header ads

নৈখন । Assamese Poem by Parameshwar Sharma

  ----নৈখন----


শোৱা শেতেলিখনৰ কাষেৰেই 

পাৰ হৈ যায় নৈখন

নৈখনৰ আটাহে 

খামুচি ধৰে নিশাটো ।


ৰাতিপুৱাৰ কোমল ৰ'দজাকত 

গাটো টঙাই লওঁ বুলি 

এঙামূৰি দিওঁতেই 

সিৰিক্ কৈ সৰি পৰে 

এমুঠি বেদনা ।


দুপৰীয়াৰ পূৰঠ ৰ'দজাকত 

পদূলিলৈ চাওঁ বুলি 

নাকটো পোনাই লওঁতেই 

আচম্বিতে আকাশৰ পৰা 

সৰি পৰে এটা হুমুনিয়াহ ।


হাও হাওকৈ নৈখন

চাপি আহে 

মানুহজনৰ শেতেলিৰ ফালে ----------

পৰমেশ্বৰ শৰ্মা 
লেখকৰ ঠিকনা:

পৰমেশ্বৰ শৰ্মা 

 সহ: শিক্ষক , 

 জনতা হাইস্কুল , ডিমু ।

 শিক্ষাখণ্ড - ৰঙিয়া, কামৰূপ ।


Post a Comment

0 Comments