header ads

সাঁথৰ ।

 ---সাঁথৰ---


১) এনেকুৱা কি বস্তু আছে যাক আমি নোপোৱালৈকে বিচাৰি থাকোঁ ,কিন্তু পোৱাৰ পাছত আমি তাক লগত লৈ নুফুৰোঁ ?

          ----- ৰাস্তা----

২) অকণমানি মই , সহজে তিয়াব পাৰি কিন্তু কেতিয়াও শুকাব নোৱাৰি ৷

               ---জিভা---

৩) এনেকুৱা কি আছে যি আপুনি ক'ৰবাত এৰি থৈ আহিলেও আপোনাৰ লগতে থাকে ৷

          ---হাত বা ভৰিৰ চাপ------

৪) এনেকুৱা কি বস্তু আছে যি অন্ধ লোকেও দেখা পায়৷

            ------অন্ধকাৰ----

৫) মই ভাত-পানীও নাখাওঁ , দৰমহাও নলওঁ , তথাপি গৰাকীক সম্পূৰ্ণ পহৰা দিওঁ । কওঁকচোন মই কোন?

           ------তলা-চাবি---


সংগ্ৰহ:

সংগীতা দাস ।

চতুৰ্থ শ্ৰেণী ।

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয় ।

 শিক্ষাখণ্ড- কমলপুৰ, কামৰূপ ।

Post a Comment

0 Comments