জ্যোতিপ্রসাদৰ কবিতাৰ চিন্তাৰ আভাস
কবিতা হৈছে শব্দৰ মাধ্যমেৰে প্ৰকাশ কৰা বক্তব্য । জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তি , ক্ষোভ , বিদ্ৰোহ , প্ৰেম আদিকে ধৰি অন্তৰত থূপখাই থকা বিভিন্ন ভাবৰ অনুভূতি । কবি হৈছে এখন সমাজৰ জাগ্ৰত প্ৰহৰী । কবিতাত প্ৰাণ পাই উঠে শব্দ । কবিৰ হৃদয়ৰ আকুল আহ্বান হৈ পৰে সমাজৰ চেতনা । ঠিক তেনে কবিসত্তাৰ গৰাকী ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা । জ্যোতিপ্রসাদৰ ৰচনা সৰ্বতোপ্ৰসাৰী হ'লেও মৌলিক ৰূপত তেওঁ আছিল এগৰাকী কবি । তেওঁ হৈছে এজন কলাকাৰ । আজিও প্ৰতিজন অসমীয়াৰ বাবে তেওঁৰ সৃষ্টি অতীত , বৰ্তমান আৰু উজ্জ্বল ভৱিষ্যতৰ সংযোগ সেতু ।
জ্যোতিপ্রসাদে কবিতাত প্ৰকৃতিৰ সৌন্দর্য - নিজৰা , গছ-লতা , ফুল আৰু সাধাৰণ মানুহৰ গাঁৱৰ ছবি আঁকিছে । তেওঁৰ কবিতা ' কনকলতা ' ত পোৱা যায় --
ভাল পায় তাই তামোলেৰে ভৰা
আপোনাৰ বাৰীখন ,
ভাল পায় তাই তগৰ মালতী
নাহৰ কেতেকী
লিহিৰীপতীয়া গোন্ধোৱা বিৰিণা বন ।
জ্যোতিপ্রসাদে নিশ্চিত ভাৱে উপলব্ধি কৰিছিল যে শ্ৰেষ্ঠ কৰ্মৰ মূল ভেটি হ'ল মানুহ , লোক-পৰম্পৰা আৰু জাতীয় সম্পদ সমূহ । মানুহৰ মন শাঁত পেলাবলৈ হ'লে সেই ঠাইৰ মাটিৰ পৰাই লেখাৰ সমল সমূহ বুটলিব লাগিব বুলি তেওঁৰ কবি সত্তাই ভালকৈ জানিছিল । জ্যোতিৰ কবিতাত বিপ্লৱী ভাৱধাৰাৰ সোঁত বোৱা দেখা যায় । অহিংসা আন্দোলনে পৰাধীন অসমসন্তান জ্যোতিপ্রসাদক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল । তেওঁৰ কবিতা ' লাচিতৰ আহ্বান ' ত দেখা যায় -
সৌৱা -
শৰাইঘাট
প্ৰশস্ত
নিমাত ।
তেওঁ সাম্যবাদী ভাৱধাৰাৰে পুষ্ট আছিল । জ্যোতিয়ে ভালদৰে জানিছিল বিপ্লৱ তেতিয়াহে সফল হয় যেতিয়া সৰ্বসাধাৰণ , খাটিখোৱা ৰণুৱা - বনুৱাক জাগ্রত কৰিব পাৰি । সেয়ে তেওঁ ' সাৱধান , সাৱধান ' কবিতাত লিখিছে-
সুবিধাবাদীৰ দল !
তোৰ মিছা হ'ব কৌশল ,
ৰাইজৰ তই সেৱা চুৰ কৰি
বঢ়াব খুজিছ বল ।
জ্যোতিপ্রসাদৰ কবিতাত স্বদেশ প্ৰেম আৰু ঐতিহ্য চেতনাৰ ধাৰা প্ৰতিফলিত হোৱা দেখা যায় । তেওঁৰ কবিতাবোৰৰ অন্যতম প্রধান বস্তু দেশপ্রেম । কবিতা কেৱল পঠনৰ বাবে নহয় , দৃশ্য-মাধ্যমৰ উপযোগী কৰিও যে কবিতাৰ ৰস ল'ব পাৰি সেই কথা জ্যোতিপ্রসাদে প্ৰতীয়মান কৰি থৈ গৈছে । 'ৰেডিঅ’ ' , ' খেজেনা সধাত এটা ডফলাৰ খং ' আদিত । জ্যোতিপ্রসাদ আগৰৱালাৰ একমাত্র কাব্য সংকলন ' লুইতৰ পাৰৰ অগ্নিসুৰ ' । জ্যোতিপ্রসাদৰ ৰচনাৱলীত পঞ্চল্লিশটা কবিতাৰ ( শিশু কবিতাক বাদ দি ) বেছিভাগ কবিতাই দীঘল । জ্যোতিপ্রসাদৰ সাংস্কৃতিক মনটোৱে দুষ্কৃতিক নাশ কৰি সংস্কৃতিক বৰপীৰাত বহুৱাব বিচাৰিছিল । সঁচা অৰ্থত এজন আশাবাদী শিল্পীৰ আদৰ্শ , হেঁপাহ , কল্পনা আৰু সামাজিক পৰিৱেশত সৃষ্টি হোৱা মানসিক ক্ৰিয়া - প্ৰতিক্ৰিয়া আদি প্ৰতিফলিত হৈছে ' অসমীয়া ডেকাৰ উক্তি ' , ‘ অসমীয়া ছোৱালীৰ উক্তি ' আদিত । তেওঁৰ কবিতাত শব্দৰ সম্ভাৰ অতি নান্দনিক আৰু মনোমোহা । সহজ - সৰল ভাষাৰ সাৱলীল গাঁথনিয়ে কবিতাবোৰক সোণত সুৱগা কৰি তুলিছে ।
জ্যোতিপ্রসাদে গীতেৰে , কবিতাৰে , নাটকেৰে , সমালোচনাৰে নকৈ সজাই তুলিছিল অসমীয়া সংস্কৃতি । এইজনা ব্যক্তিৰ হাততেই আছিল জগতত ফুল ফুলোৱাৰ মন্ত্ৰ । তেওঁৰ কবিতাত হা - হুতাহ , পেন-পেননি , ঘেন-ঘেননি, ব্যৰ্থতা-অভিমানৰ লেখ নাই ।
শিশুৰ মনস্তাত্ত্বিক দিশসমূহ সুক্ষ্মাতিসূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি জ্যোতিপ্রসাদে সাৱলীল ছন্দধ্বনি , নিভাঁজ ঘৰুৱা ভাষা , চিত্ৰধৰ্মী বৰ্ণনা , ৰূপকধৰ্মী অলংকাৰৰ প্ৰয়োগেৰে শিশু কবিতাকেইটা মনোগ্রাহী কৰি তুলিছে । অসমীয়া শিশু সাহিত্যত শিশুৰ মনস্তত্ত্বক অধ্যয়ন কৰি কবিতা ৰচনা কৰাৰ ক্ষেত্রত জ্যোতিপ্রসাদ অতুলনীয় । তেওঁৰ শিশু কবিতাকেইটাৰ বিষয়বস্তু , ভাষাৰ ব্যৱহাৰ আদিৰ দিশসমূহ চালে নিশ্চিতভাৱে ক'ব পাৰি যে জ্যোতিপ্রসাদ আগৰৱালাৰ শিশু কবিতাসমূহ অসমীয়া সাহিত্যত এক মাইলৰ খুঁটি । শিশু কবিতাবোৰৰ মাজত জ্যোতিপ্রসাদৰ শিশুসুলভ মন আৰু শিশুৰ মনস্তত্ত্বৰ সুন্দৰ প্ৰকাশ ঘটিছে । তেওঁৰ শিশু কবিতা ' কুম্পুৰ সপোন ' ত লিখিছে -
মা , মই সপোনত
দেখিলোঁ দুটা
ভূতৰ পোৱালি
জ্যোতিপ্রসাদে শিশুৰ আৱেগ - অনুভূতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ৰচনা কৰা কবিতা সংখ্যাত দহোটামান যদিও সেইকেইটায়ে জ্যোতিক উজ্জ্বল নক্ষত্রৰ দৰে উজলাই ৰাখিছে ।
লেখকৰ ঠিকনা:
অনিমা দাস
প্ৰধান শিক্ষয়িত্ৰী,
ছয়গাঁও আঞ্চলিক প্ৰাথমিক বিদ্যালয় ।
শিক্ষাখণ্ড -ছয়গাঁও, কামৰূপ ।
0 Comments