header ads

*শিক্ষক দিৱস*

 *শিক্ষক দিৱস*




হাতত এটা ৰঙা গোলাপ লৈ চুচুক-চামাককৈ আহি ঝৰ্ণাই মাকৰ ওচৰত থিয় হ'ল ।কোন মুহূৰ্তত যে তাই মাকৰ হাতত ফুলটো গুজি দি লুপুতকৈ সেৱা কৰিলে, মাক যমুনাই তলকিবই নোৱাৰিলে। দুই হাতেৰে কোলাত লৈ পাঁচ বছৰীয়া ঝৰ্ণাক গালে মুখে চুমা আঁকি দিলে।
"কি হ'ল.. সোণজনী, কিয় সেৱা কৰিলা, আজি কোনে ক'লে তোমাক মোক সেৱা কৰিবলৈ আৰু মই দেখোন শিক্ষক ও নহয়।"
আইতাই কৈছে, "তুমি বোলে মোৰ প্ৰথম গুৰু।"

"সোণজনী মোৰ" বুলি আকৌ এটা চুমা কপালতে আঁকি দিলে ।
"আগেয়ে শিক্ষক দিৱসৰ বিষয়ে ককাৰ পৰা ভালকৈ জানি লোৱা ।তাৰ পিছত দেউতা, ককা-আইতা, ঘৰৰ ডাঙৰ সকলোকে সেৱা জনোৱা। কিয় জানা নে ?"
"কিয় মা ?"
"ককাই সাধু শুনাই, আইতাই বৰগীত আৰু বহুত কিবা কিবি.."
"তুমি দেখোন সকলো জানাই...চাওঁ.. " বুলি আকৌ এটি চুমা খালে ।
"এতিয়া স্কুললৈ যাবলৈ ওলোৱা, চাৰ সকলকো সন্মান জনাব লাগিব যে.."
"উ" বুলি একে দৌৰে তাই ককাৰ ওচৰ পালে ।


অৱলা বৈশ্য
প্ৰবীণ কুমাৰ চৌধুৰী হাইস্কুল
ছমৰীয়া শিক্ষাৰম্ভ
ম'বাইল নং--৯৮৫৯২১৮৫৫৩


অলংকৰণ--

Post a Comment

0 Comments