header ads

কবিতা

 মোৰ অস্তিত্ব



মোৰ অস্তিত্ব গাঁৱৰ পথাৰখন
য'ত পাৰ কৰিছিলোঁ সোণালী শৈশৱ ,
আজিও স্মৃতিৰ মানস পটত ভাঁহি উঠে ।

খেতিয়কৰ শৰীৰৰ প্ৰতিটো ঘামৰ টোপালত
বৰষুণ নামে
আহিনৰ পথাৰত ফুল ফুলে ।

পথাৰে মোৰ পৰিচয়
কিয়নো মই যে গাঁৱলীয়া !
মোৰ প্ৰতিটো তেজৰ টোপালত
আমোলমোলাই থাকে পথাৰৰ গোন্ধ ।

বোকা পানীতেই পদুম ফুলে
পদুমৰ হাঁহিতেই গাঁওখন জিলিকি উঠে ,
সন্ধিয়া পৰত হাজাৰ হাজাৰ
জোনাকী পৰুৱাই মনৰ কথা পাতে ।

হিংসাৰ উন্মত্ততা নাই
নাই কোনো স্বাৰ্থ-বিজড়িত কথা
আছে মাথোন হৃদয়ৰ ভালপোৱা------




মইনুল হক চৌধুৰী।
বিদ্যালয় সহ: পৰিদৰ্শক (ৰঙিয়া)
ফোন নম্বৰ:৮৬৩৮৬৬৯১৮২

Post a Comment

0 Comments