ছয়গঁঞা উপভাষাৰ চমু আলোচনা (চতুৰ্থ খণ্ড-যোৱা খণ্ডৰ পিছৰ পৰা...)
ছয়গাঁওৰ উত্তৰ অঞ্চলৰ এক বিস্তৃত অঞ্চল দেঁওচৰ, ধেলাচৰ, ন-পাৰা আদি কেবাখনো গাঁৱেৰে গঠিত । বৰ্তমান ভৌগোলিকভাৱে কিছু অংশ যদিও বকো অঞ্চলৰ অন্তৰ্গত ; তথাপিও আদিতে এই গাঁওবোৰ ছয়গাঁও ৰাজহ চক্ৰৰে অন্তৰ্গত আছিল । পূৰ্বতে যাতায়ত আৰু যোগাযোগৰ কাৰণে এই অঞ্চলৰ মানুহখিনিৰ লগত ছয়গাঁওৰ প্ৰশাসনিক এলেকাৰ মানুহৰ সম্পৰ্ক কম আছিল , সেয়েহে এই অঞ্চলত ভাষাগত এক ভিন্ন ৰূপ পোৱা যায় ।
কিছুমান শব্দৰ মাজত থকা উচ্চাৰণৰ স্বৰ ধ্বনিবোৰ উচ্চাৰিত নহয় । তাৰ ঠাইত ব্যঞ্জনযুক্ত লেখীয়া উচ্চাৰিত হয় । যেনে ----------
মান্য অসমীয়া ছয়গঁঞা দেঁওচৰ
বগৰী বুগুৰী বুগৰী
পগলা পাগালা পাগলা
মধুৰীআম উৰিয়াম সোফৰাম
অমিতা মধুফল মোফ্ফাল
চাদৰ গাতালা গাতলা
ব্যঞ্জনযুক্ত শব্দ কিছুমানৰ পৰিৱৰ্তন মন কৰিব লগীয়া -----------
মান্য অসমীয়া ছয়গঞা দেঁওচৰ
বন্ধা বাঃনা বানধা
ৰান্ধনি নাধেনি ৰান্ধেনি
অপনিহিতিৰ ক্ষেত্ৰত জামবৰীয়া ভাষাৰ দৰে দেঁওচৰৰ ভাষাটোৰ এটা বৈশিষ্ট্য আছে ------
মান্য অসমীয়া ছয়গঞা দেঁওচৰ
কেতিয়া কেথান কেইথান
লাগিছে লাগ্ চি লাইগচে
ধৰিছে ধৰ্ চি ধইৰচি
শব্দগত ভিন্নতা যেনেকৈ মান্য অসমীয়া আৰু কামৰূপীয়াৰ মাজত পৰিলক্ষিত হয় , তেনেদৰে ছয়গঞা কিছুমান শব্দৰ পাৰ্থক্য দেঁওচৰৰ কথনত শুনা যায় । যেনে :
মান্য অসমীয়া ছয়গঞা দেঁওচৰ
ভাঙোন (মাছ) ভাওনা ভাংনা
পাৰ পাৰাৱা পাউৰা
জৰোৱা ঝাৰুৱা জাউৰা
'ঙ' শব্দৰ ব্যৱহাৰ জামবাৰীৰ দৰে একে । যেনে :- ভাঙা, চিঙা, টেঙা ইত্যাদিত ছয়গঁঞা 'ৱ' লোপ পাই 'ঙ' হয় ।
নিৰ্দিষ্টবাচক প্ৰত্যয়ৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত মাত্ৰ এটা উমৈহতীয়া শব্দ ' খাজা ' ব্যৱহাৰ হয় ।
মান্য অসমীয়া ছয়গঞা দেঁওচৰ
এডোখৰ আকটুকুৰা আকখাজা
দুখন দুখান দুইখাজা
শব্দগত ভিন্নতা বহুত আছে । কিছুমান শব্দৰ প্ৰয়োজনীয়াত মান্য অসমীয়া ভাষাটো আছে । ছয়গঞা ভাষাৰ লগত দেঁওচৰৰ কথনৰ এনে পাৰ্থক্য কিছুমান উল্লেখ কৰা হ'ল --------
মান্য অসমীয়া ছয়গঞা দেঁওচৰ
আইতা বুৰমাই আবু
মহুৰা মহুৰা নইলা
কেৰাহী লহৰা/চৰু কেইৰা
দুৱাৰডলি দৰগৰীয়া দৰগৰা
মাকৈ মাকেজাঙা মাকেৰিজাঙা
মুৰ্গী মুৰ্কী চৰে
পাঠকনী আয়োতি পাতথেনি
********
লেখকৰ ঠিকনা:
দীপাংকৰ ঠাকুৰীয়া ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ।
গৱেষণাৰ বিষয়- লোক সংস্কৃতি ।
2 Comments
Lucky Club Casino site review
ReplyDeleteLucky Club Casino · How much is luckyclub.live a win? · Can I download the Android version of Lucky Club casino app and play online slots? · How many free spins are offered at Lucky Club
i am respectful and thankful to the "Jnanam''Family.
ReplyDelete