---------সপোন-------
নিজান নিজান এন্ধাৰ ৰাতি..
শুই আছে পৃথিৱী,
শুই আছোঁ আমি
কেতিয়ানো পোহৰ হ'ব ...
তাকে থাকোঁ ভাবি ।
টোপনিত লালকাল
মোৰ সকলো ভাই-ভনী ,
তেনেতে ৰকেট এটা উৰি আহি
মোৰ কাষতে পৰিলহি ৷
ৰকেটত উঠি মই
আকাশলৈ যাওঁ ,
জোন তৰা সকলোকে
ওচৰতে পাওঁ ।
থাপ মাৰি তৰা এটি
জেপত ভৰাই লওঁ,
ঘৰলৈ আনি সকলোকে
চাবলৈ কওঁ ।
উৰি উৰি গৈ মই
বহু দূৰ পাওঁ ,
জোন এৰি মই
বেলিৰ অভিমুখে যাওঁ।
লেখকৰ ঠিকনা:
সৌৰভ দাস,
৮ম শ্ৰেণী,
তাতিবামা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়,
শিক্ষাখণ্ড-ৰাণী, কামৰূপ ।
0 Comments