০২০ চনৰ আগষ্ট মাহত সংৰোপিত ই-আলোচনী 'জ্ঞানম' আজি প্ৰায় এবছৰীয়া হ'ল। এই ষষ্ঠ সংখ্যাৰ শুভ উন্মোচনৰ সময়ত বিগত বছৰৰ বিভিন্ন স্মৃতিয়ে শিঁহৰিত কৰি তুলিছে অন্তৰাত্মা। শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ এই বৌদ্ধিক জনজাগৰণে জিলাখনৰ শৈক্ষিক ক্ষেত্ৰত অৰিহণা যোগাবলৈ  যৎপৰোনাস্তি চেষ্টা কৰি আছে। আশা কৰোঁ, এই যাত্ৰা সফলতাৰ শিখৰলৈ অবিৰতভাৱে আগুৱাই যাব ।

'জ্ঞানম'ৰ জ্ঞান-গৰিমাই আমাৰ আশাবোৰ পূৰণ কৰিব, সকলোৰে হৃদয়ত বাংময় হৈ থাকক তাৰেই সেউজীয়া সপোন.. 

 

শ্ৰদ্ধাৰে,

কৃষ্ণা সোণোৱাল

তীৰ্থমণি ডেকা

সম্পাদকদ্বয়, 

ই-আলোচনী 'জ্ঞানম'







Post a Comment

0 Comments