header ads

 ----শ্ৰীগুৰু শংকৰৰ ঐশ্বৰিক গুণৰাশিত এভুমুকি----

যদা যদাহি ধৰ্ম্মস্য
গ্লানিৰ্ভৱতি ভাৰত
অভ্যুত্থানম ধৰ্ম্মস্য
তদাত্মনং সৃজামহ্যম
পৰিত্ৰাণায় সাধুনাং
বিনাশায় চ দৃষ্কৃতাম্
ধৰ্ম্মসংস্থাপনাৰ্থায়
সম্ভৱামি যুগে-যুগে --
পৰমব্ৰহ্ম ভগৱান বিশ্বৰ সকলোৰে বাবে এজন ৷ এই বিশ্ব নিয়ন্তাজনেই আমাৰ সকলোৰে সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা ৷ যেতিয়াই পৃথিৱীত ধৰ্মৰ সংকট হয় আৰু অধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়ে তেতিয়াই দুষ্কৃতিকাৰীক বিনাশ কৰি পুনৰ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ ভগৱানৰ আৱিৰ্ভাৱ হয় ৷
সত্য, ত্ৰেতা, দ্বাপৰ, কলি– এই চাৰিযুগত ভগৱানে এই দশ-অৱতাৰ ধৰাৰ উপৰিও ভক্তৰ আহ্বানত কেতিয়াবা কেতিয়াবা আসুৰিক শক্তি নিধন আৰু সমাজৰ কলুষিত কাৰ্য আঁতৰ কৰাৰ বাবে আংশিক ৰূপতো আত্মপ্ৰকাশ কৰিছিল ৷ প্ৰভু শ্ৰীকৃষ্ণই কংসৰ কাৰাগাৰাত দৈৱকীৰ গৰ্ভত জন্মি গোকুল ধামলৈ আহিছিল যশোদাৰ পুত্ৰৰূপে পালিত হ’বলৈ ৷ গোকুলত সাধাৰণ মানৱ শিশুৰূপে জন্ম লাভ কৰিলেও ভগৱানৰ পূৰ্ণ মাহাত্ম্যৰ স্বৰূপ নানা কাৰ্যৰ মাজেৰে প্ৰতিভাত কৰাইছিল ৷ শেষত মোমায়েক কংসক নিধন কৰি দ্বাৰকালৈ শান্তি আনিছিল ৷

ঠিক তেনেদৰে পৃথিৱীৰ ভিন ভিন দেশত যেতিয়াই অশান্তি, অত্যাচাৰ বাঢ়িছিল , তেতিয়াই ভগৱানৰ অংশৰূপে একো একোজন মহান পুৰুষৰ জন্ম হৈছে সমাজৰ শৃংখলতাৰ বাবে ৷ ভাৰতৰ মহান মুনিসকল, বুদ্ধদেৱ, হজৰত মহম্মদ, গুৰুনানক, মহাবীৰ, শংকৰদেৱ, কবীৰ, চৈতন্যদেৱ আদি আছিল ভগৱানৰে আংশিক অৱতাৰ ৷ এওঁলোকৰ দ্বাৰাই একো একোটা ধৰ্ম প্ৰতিষ্ঠাৰ মাধ্যমেৰে সমাজত শান্তি-শৃংখলা বজাই ৰাখিছিল সৃষ্টিৰ গতিশীলতাৰ বাবে ৷

আমাৰ পুণ্যভূমি অসমতো যেতিয়াই শাক্ত ধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়ি সমাজখনত অশান্তি, অত্যাচাৰে গা কৰি উঠিছিল , তেতিয়াই পৰমব্ৰহ্মই অসমীয়া জাতিৰ জনক শ্ৰীশ্ৰীশংকৰদেৱ ৰূপে জন্ম লৈছিল ৷ অসমৰ পৱিত্ৰ ভূমি নগাঁও জিলাৰ বৰদোৱাত গুৰুজনাই জন্মগ্ৰহণ নকৰাহেঁতেন শাক্তপন্থীৰ কৰালগ্ৰাসত অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন যে হ’লহেঁতেন , ই ধুৰূপ আছিল ৷ শ্ৰীগুৰু শংকৰদেৱ যে ভগৱানৰেই আংশিক অৱতাৰ আছিল তাকেই ফঁহিয়াই চোৱাৰ উদ্দেশ্যেই এই প্ৰৱন্ধৰ অৱতাৰণা ৷ দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণই শিশু কালত দেখুওৱা নানা ঐশ্বৰিক গুণৰাশিৰ লগত শ্ৰীগুৰু শংকৰদেৱৰো জীৱনৰ নানা কাৰ্যত এই ঐশ্বৰিক গুণ লক্ষ্য কৰা যায় ৷ যিবোৰ গুণ আৰু মাহাত্ম্যৰ বাবে তেওঁক ঈশ্বৰৰ অৱতাৰ আছিল বুলি নকৈ নোৱাৰি ৷

অসমৰ বিখ্যাত বাৰভূঞাসকলৰ শিৰোমণি পুৰুষ আছিল শ্ৰীমন্ত শংকৰ গুৰু৷ তেওঁৰ আদি পুৰুষৰ পৰিচয় বৈচিত্ৰ্যময় আছিল বুলিও কথা গুৰু চৰিতত পোৱা যায় ৷
শংকৰ গুৰুৰ আদি পুৰুষৰ পৰিচয় আছিল হেনো এনে ধৰণৰ----
আদিপুৰুষ প্ৰেম পূৰ্ণানন্দ গিৰি
কৃষ্ণ গিৰি
সুৱৰ্ণ গিৰি
গন্ধৰ্ব গিৰি
ৰাম গিৰি
হেম গিৰি
হৰিবৰ গিৰি
জীয়েক কৃষ্ণকান্তি
শিৱৰ ঔৰষত কৃষ্ণকান্তিৰ গৰ্ভত
লণ্ডাৱৰ
চণ্ডীৱৰ
ৰাজধৰ
সূৰ্যবৰ
কুসুম্বৰ
শংকৰদেৱ ৷
চৰিতকাৰসকলে স্বীকাৰ কৰি গৈছে যে ঈশ্বৰৰ অংশ বা পূৰ্ণাৱতাৰ বুলি যিসকল মহাপুৰুষ প্ৰসিদ্ধ , তেওঁলোকৰ জীৱনৰ ঘটনাবোৰত অলৌকিকতাৰ সংমিশ্ৰণ থাকে ৷ শংকৰ গুৰুৰ বাল্যকালৰ ভালেমান ঘটনাৰ লগত শ্ৰীকৃষ্ণৰ বাল্যকালৰ নানা ঘটনাৰ সাদৃশ্য আছে বুলি দৃঢ়তাৰে প্ৰতিপন্ন কৰিব পাৰি ৷

এই ঘটনাবোৰত কোমল আঁচোৰ মাৰি ক’ব পাৰি যে কুসুম্বৰ ঔৰসত সত্যসন্ধ্যাৰ গৰ্ভত যেতিয়া শংকৰৰ জন্ম হৈছিল , তেতিয়া জন্মৰ কেইদিনমান পিছতে পেহীয়েকে নৱ প্ৰসূতাবালক শংকৰক চাবলৈ অশুচি গাৰে কোলাত লোৱাত তেওঁৰ চকু থৰ হৈ বিমূৰ্চ্ছিত হৈ ঢলি পৰিছিল ৷ এই ঘটনাটো কংসই শিশু কৃষ্ণক বধ কৰিবলৈ পঠোৱা পুতলা বধৰ লেখিয়া বুলি চৰিতকাৰসকলে কয় ৷ কাৰণ পুতনাইও শিশু কৃষ্ণক কোলাত লৈ বিষস্তন মুখত দি মুখলৈ চাই থাকিয়ে চেতনা হেৰুৱাই ঢলি পৰি মৃত্যুক আঁকোৱালি লৈছিল ৷

আকৌ এদিন বুঢ়ীমাক খেৰসুতীয়ে (জন্মৰ তিনিদিন পাছতে মাক সত্যসন্ধ্যাৰ মৃত্যু হোৱা বাবে) শিশু শংকৰক শয্যাত শুৱাই থৈ অন্য এটা ঘৰত কিবা কাম কৰি থাকোতে শংকৰ শোৱা ঘৰটি ভাগি পৰিছিল ৷ এই কাৰ্যটোত হুৱাদুৱা লাগিছিল যদিও ঘৰটোৰ কোনো অংশ শংকৰৰ গাত নালাগি আলাসতে ৰৈ আছিল ৷

শংকৰ ভূমিস্থ হোৱাৰ লগে লগে ভূঞাসকলৰ ঘৰৰ দেৱীমূৰ্তিৰ আগত জ্বলি থকা বন্তিবোৰ নুমাই গৈছিল আৰু মূৰ্তিবোৰ কাতি হৈ পৰিছিল ৷ ভূঞাসকলৰ ঘৰত এশ পূৰা সৰিয়হ থকা সৰিয়হৰ ডুলি বাগৰি পৰিছিল ৷ এই কাৰ্যও শ্ৰীকৃষ্ণৰ জন্ম হোৱাৰ লগে লগে কংসৰ কাৰাগাৰত নানা অদ্ভুত ঘটনা , যেনে– পালি-পহৰীয়াবোৰৰ নিদ্ৰাভাৱ, শিল- বৰষুণ আদিৰ লগত মিল আছে ৷

আকৌ আন এদিন শিশু শংকৰক ঘৰৰ ভিতৰত শয্যাত শুৱাই থওতে, চকৰী ফেটী সাপ এডালে হেনো ফণা তুলি তেওঁৰ মূৰত ছত্ৰ কৰি ঘৰৰ চালৰ ফুটাৰে অহা সূৰ্যৰ ৰশ্মিৰ পৰা ৰক্ষা কৰি আছিল ৷ এই ঘটনাও বসুদেৱে যমুনা পাৰ কৰি শিল-বৰষুণৰ মাজেৰে শ্ৰীকৃষ্ণক গোকুললৈ নিওঁতে অনন্ত নাগে ফণাৰে ছত্ৰ ধৰি শিল-বৰষুণৰ পৰা শিশু কৃষ্ণক ৰক্ষা কৰা কাৰ্যৰ লগত ৰিজাব পাৰি ৷

এদিনাখন আকৌ লগৰীয়াসকলৰ লগত শংকৰে ব্ৰহ্মপুত্ৰৰ পাৰত খেলি থাকোতে হঠাৎ বুৰমাৰি পানীৰ তলত ভালেখিনি সময় ওলাই নহাকৈ আছিল৷ তাকে দেখি লগৰীয়াবোৰে ভয়ত কান্দিবলৈ ধৰিছিল আৰু শেষত তেওঁলোকৰ আহ্বানত শংকৰ ওলাই আহিছিল ৷ শংকৰৰ এই কাৰ্য কালিন্দি হ্ৰদত জাপ দি কালিনাগৰ লগত যুঁজ কৰি শেষত গোপবালকসকলৰ কান্দোন, নন্দ যশোদা আৰু অন্যান্য গোপ-গোপীসকলৰ আহ্বানত কালীনাগৰ শিৰৰ ওপৰত নাচি নাচি ওলাই অহা কাৰ্যৰ লগত একে বুলি ক’ব পাৰি ৷

ইয়াৰোপৰি শংকৰে ব্ৰহ্মপুত্ৰ নদীত চৰি ফুৰা শিশু ধৰি আনি মৰম কৰি পুনৰ এৰি দিয়া কাৰ্যও ঐশ্বৰিক গুণ-সম্পন্ন যে আছিল তাক কেতিয়াও নুই কৰিব নোৱাৰি ৷

বাৰ বছৰলৈকে পঢ়াশালিলৈ নগৈ লগৰীয়াৰ লগত কৰা নানা দুষ্টামিবোৰো শ্ৰীকৃষ্ণই মাখন চুৰি কৰি খোৱা আদি নানা দুষ্টামিবোৰৰ লগত সাদৃশ্য দেখা যায়৷

আকৌ এদিনৰ কথা– এটা প্ৰকাণ্ড সাপ ঘৰত সোমাই বুঢ়ীমাক খেৰসুতীক বৰ ভয় খুৱাইছিল ৷ এনেতে শংকৰ ক’ৰবাৰ পৰা আহি সাপটোক থাপ মাৰি নেজত ধৰি চোঁচৰাই টানি-নি চোতাল পোৱাইছিল ৷ পিছত মূৰৰ ওপৰত তুলি ঘূৰাই দূৰলৈ মাৰি পঠোৱাত তাৰ প্ৰাণবায়ু উৰি গৈছিল ৷ শংকৰৰ এই কাৰ্যটোৰ লগত শ্ৰীকৃষ্ণৰ শিশুলীলাৰ বৎসাসুৰ বধৰ কাহিনীটোৰ মিল দেখা যায় ৷

কুৰি বছৰমান বয়সত এদিন শংকৰে কমলিধৰাৰ পৰমানন্দ আতৈৰ সৈতে বাটেৰে গৈ থাকোতে এটা দুষ্ট ষাঁড়ে তেওঁক খুচিবলৈ খেদি অহা দেখি তেওঁ কঁকালত কাপোৰ বান্ধি লৈ দুইহাতে ষাঁড়টোৰ শিঙত ধৰি মুচৰি তাক পিছ হোঁহোকাই পেলাই দিয়াত ষাঁড়টো মৃতপ্ৰায় হৈ অলপ পৰি থাকি পিছত উঠি পলাই লৰ মাৰিছিল ৷ সেই ঘটনাৱলীবোৰ শ্ৰীকৃষ্ণই অঘাসুৰ বধ কৰা ঘটনাৰ লগত তুলনা কৰিব পাৰি ৷

 শংকৰ যে ঈশ্বৰৰ এক অৱতাৰ দৰাচলতে আছিল তাক ক’ব পাৰি পুনৰ কেইটামান কাৰ্যৰ মাজেৰে ৷ এদিন শংকৰে ৰাম ৰাম গুৰুক এটা মন্দিৰ নিৰ্মাণ কৰিব লাগে বুলি ক’লে ৷ ৰাইজে লগ লাগি মন্দিৰৰ ভেটি তুলিবলৈ মাটি খান্দোতে এটা বিষ্ণুমূৰ্তি ওলাল ৷ এই মূৰ্তিকে মন্দিৰত প্ৰতিষ্ঠা কৰি ভূঞাসকলক প্ৰতিষ্ঠালৈ নিমন্ত্ৰণ কৰিলে ৷ ৰাম ৰাম গুৰু পূজাৰীৰ আসনত বহিল ৷ প্ৰতিমাৰ ওচৰতে শংকৰ বহি আছিল ৷ ৰাম ৰাম গুৰুৱে ধ্যান কৰি, মন্ত্ৰ পঢ়ি যি ফুল, তুলসী, চন্দন, পুষ্প-মালা প্ৰতিমাৰ ওপৰত দিছিল , সেই সকলোবোৰ শংকৰৰ মূৰতহে পৰিছিলগৈ ৷ বাৰে বাৰে এনেকুৱা হোৱা দেখি সকলোৱে আচৰিত হৈছিল আৰু শেষত শংকৰকে ভগৱান মানি সেৱা-পূজা কৰিছিল ৷ এই কাৰ্যৰ লগত শ্ৰীকৃষ্ণই মাটি খোৱা বুলি জানি মাক যশোদাই মুখ চাই গোটেই বিশ্বখন মুখৰ ভিতৰতে দেখা কাৰ্যৰ মিল আছে ৷

সাত বৈকুণ্ঠৰ পট আঁকি মহাসমাৰোহেৰে যাত্ৰা কৰা কাৰ্যত শিক্ষাগুৰু মহেন্দ্ৰ কন্দলিও শংকৰৰ গাত ঐশ্বৰিক গুণৰাশি দেখি তবধ মানি সেৱা কৰিছিল ৷ ৰাম ৰাম গুৰুৱেও শংকৰৰ আচৰিত কাৰ্যবোৰত আচৰিত হৈ তেওঁক ঈশ্বৰৰূপে মানি শৰণ লৈছিল ৷

আন এদিনৰ কথা ৷ ভূঞা আৰু বিপ্ৰসকলৰ লগত ফল্গু উৎসৱ কৰোতে পুৰোহিত ৰাম ৰাম গুৰুৱে মন্ত্ৰ মাতি ফাকু গুড়িবোৰ প্ৰতিমাৰ গাত দিছিল ৷ কিন্তু সেই ফাকু গুড়িবোৰ প্ৰতিমাৰ গাত নপৰি শংকৰৰ গাতহে পৰিছিল ৷ ইয়াকে দেখি সকলোৱে শংকৰক ঈশ্বৰ মানি ভক্তিভাৱে প্ৰণাম কৰি পূজা অৰ্চনা কৰিছিল ৷

আন এটা সময়ৰ কথা ৷ টেম্পৰাণি নামৰ জান এটাৰ পানীয়ে খেতিয়কসকলৰ শস্য মাৰি বৰ অনিষ্ট কৰিছিল ৷ খেতিয়কসকলে শংকৰক কোৱাত তেওঁ এজনী শান্তি তিৰোতাৰ দ্বাৰা পলেৰে পানী আনি আৰু এচপৰা মাটি সেই জানত দিলে জানটো বন্ধা যাব বুলি কৈছিল ৷ শেষত ৰাধিকা নামৰ শান্তি নদীয়ালনী এজনীৰ দ্বাৰা এই কাৰ্য সাধন কৰা হৈছিল ৷ ঐশ্বৰিক শক্তিৰ আধাৰ শংকৰৰ কথা মতেই ৰাইজ ৰক্ষা পৰিছিল ৷
ইয়াৰোপৰি খৰাং বতৰত খেতিয়কৰ পানীৰ কষ্ট লাঘৱ কৰিবলৈ শংকৰেই তেওঁলোকৰ অনুৰোধ মৰ্মে বটদ্ৰৱাল গঙ্গাক নিজৰ শক্তিৰ বলেৰে বোৱাই আনি পানীৰ অভাৱ মাৰিছিল ৷ ইয়াতো শ্ৰীগুৰুৰ ঐশ্বৰিক শক্তিৰ পূৰ্ণ পৰিচয়  পোৱা যায় ৷
মুঠতে জগত গুৰু শংকৰ যে ঈশ্বৰৰ অৱতাৰ আছিল তাত সন্দেহ কৰাৰ থল একেবাৰে নাই ৷ ওপৰত উল্লেখিত বিভিন্ন ঐশ্বৰিক গুণসম্পন্ন কাৰ্যবোৰে তাকেই প্ৰমাণ কৰে ৷ সেয়ে জগত গুৰু শংকৰ ঈশ্বৰৰে এক আংশিক অৱতাৰ আছিল বুলি অসমীয়াৰ মাজত প্ৰচলিত হওক তাৰেই কামনা কৰিলোঁ ৷


যোগেন্দ্ৰ কুমাৰ
সহঃ শিক্ষক,
নহিৰা গুইমাৰা আঞ্চলিক, হাইস্কুল, নহিৰা
ৰামপুৰ, শিক্ষাখণ্ড
ম’বাইল নং ঃ ৯৯৫৪৮ ৪২৫৩২






Post a Comment

0 Comments