জ্ঞানৰ পূজাৰী
দেশ- মাতৃৰ বুকুত এতিয়াও অজ্ঞানতাৰ ডাৱৰ;
মোৰ হাতত জ্ঞানৰ প্ৰজ্বলিত বন্তি,
মনত পণ - নমাই আনিম জ্ঞানৰ বৰষুণ।
অজ্ঞানতাৰ বাবেই মজবুত হয়
অন্ধবিশ্বাসৰ ভেটি,
অন্ধবিশ্বাসেই ধ্বংস কৰিব পাৰে
একো একোটা জাতি,
যুক্তিৰে সকলো বুজাব পাৰিলেই
উছন হয় অন্ধবিশ্বাসৰ ভেটি।
তাৰ বাবেই আহিছোঁ ওলাই
এটাই মোৰ পণ ;
নাশিম অজ্ঞানতা,
জ্ঞানৰ জ্যোতিৰে উজ্বলাম মাতৃৰ বুকু।
মই যে জ্ঞানৰ পূজাৰী ,
মই যে জ্ঞানৰ পূজাৰী ।
---------------#-------------- ---
সহকাৰী শিক্ষয়িত্ৰী
হাজো বালিকা মজলীয়া বিদ্যালয়।
হাজো শিক্ষাখণ্ড
0 Comments