header ads

বিহু । Assamese Poem by Sewali Baishya

 ----------বিহু---------


বিহু অসমৰ জাতীয় উৎসৱ

বিহু অসমীয়াৰ প্ৰাণ ,

অসমীয়া জাতিৰ কৃষ্টি- সংস্কৃতি

বিহুতেই প্ৰবাহমান।


ব'হাগ বিহু ৰঙালী, কাতি বিহু কঙালী

মাঘ বিহুক ভোগালী বোলে ,

অসমীয়াৰ প্ৰাণৰ বিহু তিনিটিয়ে

সীমাহীন উছাহ আনে ।


চ'তৰ সংক্ৰান্তিত আহে ব'হাগ বিহুটি

ত'তে নাইকীয়া গাত,

গৰু বিহুৰ দিনাখন মাহ-হালধিৰে

গা ধুৱায় গৰুক নদীৰ ঘাটত ।


ঢোল পেঁপা গগনাৰ সুমধুৰমাততে 

নাচনীৰ লাহি কঁকালটি ভাঙে,

ঢুলীয়া ককাইৰ ঢোলৰ ছেৱে ছেৱে

মহুৰা ঘূৰাদি ঘূৰে।


অতি আদৰৰ বিহুৰ 'বিহুৱান'খনি

অসমীয়া জাতিৰ মান,

বিশ্ব দৰবাৰত 'গামোচা' খনিৰ

আছে যে সুকীয়া স্থান ।


দিন মাহ বাগৰি আহিনৰ সংক্ৰান্তিত

কাতি বিহুটি আহে ,

সেউজীয়া পথাৰে কৃষকৰ মনত

আশাৰ হেঙুলী ৰহণ সানে ।


তুলসীৰ তলত জ্বলাই চাকি

পথাৰত আকাশ বাতি ,

পথাৰৰ লখিমীক ঘৰলৈ অনাৰ

বাট হয় মুকলি ।


পুহ মাহৰ সংক্ৰান্তিত আহে মাঘৰ বিহুটি

আগ দিনাক উৰুকা বোলে ,

ভেলাঘৰ, মেজিঘৰ সাজে শাৰী শাৰী

ভোজ-ভাতৰ প্ৰস্তুতি চলে ।


চিৰা ,পিঠা ,সান্দহ, আখৈ

আৰু পিঠা-পনা পোৰে,

মাঘ যে আমাৰ ভোগালী মাহ

আনন্দেৰে উপচি পৰে ।


বাপতিসাহোন এনেহেন বিহুটি

পাবলৈ ক'তো যে নাই ,

আধুনিকতাৰ পৰশত অসমীয়াই

বিহুক যেন নেহেৰুৱায় !!

শেৱালি বৈশ্য
                              

লেখকৰ ঠিকনা:

শেৱালি বৈশ্য

প্ৰধান শিক্ষয়িত্ৰী,

শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড- হাজো,  কামৰূপ ।

Post a Comment

0 Comments