header ads

চুটি গল্প- বন্ধুত্বৰ মৰম

 বন্ধুত্বৰ মৰম



স্বাধীনতা দিৱস উপলক্ষে চিত্ৰাংকণ প্ৰতিযোগিতা নহ'ব বুলি শুনি বিকিৰ মনটো সেমেকি গ'ল । মনে মনে সি উচুপি উঠিল । কাৰণ বিগত তিনি বছৰে অংকুৰণ গোষ্ঠীয়ে পতা চিত্ৰাংকণ প্ৰতিযোগিতাত সি প্ৰথম স্থান দখল কৰি আহিছে । এইবাৰো সেই আশাকণ বিকিয়ে বাদ দিয়া নাই । কিন্তু কৰ'ণা মহামাৰীয়ে তাৰ আশাত চেঁচা পানী ঢালিব ওলোৱাত সি মনত বহুত বেজাৰ পালে । হঠাৎ সি তাৰ সহপাঠী নীতুলৰ পৰা গম পালে যে চিত্ৰাংকণ প্ৰতিযোগিতা হ'ব য; কিন্তু অন্ লাইনতহে হ'ব । এইবাৰো তাৰ আকৌ আন এটা চিন্তা । তাৰ ডাঙৰ মোবাইল নাই যিহেতু , সি কেনেকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ! মুঠতে তাৰ চিন্তাৰ সমিধান সি বিচাৰি নাপালে ।


           প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব নোৱাৰিব বুলি ভাবি এদিনাখন আবেলি সি দুখ মনেৰে পদূলি মূৰত বহি আছিল । ঠিক তেতিয়াই তাৰ বন্ধু ঋষি দেউতাকৰ লগত সেই ফালেদি আহি ওলালহি ।বিকিক দেখি সি দেউতাকক ৰ'বলৈ ক'লে I বিকিক মন মাৰি থকা দেখি সি বিকিৰ ওচৰলৈ আহি সুধিলে,- "ঐ এনেকৈ মন মাৰি বহি আছ যে ! ক'চোন তোৰ কি হৈছে ? " বিকিয়ে উত্তৰ দিলে, " হওঁতে একো হোৱা নাই পিছে মনটোহে বেয়া ।
" ঐ মন বেয়া হ'বলৈ তোৰ আক' কি হ'ল ?" ঋষিয়ে বিকিক সুধিলে । বিকিয়ে কলে, "তইতো জানই ঋষি, স্বাধীনতা দিৱস উপলক্ষে অংকুৰণ গোষ্ঠীয়ে পতা চিত্ৰাংকণ প্ৰতিযোগিতাত মই একেৰাহে তিনিবাৰকৈ প্ৰথম পুৰস্কাৰ পাই আহিছোঁ । কিন্তু কৰ'ণা মহামাৰীৰ কাৰণে এইবাৰ হেনো প্ৰতিযোগিতাখন অনলাইন যোগে হে পাতিব । মই কেনেকৈ যোগদান কৰিম ক'চোন, মোৰ যে ডাঙৰ মোবাইল নাই ! দেউতাক বহুত দিন ক'লো ডাঙৰ মোবাইল এটাৰ কথা । দেউতাই কেৱল কয়," বস্তুৰ যিহে জুই ছাই দাম ! তাতে আকৌ কৰ'ণাৰ কাৰণে মানুহে কাম কৰিবলৈও মাতিব নোখোজে । তেনে পৰিস্থিতিত পেটৰ ভাত মুঠিৰ কথা চিন্তা কৰিম নে মোবাইলৰ কথা চিন্তা কৰিম সোণ ?" ... তাৰ কথা শুনি ঋষিয়ে ক'লে,-" অ' তেনেহ'লে কথা সেইটো হে । সেইটোৰ কাৰণে তই ইমান চিন্তা কৰিব লাগিছেনে ? শুন, আমাৰ মা আৰু দেউতাৰ দুটা মোবাইল । মই মাৰ মোবাইলেৰে আৰু তই দেউতাৰ মোবাইলেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবি, কথা শেষ । গতিকে তই সকলো চিন্তা বাদ দি স্বাধীনতা দিৱসৰ লগত সংগতি থকা এখন ধুনীয়া ছবি আঁকি দে । বাকী ব্যৱস্থা মই কৰিম ।"
বিকিয়ে চকু দুটা বহলকৈ মেলি দি ঋষিক সুধিলে,- "তই সচাঁই কৈছ নে ঋষি ? "
ঋষিয়ে ক'লে, আৰু কি ? মিছা ক'বলৈ মোক কিহে পাইছে ? বিশ্বাস নকৰিলে দেউতাক সোধ । " ঋষিৰ কথাত দেউতাকেও হয়ভৰ দিলে ।  

         বন্ধুৰ সঁচা মৰম দেখি বিকিৰ মুখত হাঁহি বিৰিঙিল । সি আনন্দতে ঋষিক সাৱটি ধৰিলে ।


চন্দনা হীৰা

সহ: শিক্ষয়িত্ৰী

বঙৰা পাছনীয়া পাৰা মজলীয়া বিদ্যালয়
শিক্ষাখণ্ড - ৰামপুৰ
ফোন নং -৭০০২৭৮৫৯২৩


Post a Comment

0 Comments