header ads

প্ৰৱন্ধ

 ক্ৰীড়া দিৱস



  ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হৈছে বিভিন্ন দেশত পালন কৰা এটা ৰাজহুৱা দিৱস । দেশসমূহৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দলসমূহ তথা পৰম্পৰাগত খেলসমূহৰ সন্মানাৰ্থে এই দিৱস পালন কৰা হয় ।  এই বিশেষ দিনটোত বিভিন্ন বয়সৰ জনতাই কাবাদী, মাৰাথান, বাস্কেটবল, হকী আদি খেলত অংশগ্ৰহণ কৰে। 

         ভাৰতৰ প্ৰধানমন্ত্ৰী দেৱেও কৈছে, “ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হৈছে আমাৰ বিশিষ্ট ক্ৰীড়াবিদসকলৰ স্মৰণীয় সাফল্য উদ্‌যাপনৰ দিন, যিসকলে বিভিন্ন খেলৰ জৰিয়তে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ লগতে আমাৰ দেশক গৌৰাৱান্বিত কৰিছে।”


      কিংবদন্তি হকী খেলুৱৈ ধ্যানচান্দৰ জন্মদিন ২৯ আগষ্ট তাৰিখটো ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। হকীৰ যাদুকৰ বুলি খ্যাত মহান খেলুৱৈ ধ্যানচান্দে ভাৰতৰ হৈ ১৯২৮, ১৯৩২, আৰু১৯৩৬ চনত অলিম্পিকত সোণৰ পদক লাভ কৰিছিল ৷ ১৯২৬ চনৰ পৰা ১৯৪৯ চনলৈকে তেওঁ ৫৭০ টা গ'ল কৰিছিল।  আন্তঃৰাষ্ট্ৰীয় হকীৰ ৰণক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰি দেশক কেইবাবাৰো সাফল্যৰ উচ্চ শিখৰত আৰোহণ কৰাইছিল। ভাৰতীয় আৰু বিশ্ব হকীৰ তেওঁ এজন কিংবদন্তি । তেওঁৰ কাৰণে লেখত ল’বলগীয়া স্মৃতি হৈছে মেজৰ ধ্যানচান্দ বঁটা, ক্ৰীড়া জগতৰ সাফল্যৰ বাবে আগবঢ়োৱা জীৱনযোৰা বঁটা, আৰু তেওঁৰ জন্মদিনটোত উদ্‌যাপিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। 

        ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ক্ৰীড়াৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি খেল আৰু ফিট্‌নেছ সম্পৰ্কীয় কাৰ্যকলাপক প্ৰাধান্য দিবলৈ দেশবাসীক আহ্বান জনোৱাৰ লগতে উল্লেখ কৰিছে যে ক্ৰীড়াই সুস্থ দেশ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । তেখেতে বিভিন্ন ক্ৰীড়া ইভেন্টত তথা বিভিন্ন পদক জয়েৰে দেশৰ গৌৰৱ বৃদ্ধি কৰা খেলুৱৈসকলক শুভেচ্ছা জনাইছে । খেলুৱৈসকলৰ এই সাফল্য সম্ভৱ হৈছে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু আত্মবিশ্বাসৰ বাবে । খেলুৱৈসকলৰ অক্লান্ত চেষ্টাৰ বলতেই পেৰালিম্পিকত সৰ্বাধিক খেলুৱৈয়ে যোগদান কৰিবলৈ সক্ষম হৈছে ।  ২০২০ বৰ্ষৰ টকিঅ' অলিম্পিকত ভাৰতবৰ্ষই নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি ৭ টাকৈ পদক বুটলিবলেৈ সক্ষম হৈছে । 

           বৰ্তমান কৰোণা মহামাৰীৰ সংকটকালতো অদম্য সাহস 'য়েছ, উই উইল ডু ইট ! উই কেন ডু ইট 'এই সুদৃঢ় মনোবলৰ জৰিয়তে সকলো সংকটক পৰাজিত কৰি প্ৰকৃত চেম্পিয়নৰ পৰিচয় দিবলৈ সক্ষম হৈছে। 

          বৰ্তমান শিক্ষা ব্যৱস্থাত খেলৰ প্ৰয়োজনীয়তা সৰ্বাধিক । বৰ্তমান যুগৰ প্ৰায়ভাগ শিশুৰ ক্ষেত্ৰতে দেখা যায় যে সিহঁতে টি. ভি. আৰু মোবাইলত অধিক সময় ব্যয় কৰে । খেলৰ প্ৰতি সিহঁতৰ কোনো আগ্ৰহ নাই । শিশু এটিৰ সৰ্বাংগীণ বিকাশৰ বাবে খেলৰ প্ৰয়োজনীয়তা অপৰিসীম ৷  শিশুসকল টি. ভি. আৰু মোবাইলৰ প্ৰতি অত্যাধিক আসক্তি হোৱাৰ ফলত সিহঁতৰ কোনো ধৰণৰ শাৰীৰিক ব্যায়াম নহয় , যাৰ ফলশ্ৰুতিত শিশুসকল দুৰ্বল, খিংখিঙিয়া আৰু অসামাজিক হৈ পৰে ৷ পুৰণি কালত কোনো শিশুৱে যদি খেলৰ প্ৰতি অধিক আগ্ৰহ প্ৰদৰ্শন কৰিছিল তেতিয়া ঘৰৰ সকলোৰে ভয় হৈছিল যে ভৱিষ্যতে তেওঁ কি কৰি চলিব ৷ কিন্তু বৰ্তমান সময়ত দেশৰ চৰকাৰৰ খেলৰ প্ৰতি গুৰুত্ব আৰু বিভিন্ন আঁচনিসমূহৰ ফলশ্ৰুতিত এই অসুৰক্ষাৰ মানসিকতা লাহে লাহে দূৰ হ’ব ধৰিছে। 

         প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও দেশৰ জনতাক উদ্দেশ্যি কৈছে , “Sports Culture  ক বিকশিত কৰাৰ বাবে আমি প্ৰথমে আমাৰ চিন্তাধাৰা, ধৰণ- কৰণ শুধৰাব লাগিব” ।  ভাৰতবৰ্ষৰ সৰু সৰু গাঁও সমূহ তথা দূৰ-দূৰণিৰ ভিতৰুৱা অঞ্চলসমূহ বহুতো প্ৰতিভাৰে ভৰপূৰ হৈ আছে ।  তেওঁলোকক বিকশিত কৰাৰ উদ্দেশ্যে ভাৰতবৰ্ষৰ ২৫০ৰো অধিক জিলাত ৩৫০ টা 'খেলো ইণ্ডিয়া'কেন্দ্ৰ স্থাপন কৰা হৈছে যাতে স্থানীয় পৰ্যায়ত প্ৰতিভা সমূহক বিচাৰি উলিয়াই তেওঁলোকক সুযোগ প্ৰদান কৰিব পৰা যায় ৷ যুৱ প্ৰজন্মক সুযোগ প্ৰদানৰ উদ্দেশ্যে 'প্ৰফেশ্যনেল এনভ্যাৰমেন্ট' দিয়াৰ বাবে মণিপুৰৰ ৰাজধানী ইম্ফলত দেশৰ প্ৰথমখন 'ক্ৰীড়া বিশ্ববিদ্যালয়' মুকলি কৰা হৈছে ।  নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিতো পঢ়াৰ লগতে খেলকো সমানে প্ৰাধন্যতা প্ৰদান কৰা হৈছে ।  ভাৰত চৰকাৰে 'খেলো ইণ্ডিয়া’ অভিযানো আৰম্ভ কৰিছে । বিশ্বৰ আগশাৰীৰ ক্ৰীড়া মহোৎসৱ সমূহত পদক বিজয়ী, উন্নত প্ৰদৰ্শন কৰা খেলুৱৈসকলক বিভিন্ন পুৰস্কাৰ, বিভিন্ন সন্মানেৰে সন্মানিত কৰিছে । 

           এটি সুস্থ শৰীৰ, সুস্থ মনতহে  মানুহৰ পূৰ্ণাংগ বিকাশ হয়। প্ৰধানমন্ত্ৰীৰ মতানুসাৰে দেশে যেতিয়া প্ৰয়াস কৰে তাৰ সোণালী পৰিণাম তৎকালেই পোৱা যায়, যাৰ জৰিয়তে খেলুৱৈ সকলে যথেষ্ট প্ৰেৰণা লাভ কৰে আৰু নতুন লক্ষ্যৰ পথ প্ৰশস্ত হয় । সেয়েহে আমি সকলোৱে ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে একলগ হৈ সংকল্পৱদ্ধ হ'লে হয়তো অদূৰ ভৱিষ্যতে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰখনে সাফল্যৰ উচ্চ শিখৰত আৰোহণ কৰিব পাৰিব। খেলৰ মাধ্যমেৰে আমাৰ সকলোৰে মাজত ঐক্য , সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় হৈ পৰক‌ ।


উৎস: ১) ২০১৮ চনৰ প্ৰধানমন্ত্ৰী ক্ৰীড়া দিৱসৰ ভাষণ
২) Dhyan Chand (Indian Athlete) Encyclopaedia Britannica



শ্ৰী বন্দনা শৰ্মা
সহকাৰী শিক্ষয়িত্ৰী
সত্ৰপাৰা আইডিয়েল হাইস্কুল, বাটৰহাট, কামৰূপ
শিক্ষাখণ্ড : ৰামপুৰ



Post a Comment

0 Comments