header ads

সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ সুযোগ্য পুত্ৰ হেমৰাজ ৰাভাৰ সৈতে সাক্ষাৎকাৰ






"সৰু সৰু জুৰি-নিজৰি উপনৈৰ সমন্বিত শকতিৰ দ্বাৰা যেনেকৈ ব্ৰহ্মপুত্ৰই তাৰ বিশালতা আৰু বিৰাটতা লাভ কৰিছে, ঠিক তেনেকৈ অসমৰ বহুজাতি, উপজাতি আৰু জনজাতিৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্যয়ো বিশালতা আৰু বিৰাটতা লাভ কৰিছে" । ( বিষ্ণুপ্ৰসাদ ৰাভা ) ।

মহাপুৰুষীয়া ধৰ্ম-সংস্কৃতি আৰু ধ্যান-ধাৰণাক পুনৰীজ্জিৱিত কৰি উত্তৰ-পূব ভাৰতৰ সকলো জাতি-জনজাতিক একত্ৰিত কৰি জীৱনৰ আদিছোৱাতে বৰ অসমৰ সপোন দেখা ; 'হাল যাৰ, মাটি তাৰ' শ্লোগানেৰে শোষিত জনতাৰ হকে মাত মাতি এখন শ্ৰেণীহীন সমাজ গঢ়িবৰ বাবে সংগ্ৰাম চলাই যোৱা ; 'বিশ্বৰ ছন্দে-ছন্দে মহানন্দে আনন্দে নাচা', 'সুৰৰে দেউলৰে ৰূপৰে শিকলি' আদি ডেকাৰ পৰা বুঢ়ালৈকে মন-প্ৰাণ পুলকিত কৰা অজস্ৰ সৃষ্টিৰ সুৰকাৰ-গীতিকাৰ ; ষোল্ল-কলাৰ অধিকাৰী, তেখেত এক ব্যক্তি-সত্বায়েই নাছিল, আছিল এক জীৱন্ত কিংবদন্তি । হয়, আজি 'জ্ঞানম'ৰ মজিয়াত আমি এই গৰাকী হিয়াৰ আমঠু ৰাভাদেৱক তেখেতৰ ৫২তম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ । জনতাৰ শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে জানিবলগীয়া বহু কথাই আছে । সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে নজনা কথাৰ সম্ভেদ লোৱাৰ উদ্দেশ্যে আমি ৰাভাদেৱৰ সুযোগ্য পুত্ৰ হেমৰাজ ৰাভা দেৱৰ কাষ চাপিছিলোঁ । তেখেতৰ সাক্ষাৎ গ্ৰহণ কৰিছিল জ্ঞানমৰ অন্যতম সদস্যা শ্ৰীপূবালী শইকীয়া দাসে ।

** জ্ঞানম --- বিষ্ণু ৰাভা অসমৰ সাহিত্য-সংস্কৃতি, জাতীয় চেতনাৰ শিৰে-শিৰে প্ৰৱাহিত হৈ থকা এটি বিশেষ নামেই নহয়, অসমীয়া জাতীয়-জীৱনৰ এক সৌজ্জ্বল নক্ষত্ৰ ; এক বিৰল প্ৰতিভাধৰ, বিশ্বজনীন মানৱতাবাদী সত্তা । তেখেতৰ জীৱন-দৰ্শন সামৰি কিছু কথা আপোনাৰ পৰা জানিব বিচাৰোঁ ।

## হেমৰাজ ৰাভা--- বিষ্ণু ৰাভাৰ জীৱন-দৰ্শন এক জটিল বান্ধোনত আবদ্ধ এক বৃহৎ প্ৰশ্নবোধক চিহ্ন । একেলগে সকলো দিশ সামৰি লৈ এটি জীৱন প্ৰবাহিত কৰিবলৈ সক্ষম হোৱাটো কেৱল এজন ঈশ্বৰ প্ৰদত্ত ব্যক্তিৰ ক্ষেত্ৰতহে সম্ভৱ । বিষ্ণু ৰাভাই একাধাৰে সংস্কৃতি , ৰাজনীতি , সাহিত্য , চিত্ৰকলা ইত্যাদি সকলো গুণৰ অধিকাৰী হোৱাৰ সামৰ্থ্যতা পাইছিল একমাত্ৰ তেখেতৰ সমাজ গৱেষণা কৰাৰ গুণৰ বাবে । তেওঁ য'লৈকেই গৈছিল , সেই ঠাইৰ সমাজ ব্যবস্থা, সংস্কৃতি , ৰীতি-নীতি খৰচি মাৰি আয়ত্ব কৰি লৈছিল । সেয়েহে তেখেতক কোনো সভা-সমিতিলৈ নিমন্ত্ৰণ কৰিলে তিনিদিন মান আগতেই গৈ ওলাইছিল যাতে সেই ঠাইৰ বিষয়ে কিছু জ্ঞান আহৰণ কৰিব পাৰে । সংগীতৰ শিক্ষা তেওঁ বাল্যকালৰ পৰাই লাভ কৰিছিল । কালাচান্দ সৰকাৰ , গহৰজান বিবিৰ পৰা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ আভাস সৰুকালতেই ঢাকাত লাভ কৰিছিল । আটাইতকৈ ডাঙৰ বিষয়টো হৈছে - ইমানখিনি বিষয়ৰ জ্ঞান অতি পৰিপাটীকৈ মেনেজ কৰাটো । স্মৃতিশক্তিও আছিল প্ৰবল । এবাৰ এজন মানুহক লগ পালে তেখেতে মানুহজনক নাপাহৰিছিল । সাম্যবাদ যদিও তেখেতৰ ৰাজনৈতিক আদৰ্শ আছিল ,কিন্তু সেই আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈছিল মহাপুৰুষ শংকৰদেৱৰ সমাজ-সংস্কাৰৰ প্ৰথাৰ দ্বাৰাহে । মহাপুৰুষজনাক সেয়েহে তেখেতে এজন ধৰ্মগুৰুৰ সলনি এজন সমাজ-সংস্কাৰৰ আদৰ্শ পুৰুষ হিচাবে গণ্য কৰিছিল । এজন ব্ৰিটিছৰ উচ্চ পদস্থ সামৰিক বিষয়াৰ পুত্ৰ হৈও জীৱন কটাইছিল অতি সৰল দৰিদ্ৰ মানুহৰ দৰে । সেইবুলি তেখেতৰ মনত কোনো ক্ষোভ নাছিল ।


** জ্ঞানম--- অসমীয়া বৌদ্ধিক মহলে মাত্ৰ এক শিল্পী সত্তাৰ চিনাকিৰ মাজতে ৰাভা দেৱক ধৰি ৰাখিবলৈ চেষ্টা কৰিছে বুলি প্ৰায়েই অভিযোগ শুনা যায়। কিয়নো, তেওঁ এগৰাকী শিল্পী হোৱাৰ উপৰিও আছিল সুদক্ষ খেলুৱৈ, ৰাজনীতিবিদ, সুবক্তা, জাতীয়তাবাদী চেতনাৰে উদ্ধুদ্ধ এগৰাকী প্ৰকৃত দেশপ্ৰেমিক। এজন পুত্ৰ হিচাপে আপুনি পিতৃৰ ইমানবোৰ প্ৰতিভাৰ অন্তৰালত কি কি প্ৰভাৱ জড়িত হৈ আছে বুলি ভাবে ?

## হেমৰাজ ৰাভা --- সেইটো নিৰ্ভৰ কৰে প্ৰতিটো ক্ষেত্ৰৰ বিশেষজ্ঞসকলে কেনে ধৰণে গ্ৰহণ কৰে। আজি সংস্কৃতিৰ ক্ষেত্ৰখনৰ ব্যক্তিসকলে তেওঁক কলাগুৰু হিচাপে গ্ৰহণ কৰিবলৈ সংকোচ কৰা নাই, বৰঞ্চ গৌৰৱ অনুভৱহে কৰে, কিন্তু আন ক্ষেত্ৰত সেই ক্ষেত্ৰৰ বিশেষজ্ঞসকলে এক প্ৰতিযোগিতামূলক ভাৱধাৰাৰে তেখেতক গ্ৰহণ কৰিবলৈ অনিচ্ছুক । যেনে - তেখেতৰ ৰাজনৈতিক আদৰ্শৰ ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰৰ লোকসকলে মহাপুৰুষ শংকৰদেৱৰ প্ৰাসংগিকতা আনিবলৈ অনিচ্ছুক । তেওঁলোকেই মহাপুৰুষজনাক কেৱল ধৰ্মগুৰু হিচাপেই প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে । ঠিক তেনেদৰেই সাহিত্যৰ ক্ষেত্ৰতো সাহিত্যিকসকল জনগোষ্ঠীয় ভাষাৰ শব্দ ব্যৱহাৰৰ পক্ষপাতী নহয় ; গতিকে বহু ক্ষেত্ৰত তেখেতক সাহিত্য জগতৰ পৰাও একাষৰীয়া কৰা পৰিলক্ষিত হয় । খেলুৱৈ হিচাবে যদি ক'বলৈ যাওঁ যিবোৰ খেলে আজিকালি জনপ্ৰিয়তা লাভ কৰিছে, সেই খেলবোৰে তেতিয়া তেনে জনপ্ৰিয়তা পোৱা নাছিল । মাথো খেলবোৰ চাই দৰ্শকে তৃপ্তিহে লাভ কৰিছিল । ফলত অসমত খেলবোৰৰ বিশেষজ্ঞ সেইসময়ত নাছিল যে বিষ্ণু ৰাভাৰ খেল চাই তেখেতৰ পাৰদৰ্শিতাৰ বিষয়ে একলম থৈ যাব । ইপিনে শংকৰদেৱৰ প্ৰাসংগিতা আহে বাবেই কমিউনিষ্টসকলে তেখেতক এঘৰীয়া কৰি থৈছে আৰু আনপিনে কমিউনিষ্ট হোৱাৰ বাবেই আন মতাদৰ্শৰ ৰাজনীতিবিদসকলে তেখেতক সহজে গ্ৰহণ কৰিবলৈ অপাৰগ ।


** জ্ঞানম --- সৰ্বসাধাৰণলোকে তেখেতৰ বিষয়ে নজনা কিছু কথা জানিব বিচাৰো আপোনাৰ পৰা ।

## হেমৰাজ ৰাভা --- ময়ো সৰ্বসাধাৰণলোকৰ মাজৰেই এজন । যেতিয়া দেউতাৰ মৃত্যু হৈছিল তেতিয়া মই সৰু আছিলোঁ । গতিকে এনে কোনো বিষয় বা কৰ্মৰাজি নাই যিটো সৰ্বসাধাৰণ ৰাইজে নজনাবোৰ মই জানিম । মই দেউতাৰ বিষয়ে যিখিনি আহৰণ কৰিছোঁ সেইয়া জনসাধাৰণৰ পৰাই সংগ্ৰহ কৰা । কিন্তু দেউতাৰ বিষয়ে অধ্যয়ন কৰি এটা কথাই অনুভৱ কৰিলোঁ যে অপাৰ জ্ঞানৰ অধিকাৰী হ'বলৈ হ'লে নিজৰ অধ্যৱসায় , একাগ্ৰতা আৰু এটি গৱেষণামূলক মানসিকতাৰ নিতান্তই প্ৰয়োজন । বিষ্ণু ৰাভাৰ কোনো নিৰ্দিষ্ট গুৰু নাছিল । অ'ৰ-ত'ৰ পৰা জ্ঞানৰ মৌ সংগ্ৰহ কৰি নিজৰ জ্ঞানৰ ভঁৰালত এক বিশাল মৌকোঁহৰ সৃষ্টি কৰিছিল তেওঁ । তথাপি তেখেতৰ অজ্ঞাতবাসৰ বিষয়ে জানিবলৈ হ'লে ভূবিন ৰাভাদেৱৰ ' অজ্ঞাতবাসত বিষ্ণু ৰাভা ' নামৰ কিতাপখনত যথেষ্ট তথ্য পোৱা যাব । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেখেতৰ সমসাময়িক কোনো এজন লোকেও সভা-সমিতিত ভাষণ দি ফুলৰ মালা লোৱাৰ বাহিৰে তেখেতৰ বিষয়ে লিপিবদ্ধ কৰি একো লেখা নতুন প্ৰজন্মৰ বাবে এৰি থৈ নগ'ল । ই এটা বৰ দুঃখজনক বিষয় । কেৱল কেইজনমান ব্যক্তিয়েহে পাৰ্যমানে নিজাববীয়াকৈ চেষ্টা কৰি তেওঁৰ বিষয়ে লিখি থৈ যায় । সেইখিনিৰেই বিষ্ণু ৰাভাক মূল্যাংকন কৰিবলৈ পৰ্যাপ্ত নহয় । কিন্তু তেজপুৰ বিশ্ববিদ্যালয়ৰ শ্ৰীযুত মদন শৰ্মাদেৱে কৈছিল-" লিওনাৰ্ডো -দ্যা -ভিন্সিৰ দৰে মগজুৰ ব্যক্তি অসমতো জন্ম গ্ৰহণ কৰিছিল বিষ্ণু ৰাভা হিচাপে, অসমে কেৱল বিষ্ণু ৰাভাক আদৰ কৰিবলৈ নিশিকিলে । আজিৰ দৰে কোনো অত্যাধুনিক প্ৰযুক্তিৰ যোগাযোগৰ ব্যৱস্থা নথকা স্বত্বেও বিষ্ণু ৰাভাই অসমত থাকি তেওঁলোকৰ দৰে চিন্তা কৰিব পাৰিছিল । যেন এক টেলিপ্যেথিৰ দৰেহে আছিল । এক অদ্ভুত কাকতলীয়া চিন্তাৰ সমীকৰণ ।


** জ্ঞানম--- কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আপুনি এগৰাকী সুযোগ্য সন্তান তাত সন্দেহ নাই । ক্ষণিকৰ বাবে হ'লেও সেই ঠাইৰ পৰা আঁতৰি আহি বিষ্ণু-প্ৰেমী এগৰাকী সাধাৰণ ব্যক্তি হিচাপে বিষ্ণু ৰাভাক চিৰকাললৈ সজীৱ কৰি ৰাখিবলৈ নতুন প্ৰজন্মক কি কি কামৰ বাবে উৎসাহিত কৰিব ? 

## হেমৰাজ ৰাভা --- এজন মহৎলোকৰ সন্তান হোৱাটো খুবেই সহজ, কিন্তু সুযোগ্য সন্তান হোৱাটো অতিকৈ কঠিন । গতিকে সুযোগ্য সন্তান বুলি মোক অভিহিত কৰিলে লাজ পাওঁ । আজি যি উপলদ্ধি কৰিছোঁ ৰজাঘৰীয়াতকৈ ৰাইজেহে বিষ্ণু ৰাভাক সজীৱ কৰি ৰাখিছে । আটাইতকৈ ভাল লগা কথাটো হ'ল আজিৰ নতুন প্ৰজন্মই কোনো চৰকাৰী অনুষ্ঠানলৈ গৈ বিষ্ণু ৰাভাৰ বিষয়ে জ্ঞান আহৰণ কৰা নাই । তেওঁলোকে ৰাইজৰ পদূলিয়ে পদূলিয়ে গৈ বিষ্ণু ৰাভাৰ বিষয়ে জানিবলৈ প্ৰয়াস কৰিছে । নতুন প্ৰজন্মক বিষ্ণু ৰাভাক চিৰদিনলৈ সজীৱ কৰি ৰাখিবলৈ মই কোনো পৰামৰ্শ দিয়াৰ প্ৰয়োজন নাই । তেওঁলোকে বিষ্ণু ৰাভাক হৃদয়তে ৰাখি এক বিশাল সংগ্ৰহালয়ৰ নিৰ্মাণ কৰিছে যিটো কোনো পৰাক্ৰমী ৰজাইও ভাঙি চুৰমাৰ কৰিব নোৱাৰে । তথাপিও তেওঁলোকে যিখিনি বিষ্ণু ৰাভাৰ বিষয়ে সংগ্ৰহ কৰিছে সেইখিনি ভৱিষ্যতৰ বাবে লিপিবদ্ধ কৰি গ'লে সুখী হ'ম । নৱ প্ৰজন্মৰ বহুতৰ বাবে বিষ্ণু ৰাভা আজিও আদৰ্শ পুৰুষ ।

 

** জ্ঞানম --- যিগৰাকী ব্যক্তিৰ মন-মগজু, শিৰা-উপশিৰাই বৈপ্লৱিক চেতনা প্ৰৱাহমান, তেনে এগৰাকী ব্যক্তি ৰাভা দেৱৰ বৈপ্লৱিক দৰ্শন আৰু আধুনিক যুগৰ বিপ্লৱী সকলৰ মাজত আপোনাৰ দৃষ্টিত কি কি প্ৰভেদ দেখিবলৈ পোৱা যায় ?

## হেমৰাজ ৰাভা --- বিপ্লৱ জনতাৰ মনত উমি উমি জ্বলি থকা এটি উত্তপ্ত অনুভৱ । যি নেতাই সেই জুই দপদপকৈ জ্বলি উঠাত সহায় কৰে তেৱেঁই হৈ পৰে এজন বিপ্লৱী নেতা । বিষ্ণু ৰাভা আছিল জনঅৰণ্যৰ মাজত থাকি বিপ্লৱ কৰা বিপ্লৱী । জনতাৰ সমস্যাক সঠিকভাৱে অনুধাৱন কৰি সেই সমস্যাবোৰৰ সমাধানৰ বাবে জনতাক সক্ৰিয় কৰি বিপ্লৱৰ পথেৰে আগুৱাই যোৱাত দিকদৰ্শক হোৱাটোৱেই আছিল বিষ্ণু ৰাভাৰ বৈপ্লৱিক আদৰ্শ । জাতীয়তাবাদেই হওক, সাম্যবাদেই হওক ; জনতাৰ সমস্যাৰ সঠিক অধ্যয়ন অবিহনে বিপ্লৱ অসম্ভৱ । হয়তো বিষ্ণু ৰাভাৰ বিপ্লৱৰ প্ৰতি ধাৰণা সেইটোৱেই আছিল । সমস্যাৰে জৰ্জৰিত জনতাৰ পৰা দূৰৈত অৱস্থান কৰি বিপ্লৱ কৰাৰ পক্ষপাতী বিষ্ণু ৰাভা নাছিল । সেয়েহে বিষ্ণু ৰাভাৰ বিপ্লৱত ৰাইজে হিয়া উজাৰি সহাঁৰি জনাইছিল । চৰকাৰী পুলিচৰ পৰা ৰাইজেই লুকুৱাই ৰাখিছিল বিষ্ণু ৰাভাক । নিজৰ আদৰ্শক জলাঞ্জলি দি বিষ্ণু ৰাভাই কেতিয়াও আপোচ কৰা নাছিল । ব্ৰিটিছ চৰকাৰে তাহানি ডি.এছ.পিৰ চাকৰি উপহাৰ হিচাপে দিয়াৰ পিছতো গ্ৰহণ কৰা নাছিল তেওঁ । আনকি শেষ অৱস্থাত তদানীন্তন মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহাদেৱে কংগ্ৰেছত যোগদান কৰিলে মুখ্যমন্ত্ৰী পদটো বিষ্ণু ৰাভাক দিয়াৰ কথা কোৱাৰ পিছতো নিজৰ আদৰ্শ আৰু স্থিতিত বিষ্ণু ৰাভা অটল থাকিল । কিন্তু আজিৰ বিপ্লৱী বা নেতাসকলৰ মাজত তেনে আদৰ্শ দেখিবলৈ পোৱা নাযায় । আজিৰ বিপ্লৱৰ ফলাফল নেতাসকলৰেই বিশ্বাসঘাটকতা হয় ; ফলত জনতাৰ নেতাসকলৰ ওপৰত আস্থা নোহোৱা হৈ পৰে । সেই নেতাসকলে শাসনভাৰ লৈ জনতাৰ ওপৰত যিমানেই দমন নীতি প্ৰৱৰ্তন নকৰক কিয় , জনতাৰ কটু বাক্যবাণত তেওঁলোকৰ মানসিক ভাৰসাম্য তেওঁলোকৰ অজ্ঞাতেই হেৰাই যাবলৈ ধৰিছে । ইও এক ছায়া বিপ্লৱৰ সূচনা । এই বিপ্লৱত নেতাৰ প্ৰয়োজন নাই । জনতা নিজেই নিজৰ নেতা ।


** জ্ঞানম --- পুত্ৰ হিচাপে ৰাভাদেৱৰ স্মৃতিত কি উল্লেখযোগ্য কাম হোৱাটো বিচাৰে আপুনি ?

## হেমৰাজ ৰাভা --- বিষ্ণু ৰাভা নিজেই এটা বৃহৎ অনুষ্ঠান। বিভিন্ন ঠাই ভ্ৰমণ কৰি জ্ঞানৰ টোপোলা ডাঙৰ কৰি লোৱা Encyclopaedia বিষ্ণু ৰাভা আজি নাই । সেয়েহে একেখন ঠাইতেই বিভিন্ন সংস্কৃতিৰ বিষয়ে জানিবলৈ বিষ্ণু ৰাভাৰ নামত এটি cultural research centre হোৱাটো নিতান্তই প্ৰয়োজন । কিন্তু অসমৰ এচাম লোকে বিষ্ণু ৰাভাৰ নামত সেইটো হোৱাটো নিবিচাৰে । ই সঁচাকৈয়ে অতি দুঃখজনক । ময়েই তৰুণ গগৈৰ দিনত এই প্ৰস্তাৱ তেখেতৰ লগত আলোচনা কৰোতে দিছিলোঁ ; কিন্তু এচামে সেইটো হোৱাটো নিবিচাৰে । ই অসমৰ বাবে অতিকৈ হানিকাৰক । এই শত্ৰুসকলক প্ৰতিহত কৰিব পৰাটোৱেই হ'ব নৱ প্ৰজন্মৰ কৰ্তব্য । 


** জ্ঞানম --- ' লগন উকলি গ'ল ' আৰু 'পৰজনমৰ শুভ লগনত' গীত দুটিৰ সৃষ্টিৰ অন্তৰালৰ কাহিনী কি বুলি ভাবে আপুনি ?

## হেমৰাজ ৰাভা ---'লগন উকলি গ'ল' আৰু 'পৰজনমৰ শুভ লগনত' গীত দুটিৰ অন্তৰালৰ কাহিনীৰ ওপৰত বিভিন্ন জনৰ বিভিন্ন মত । তেখেতৰ অন্যতম পৰম শিষ্য প্ৰয়াত ষড়ানন বৰঠাকুৰৰ মতে এগৰাকী উচ্চ বৰ্ণৰ গাভৰুৰ প্ৰেমত বিষ্ণু ৰাভা পৰিছিল । সেইদৰেই গাভৰু গৰাকীও বিষ্ণু ৰাভাৰ প্ৰেমত পৰিছিল । কিন্তু সেইসময়ত ৰক্ষনশীল সমাজ-ব্যৱস্থাৰ বাবে পৰস্পৰে পৰস্পৰক মনৰ কথা ক'ব পৰা নাছিল । পিছত গাভৰুগৰাকীৰ বিয়া হৈ যায় আৰু সেই বিয়াত প্ৰায়বোৰ যা-যোগাৰ বিষ্ণু ৰাভাই নিজেই কৰি দিছিল । হয়তো সেই শোকতেই এই গীত দুটিৰ সৃষ্টি হৈছিল । এই কাহিনীৰ সত্যতাৰ অৱশ্যে প্ৰমাণ পোৱা গৈছিল বিষ্ণু ৰাভাৰ শেষ সময়ত যেতিয়া মৃত্যুৰ কিছুদিনৰ আগত তেওঁৰ প্ৰেয়সীৰ মুখখন চাবলৈ বিচাৰিছিল আৰু প্ৰায় এঘণ্টামান সময় দুয়ো চকুলো টুকি মৌন হৈ হস্পিতালৰ কোঠাত সোমাই আছিল । যিকি নহওঁক কিছুমানৰ মতে তেখেতৰ প্ৰথমা পত্নী প্ৰিয়বালা দত্তৰ বিয়োগত তেওঁ শোকত ইমানেই ভাগি পৰিছিল যে স্বতঃস্ফুৰ্তভাৱে এই গীত দুটি নিগৰি ওলাই আহিছিল । কিন্তু গীতৰ কথাই প্ৰথম কাহিনীটোকহে বেছিকৈ সমৰ্থন কৰে বুলি ভাবোঁ । অৱশ্যে এতিয়া সুধিবলৈ যিহেতু কোনো নাই গতিকে এক কাল্পনিক কাহিনীয়েই অনুমেয় হৈ থাকিল ।

** জ্ঞানম --- শৈক্ষিক গোট জ্ঞানমৰ তৰফৰপৰা আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ । আপোনাৰ লগত হোৱা সাক্ষাতৰ জৰিয়তে বহু নজনা কথাৰ উন্মেষ ঘটিল। ব্যস্ততাৰ মাজতো আপুনি আমাক এইকণ সময় দিয়াৰ বাবে জ্ঞানম পৰিয়ালৰ হৈ মই আপোনালৈ কৃতজ্ঞতা জনোৱাৰ লগতে আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ । ধন্যবাদ ।

-------------****---------------

সাক্ষাৎ গ্ৰহণ:


পূবালী শইকীয়া দাস

সহ-শিক্ষয়িত্ৰী

খোপনিকুছি প্ৰাথমিক বিদ্যালয়

হাজো শিক্ষাখণ্ড

 

অলংকৰণ- পূবালী শইকীয়া দাস

Post a Comment

0 Comments