header ads

তত্বাবধায়কৰ একলম






 ‘'শিক্ষকসকল হ’ল ৰাষ্ট্ৰৰ মান আৰু আমাৰ প্ৰকৃত খনিকৰ’'- জৰ্জ ৱাশ্বিংটন ।


‘'এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে ; তাৰ প্ৰকৃত কাৰণ হ’ল, জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে’' --- ঋকবেদ ।

সীমিত জ্ঞান আৰু অভিজ্ঞতাৰে বিগত ২০২০ চনৰ আগষ্ট মাহত কোভিডসৃষ্ট অতিমাৰীৰ সময়তে ‘শৈক্ষিক গোট জ্ঞানম্' কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত আৰম্ভ কৰা ‘জ্ঞানম্’ ই- আলোচনীখনে ইতিমধ্যে এটা বছৰ সফলতাৰে সম্পন্ন কৰিছে। এয়া দ্বিতীয় বছৰ প্ৰথম সংখ্যাৰ সফল প্ৰয়াস । আমাৰ এই এবছৰীয়া যাত্ৰাত আমাক উৎসাহিত কৰা প্ৰতিগৰাকী লেখক,পঢ়ুৱৈ,পৰামৰ্শদাতা আৰু শুভাকাংখীলৈ যাচিছোঁ আন্তৰিক কৃতজ্ঞতা আৰু সশ্ৰদ্ধ প্ৰণাম ।

আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে ‘জ্ঞানম্’ ই-আলোচনীখন দ্বিতীয় বছৰৰ পৰা প্ৰতি তিনিমাহত প্ৰকাশ কৰাৰ বাবে ‘শৈক্ষিক গোট জ্ঞানম্,কামৰূপে ব্যৱস্থা গ্ৰহণ কৰিছে । আশা ৰাখিছোঁ অনাগত সময়তো আপোনালোকে আলোচনীখন এক অনন্যৰূপত প্ৰকাশ কৰাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব।

সম্পাদনা সমিতিৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত যথা সময়ত আলোচনীখন প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হোৱা বাবে শ্ৰদ্ধাৰ মুখ্য উপদেষ্টা, শ্ৰদ্ধাৰ উপদেষ্টামণ্ডলী আৰু সন্মানীয় সমূহ সদস্য-সদস্যালৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ । তেখেতসকলৰ একাগ্ৰতা, নিষ্ঠা আৰু আন্তৰিকতা অবিহনে এয়া সম্ভৱ নহ’লহেঁতেন ।

আলোচনীখনলৈ লেখা, ছবি,সাঁথৰ ইত্যাদি প্ৰেৰণ কৰি সৌষ্ঠৱ বৃদ্ধিকৰা প্ৰতিগৰাকী শ্ৰদ্ধাৰ লেখক আৰু ছাত্ৰ-ছাত্ৰীলৈ বিশেষ ধন্যবাদ জনালোঁ ।

‘জ্ঞানম’ এখন শৈক্ষিক আলোচনী। শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ গৱেষণাধৰ্মী লেখা তথা সৃষ্টি মূলক লেখা প্ৰকাশ কৰাৰ লগতে ভাষা- চৰ্চা, মননশীল পঢ়ুৱৈ,ভিন্নসুৰী লেখা আৰু নতুন লেখক সৃষ্টিত মনোনিৱেশ কৰাৰ প্ৰয়াসত ‘জ্ঞানম’ আলোচনীখনে যৎপৰোনাস্তি চেষ্টা আৰু গুৰুত্ব প্ৰদানত প্ৰাধান্য দিব আৰু সাহিত্য চৰ্চাৰ এক মঞ্চ তৈয়াৰ কৰাত অৰিহণা যোগাব বুলি আমি আশাবাদী।
আলোচনীখন প্ৰকাশ কৰোতে অজানিতে হোৱা ভুল-ক্ৰুটিৰ মাৰ্জনা বিচাৰিছোঁ ।
আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ।
আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ……..।



শ্ৰদ্ধাৰে-  

ফুলপাহি নাথ ।

আঁচনি বিষয়া, সমগ্ৰ শিক্ষা,কামৰূপ

Post a Comment

0 Comments