header ads

কবিতা

 শাৰদীয় দুৰ্গা পূজা-



শাৰদীৰ বতৰা লৈ ঢাক-ঢোল বাজিল,
হেঁপাহৰ দুৰ্গা পূজা আকৌ আহিল ।
মনৰ উলাহেৰে আমি পূজা থলীলৈ যাম,
পূজাৰ প্ৰসাদ, লগতে মিঠাই পেট ভৰাই খাম ।
পূজাৰ দিনা সকলোৱে মাৰ আশিস ল'ব,
মংগল-মন্ত্ৰ, শংখ-ধ্বনিৰে পূজাৰ গীত গাব ।
অসুৰ নাশিনী তুমি মা মহা শক্তিশালী,
অসুৰ-দানৱবিলাক কিমান যে অত্যাচাৰী !
দেৱী মা দুৰ্গা, তুমি নামি আহাঁ ধৰালৈ,
কাতৰে মাতিছোঁ তোমাক আমাৰ মাজলৈ ।
বধ কৰা মা, এই দানৱ- অসুৰগণ,
দুষ্টক দমন কৰি তুমি আমাৰ কৰা মংগল ।



  শ্ৰী অভিজিৎ দাস
      ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়
      শ্ৰেণী: নৱম       
শিক্ষাখণ্ড: ছয়গাঁও


Post a Comment

0 Comments