header ads

দৌৰ.......জীৱনৰ বাবে । Assamese Poem by Krishna Sonowal

 দৌৰ.......জীৱনৰ বাবে

স্মিত বেলিটোৱে পিন্ধি লৈ

তেজোদ্দীপ্ত এটি চোলা... 

চৌদিশে ছটিয়ায়

প্ৰাণভৰা উচ্ছ্বাসৰ বন্যা..

য'ত বয় অফুৰন্ত হেঁপাহ...

জীৱন জিনি যোৱাৰ--

কোনো বাধাই টলাব নোৱাৰা

কাহানিও সেও নমনা


সেই প্ৰাঞ্জলতাত টগবগাই উঠে -- 

ভৰুণ এটি আশা

দুৰ্লংঘ্য , দুৰ্নিবাৰ.... 


এয়া যে দৌৰ...

জীৱনৰ ----

সংকল্পৰ ----

সংহতিৰ----

অবিৰাম , নিৰন্তৰ ।।

*****

কৃষ্ণা সোণোৱাল
লেখকৰ ঠিকনা:

কৃষ্ণা সোণোৱাল

সহঃ শিক্ষয়িত্ৰী,

তাতিবামা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় ।

 শিক্ষাখণ্ড- ৰাণী, কামৰূপ ।

Post a Comment

0 Comments