header ads

সম্পাদকীয়





সময়ৰ গতিশীলতাই আমাৰ 'জ্ঞানম্' ই-আলোচনীখনক দুবছৰীয়া কৰিলে। পৱিত্ৰ শিক্ষক দিৱসৰ দিনা ভূমিষ্ঠ হোৱা আলোচনীখনৰ প্ৰথম বৰ্ষপূৰ্তিত পঢ়ুৱৈ তথা শুভাকাঙ্খীসকলক যাচিছোঁ অলেখ শুভকামনা। আপোনালোকৰ অভূতপূৰ্ব সঁহাৰি, আশীৰ্বাদ শিৰত লৈ ন-উদ্যমেৰে আমি আকৌ আগবাঢ়িছোঁ আপোনাসৱৰ আমাৰ প্ৰতি থকা আস্থা, বিশ্বাসক সাকাৰ ৰূপ দিয়াৰ উদ্দেশ্যে।

এক সুন্দৰ শাৰদীয় বতৰত যেন আমাৰ সকলোৰে মন-প্ৰাণ পুলকিত হৈছে । পৰিস্থিতিও স্বাভাৱিক পৰ্যায়লৈ উন্নীত হ'ব ধৰিছে । আকৌ এবাৰ সুন্দৰ দিনবোৰলৈ উভতি গৈ আছোঁ । কিন্তু আমাৰ সন্মুখত এক বিৰাট প্ৰত্যাহ্বান । অৰ্থনৈতিক, মানসিক, শৈক্ষিক আদি প্ৰতিটো ক্ষেত্ৰতে এক অভাৱনীয় ঘাটি । শৈক্ষিক ক্ষেত্ৰখনৰ কথা উনুকিয়াব বিচাৰিলে বৌদ্ধিক মহল, শিক্ষক সমাজ, অভিভাৱক তথা সমাজ এক গভীৰ চাপৰ সন্মুখীন হৈছে । কণ-কণ শিশুহঁতৰ সৈতে আমি কিদৰে মোকাবিলা কৰিবলৈ সাজু হৈছোঁ ? উচ্চ শিক্ষাৰ কথা নকলোঁৱেইবা । পাৰিমনে ফুলকুমলীয়া শিশুহঁতৰ মানসিক জগতখনত বিচৰণ কৰি আস্থাৰে সিহঁতৰ সপোনবোৰক বাস্তৱায়িত কৰিবলৈ ! আমি নিশ্চয় পাৰিব লাগিব । আহক, আমি সকলোৱে মিলি আগবাঢ়োঁ, য'ত ন- উদ্যম হওঁক আমাৰ চালিকা শক্তি, সু-পৰিকল্পনা হওঁক সঠিক খোজ, নিষ্ঠা হওঁক আমাৰ আত্মবল, সৃষ্টিশীলতা হওঁক আমাৰ ইন্ধন ।
শৈক্ষিক গোট, জ্ঞানম্, কামৰূপ উৎসাহী সদায় সৃষ্টিৰ পথাৰত । ইতিমধ্যে ছটা সংখ্যা প্ৰকাশিত হোৱা ই-আলোচনী 'জ্ঞানম'ত আমি য'ত সম্ভৱ শিক্ষা ক্ষেত্ৰত জড়িত সকলক তেওঁলোকৰ সৃষ্টিশীলতা প্ৰকাশৰ এক মঞ্চ দিয়াৰ চেষ্টা কৰি আহিছোঁ । তদুপৰি আপোনালোক সকলো জ্ঞাত শৈক্ষিক গোট, 'জ্ঞানমে' আলোচনীখন প্ৰকাশৰ লগতে বিগত বৰ্ষত অনুষ্ঠিত কৰা বিভিন্ন শিক্ষামূলক কাৰ্যসূচীৰ বিষয়ে। জিলাখনৰ প্ৰতি থকা সেৱাৰ মনোভাৱেৰে এই দ্বিতীয় বছৰৰ প্ৰাকক্ষণতে যোৱা ৫ ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত অনুষ্ঠিত কৰা হয় এখনি শৈক্ষিক আলোচনাচক্ৰ । কোভিডসৃষ্ট পৰিস্থিতিত প্ৰায় স্থবিৰ হৈ পৰা শিক্ষা ক্ষেত্ৰখনত ছাত্ৰ-ছাত্ৰীৰ শিকন ঘাটি পূৰাবলৈ ল'ব পৰা ব্যৱস্থা , শিক্ষকৰ সমস্যা তথা কৰণীয় আৰু গুণোৎসৱ সম্পৰ্কীয় কিছু কথাক মূল বিষয় হিচাপে লৈ অনুষ্ঠিত কৰা আলোচনা চক্ৰখনত শিক্ষা ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন বিশিষ্ট ব্যক্তিয়ে বহুতো সময়োপযোগী পৰামৰ্শ আগবঢ়ায় । আশা কৰা হৈছে এই তথ্য-পৰামৰ্শখিনিয়ে জিলাখনৰ শিক্ষা ব্যৱস্থাত আশাৰ ৰেঙনি কঢ়িয়াই আনিব ।

শেষত সকলোলৈকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলোঁ । অশুভ শক্তিৰ বিনাশ হওঁক, সকলোৱে কুশলে থাকক।

জয়তু আই অসমী
জয়তু ভাষা জননী
জয়তু জ্ঞানম্


সম্পাদক:-                          
ৰূপাঞ্জলী দাস
সহ - সম্পাদকদ্বয়:-
পূবালী শইকীয়া দাস,  নয়ন মণি দাস I

Post a Comment

2 Comments