header ads

জাতিৰ পিতা মহাত্মা গান্ধী

জাতিৰ পিতা মহাত্মা গান্ধী


   












     জাতিৰ পিতা মহাত্মা গান্ধী ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোতা আছিল ৷ ১৮৬৯ খ্ৰীষ্টাব্দৰ  ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামে ঠাইত গান্ধীজীৰ জন্ম হয় ৷ তেখেতৰ পিতৃৰ নাম আছিল কৰমচাঁদ গান্ধী আৰু মাতৃৰ নাম পুতুলী বাঈ ৷ তেখেতৰ সম্পূৰ্ণ নাম হ'ল মোহনদাস কৰমচাঁদ গান্ধী ৷ গান্ধীজীয়ে ল'ৰালি কালছোৱাত প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা পোৰবন্দৰতে গ্ৰহণ কৰিছিল ৷ তেখেতে ১৩ বছৰ বয়সত কস্তুৰবা গান্ধীক বিয়া কৰাইছিল ৷ ১৭ বছৰ বয়সত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ বেৰিষ্টাৰী পঢ়িবলৈ বিলাতলৈ যায় ৷ ১৮৯১ খ্ৰীষ্টাব্দত বিলাতত বেৰিষ্টাৰী পাছ কৰি ভাৰতলৈ উভতি আহে ৷ গান্ধীজীয়ে বিলাতৰ পৰা উভতি আহি পোনতে ভাৰতত ওকালতি আৰম্ভ কৰে ৷ কিন্তু পাছত তেওঁ আফ্ৰিকালৈ যায় আৰু তাতেই তেওঁ ৰাজহুৱা কামকাজ আৰম্ভ কৰে ৷ ইয়াৰ কিছুদিন পাছত গান্ধীজী পুনৰ ভাৰতলৈ উভতি আহে ৷ সেইসময়ত ভাৰতবৰ্ষ ইংৰাজসকলে শাসন কৰিছিল ৷ ইংৰাজসকলে দেশ-শাসনৰ নামত ভাৰতীয়সকলৰ ওপৰত নানান অত্যাচাৰ আৰু শাসন চলাইছিল ৷ গান্ধীজীয়ে ইয়াৰ প্ৰতিবাদত দেশৰ স্বাধীনতাৰ বাবে ১৯৩১ চনত 'লোণ আইন' অমান্য কৰি দাণ্ডি লৈ যাত্ৰা কৰিছিল আৰু ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল ৷ গান্ধীজীৰ নেতৃত্বতে ১৯৪৭  চনৰ ১৫ আগষ্ট তাৰিখে আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে ৷ গান্ধীজীৰ মূলমন্ত্ৰ আছিল - সত্য, অহিংসা আৰু অস্পৃশ্যতা বৰ্জন ৷ তেওঁ সকলোকে এজন ঈশ্বৰৰ সন্তান বুলি ভাবিছিল ৷ ১৯৪৮  খ্ৰীষ্টাব্দৰ ৩০  জানুৱাৰীৰ দিনা আবেলি প্ৰাৰ্থনা সভালৈ যাওঁতে নাথুৰাম গড্‌ছে নামৰ এজন আততায়ীয়ে গান্ধীজীক গুলিয়াই হত্যা কৰিছিল ৷ গান্ধীজীৰ মৃত্যু হ'ল সঁচা, কিন্তু তেখেতৰ জীৱন আদৰ্শ প্ৰতিজন ভাৰতীয়ৰ মনত আজিও জিলিকি আছে ৷ সেয়ে গান্ধীজীৰ জন্মৰ দিনটো প্ৰতিজন ভাৰতীয়ই 'গান্ধী জয়ন্তী' হিচাপে পালন কৰি আহিছে ৷ 

“মৰমৰ শৰে যাক বিন্ধিছে তেওঁহে মৰমৰ শক্তি জানে  ৷” ------------মহাত্মা গান্ধী ৷





বাৰ্বী দাস
আদৰ্শ বিদ্যালয় দোকুছি
৫ম মান শ্ৰেণী 
চমৰীয়া ব্লক




Post a Comment

0 Comments