header ads

# ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিজয়ী সংগীত শিল্পী মনজ্যোৎস্না মহন্ত গোস্বামীৰ সৈতে সাক্ষাৎকাৰ # | Interview with Manjyotsna Mahanta Goswami

 # ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিজয়ী সংগীত শিল্পী মনজ্যোৎস্না মহন্ত গোস্বামীৰ সৈতে সাক্ষাৎকাৰ #



অসমৰ সংগীত জগতখনৰ যিসকল শিল্পীয়ে শ্ৰোতা-দৰ্শকৰ মন-মগজুত অনুৰণন আৰু তৰংগৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে , সেইসকলৰ ভিতৰত অন্যতম সুকন্ঠী গায়িকা মনজ্যোৎস্না মহন্ত গোস্বামী । এক সুস্থবান সাংস্কৃতিক পৰিয়ালৰ সৈতে সংপৃক্ত তেখেত একেধাৰে সুকন্ঠী গায়িকা , সংগীত শিল্পী তথা অধ্যাপিকা । তেখেতৰ দেউতাক বিশিষ্ট গীতিকাৰ কেশৱ মহন্ত আৰু মাতৃ বৰগীতৰ শিল্পী নিকুঞ্জলতা মহন্ত । গুৱাহাটী মহানগৰৰ তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি তেখেতে অসমৰ ঐতিহ্যপূৰ্ণ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা একেটা বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । বৰ্তমান তেওঁ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ।

         শিল্পী মনজ্যোৎস্না মহন্ত গোস্বামীয়ে ১৯৯৬-৯৮চনত ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে । 'সপোন' চলচ্চিত্ৰৰ 'এনেকৈয়ে ভাগেনে সপোন'- শীৰ্ষক জনপ্ৰিয় গীতটোৰ বাবে তেখেতে 'শ্ৰেষ্ঠ কন্ঠশিল্পী' বঁটা লাভ কৰিছিল । মহন্তই অধ্যয়ন কৰি থকা সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 'শ্ৰেষ্ঠ সংগীত শিল্পী'ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । বিশেষকৈ অসমৰ সংগীত জগতখনৰ জ্যোতিষ্ক আজন্ম শিল্পী ৰুদ্ৰ বৰুৱাৰ দেশ তথা স্ব-জাতিৰ হকে বায়ু-পানী-মাটিৰ গোন্ধ থকা গীতসমূহ তেখেতৰ সুৱদি কণ্ঠত প্ৰাণ পাই উঠে ।

        শৈক্ষিক গোট জ্ঞানম্ , কামৰূপে এইবাৰ অসমৰ শিক্ষাক্ষেত্ৰৰ লগতে সংগীতৰ ক্ষেত্ৰখনৰ এগৰাকী অক্লান্ত সাধক শিল্পী মনজোৎস্না মহন্ত গোস্বামীৰ এটি সাক্ষাৎকাৰ লোৱাৰ উদ্দেশ্যে তেখেতৰ ওচৰ চাপিছিল । তেখেতে জ্ঞানম্ ৰ ফালৰপৰা সোধা প্ৰশ্নসমূহৰ উত্তৰ খুব সুন্দৰভাৱে প্ৰকাশ কৰিলে এনেধৰণে------



জ্ঞানম্------ সাম্প্ৰতিক সময়ত সংঘটিত হৈ থকা অসমীয়া ভাষা -বিপৰ্যয়ৰ ঘটনাবোৰে জাতিটোৰ কৃষ্টিৰ চহকী পথাৰখনত এক মোক্ষম আঘাত হানিছে । এগৰাকী শিল্পী হিচাপে প্ৰয়োজনীয় পদক্ষেপ কি হ'ব লাগে বুলি ভাবে আপুনি ?

মনজোৎস্না মহন্ত:- শিল্পী হিচাপে নহয় , এগৰাকী সচেতন নাগৰিক হিচাপে আইৰ মুখৰ সুৱদি মাতষাৰ হেৰাই যাবলৈ ধৰা কথাটোৱে মনত অশান্তিৰ সৃষ্টি কৰে । আনহাতে, এচাম অসমীয়াই বিভিন্ন মাধ্যমত অসমীয়া ভাষাটোৰ সুকীয়া ৰূপটো পূৰ্ণগতিত চৰ্চা কৰি থকাও দেখা যায় । তদুপৰি অলপতে আইৰ মুখৰ ভাষাত ৰচিত সাহিত্যই ৰাষ্ট্ৰীয় সন্মান কঢ়িয়াই আনিছে । কবি-ঋষি নীলমণি ফুকনদেৱৰ 'জ্ঞানপীঠ' পুৰস্কাৰ প্ৰাপ্তি, অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্তি, আৰু ড° মৃণাল কলিতা ডাঙৰীয়াৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্তিয়ে অসমীয়া ভাষাৰ অস্তিত্ব যে বিপন্ন হোৱা নাই তাৰ প্ৰমাণ দিয়ে ।


জ্ঞানম্----- আজিকালি টিভি চেনেল নতুবা অন্য মাধ্যমত দেখা যায় যে মাঘ বিহুটোত বিহু নৃত্য-গীতৰ পয়োভৰ বেছি । এইক্ষেত্ৰত আপোনাৰ মতামত কি ?

 মনজোৎস্না মহন্ত:- হয় , ময়ো আচৰিত হওঁ । সচেতন নাগৰিক হিচাপে আমি সকলোৱে এই ক্ষেত্ৰত মাত মতা উচিত। বিহুৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে নতুন প্ৰজন্মক চিনাকি কৰাই দিয়া উচিত ।

জ্ঞানম্----- বৰ্তমান সময়ত অসমৰ বহুতো গায়ক-গায়িকাৰ সামাজিক দায়বদ্ধতাৰ প্ৰতি সচেতনতাৰ অভাৱ । আপুনি এইক্ষেত্ৰত কি ক'ব ?

 মনজোৎস্না মহন্ত÷ কেৱল গান গাব পৰা প্ৰতিভা থাকিলেই তেওঁৰ পৰা সামাজিক দায়বদ্ধতা দাবী কৰাটো সঠিক কথা নহয় । সামাজিক দায়বদ্ধতাই সমাজৰ প্ৰতি থকা দায়িত্বৰ কথা বুজায় । এগৰাকী ব্যক্তিকেন্দ্ৰিক লোক , যি গান গাব পাৰে অৰ্থাৎ তেওঁ গায়ক ; তেওঁৰ পৰা সমাজৰ প্ৰতি দায়বদ্ধতা বিচাৰিলে ভুল নহ'ব জানো ?

জ্ঞানম্ ----- আপুনি অধ্যাপনাৰ সমান্তৰালকৈ সংগীতৰ ক্ষেত্ৰখনতো সফলতাৰে কাম কৰি গৈছে । আপুনি কিদৰে সফলতাৰ শিখৰত আৰোহণ কৰিছে অকণমান পাঠকক জনাব নেকি ?

মনজোৎস্না মহন্ত:- সফলতা বা বিফলতাচোন মই ভাবি চোৱাই নাই আজিলৈকে । অধ্যাপনা মোৰ জীৱিকা, সংগীত মোৰ জীৱন। দুয়োটা ক্ষেত্ৰতে মোৰ ৰাপ আছে ; ভাল পাওঁ । আমৃত্যু তাৰ কৰ্ষণ কৰি যাম ।

জ্ঞানম্ -----যিকোনো গীতেই আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠে । তাতোকৈ সোণত সুৱগা চৰে আপুনি ৰুদ্ৰ বৰুৱাৰ গীত গালে । আপোনাৰ যাদুকৰী কণ্ঠৰ ৰহস্যৰ বিষয়ে কও‍ঁকচোন ।

 মনজোৎস্না মহন্ত:- ধন্যবাদ । তেখেতসকলৰ গীতৰ ভাষা , কথা আদিৰ অসমৰ মাটি-পানী-জলবায়ুৰ সৈতে আত্মিক সম্পৰ্ক আছে । আপোন মাটিৰ সুৰ আৰু উপজিয়েই শুনা আইৰ মুখৰ ভাষাই স্বাভাৱিকতে সকলোৰে মন-প্ৰাণ উদ্বেলিত কৰে। একান্ত অনুভৱ কৰোঁ । সেইকাৰণেই চাগে ......।

জ্ঞানম্ ----- অসমৰ অনেক প্ৰতিভাবান শিল্পী সুযোগ আৰু সুবিধা নোপোৱাৰ বাবে বনৰ ফুল বনতে মৰহি যোৱাৰ দৰে মৰহি গৈছে । এই প্ৰতিভাবান শিল্পী সকলৰ প্ৰতিভা বিকাশৰ বাবে আপোনাৰ সুপৰামৰ্শ কি হ'ব ?

 মনজোৎস্না মহন্ত:- আজিকালি প্ৰতিভা বিকাশৰ অনেক মাধ্যম আছে । মই ভাবোঁ সেইসমূহৰ সু-ব্যৱহাৰেৰে প্ৰতিভা বিকাশৰ সুযোগ গ্ৰহণ কৰিব পাৰে ।

জ্ঞানম্ -----আজিকালি সততে অভিযোগ উত্থাপিত হয় বিভিন্ন অনুষ্ঠানে প্ৰকৃত শিল্পীক বঁটাবাহনৰ পৰা বঞ্চিত কৰি সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰা তথাকথিত গায়ক বা গায়িকাকহে বঁটাৰ বাবে নিৰ্বাচন কৰে । তাৰ ফলত প্ৰকৃত শিল্পীয়ে হতাশা-নিৰাশাত ভুগিবলগীয়াত পৰে । আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ ।

 মনজোৎস্না মহন্ত:- প্ৰকৃত শিল্পীৰ শিল্প-কৰ্মৰ স্বীকৃতি বঁটা-বাহন হ'বই নোৱাৰে । ৰাইজৰ আদৰ-আশীৰ্বাদ সকলো পুৰস্কাৰৰ উৰ্ধত ।

জ্ঞানম্ ----- নতুন প্ৰজন্মৰ গায়ক-গায়িকাক সংগীত সাধনা ত্বৰান্বিত কৰিবলৈ আপুনি কি বাৰ্তা দিব ?

 মনজোৎস্না মহন্ত:- "গান গোৱা গান গোৱা ভাই

                                গানৰ বাহিৰে একো নাই ।"

                                            (কেশৱ মহন্ত)

        

 সুকন্ঠী গায়িকা মনজ্যোৎস্না মহন্ত গোস্বামী বাইদেৱে নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ কিছু বহুমূলীয়া সময় আমাক উপহাৰ দিয়াৰ বাবে আমি 'জ্ঞানম' পৰিয়ালৰ তৰফৰ পৰা তেখেতলৈ হিয়া ভৰা উষ্ম অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপুনি সংগীতৰ ক্ষেত্ৰখন ন- ন সৃষ্টিৰে আৰু সুৰেৰে সজাই অসমীয়া সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰক --তাৰে আমি কামনা কৰিলোঁ।


প্ৰদীপ কলিতা


সাক্ষাৎ গ্ৰহণকাৰী:

প্ৰদীপ কলিতা

সদস্য , শৈক্ষিক গোট জ্ঞানম্ ,

কামৰূপ ।

Post a Comment

0 Comments