## গণিতৰ যাদু ###
: বৰ্গ উলিওৱাৰ সহজ কৌশল:
আগৰ সংখ্যাত আমি এশৰ(১০০) আশে পাশে থকা সংখ্যা কিছুমানৰ বৰ্গ সহজ পদ্ধতিৰে উলিয়াবলৈ শিকিছিলোঁ । আজি আমি যিকোনো সংখ্যাৰ বৰ্গ কেনেদৰে উলিয়াব পাৰি সেই বিষয়ে আলোচনা কৰিম । এই পদ্ধতিৰে আমি দুটা অংক বিশিষ্ট, তিনিটা অংকবিশিষ্ট বা যিকোনো সংখ্যাৰ বৰ্গ সহজতে উলিয়াব পাৰিম।
প্ৰথমতে,ধৰা হওঁক এটা দুটা অংক বিশিষ্ট সংখ্যা । অৰ্থাৎ, ab,য'ত a আৰু b দুটা অংক । এতিয়া আমাক লাগে (ab)²=? । ইয়াৰ বাবে আমি (ab)² ক তিনিটা ভাগত ভগাই ল'ব লাগিব।সেই ভাগ তিনিটা হ'ল a²,2ab আৰু b² । অৰ্থাৎ,
(ab)² = a² 2ab b² ।
এতিয়া, এটা সংখ্যা লোৱা হ'ল ৪২ । এতিয়া
(৪২)² = ? তাৰবাবে আমি প্ৰথমে (৪২)² ক তিনিটা ভাগত ভগাই ল'ব লাগিব । অৰ্থাৎ
(৪২)² = ৪² ২×৪×২ ২²
= ১৬ ১৬ ৪
এতিয়া, আমি সোঁফালৰ ৪ টো একে ৰাখিম , মাজৰ ১৬ সংখ্যাটোৰ এককৰ স্থানৰ সংখ্যাটো ল'ম আৰু বাওঁফালৰ দহকৰ স্থানৰ সংখ্যাটো একেবাৰে সোঁফালৰ ১৬ ৰ লগত যোগ হ'ব। অৰ্থাৎ,
(৪২)² = ১৭৬৪ ।
তেনেদৰে, আমি যদি অন্য এটা সংখ্যা ৭২ লওঁ তেনেহ'লে,
(৭২)² = ৭² ২×৭×২ ২²
= ৪৯ ২৮ ৪
= ৫১৮৪
এতিয়া আমি তিনিটা অংকবিশিষ্ট সংখ্যা এটা ল'ম । অৰ্থাৎ (abc)² = ?
এইক্ষেত্ৰত ,আমাৰ ভাগ তিনিটা হ'ব, (ab)²,2(ab)c আৰু b² । অৰ্থাৎ,
(abc)² = (ab)² 2(ab)c b²
এতিয়া, ধৰা হ'ল ১২৩ ৰ বৰ্গ উলিয়াব লাগে ।তেনেক্ষেত্ৰত,
(১২৩)² = (১২)² ২×১২×৩ ৩²
= ১৪৪ ৭২ ৯
= ১৫১২৯
তেনেদৰে , অন্য এটা সংখ্যা ৭২৫ যদি লওঁ, তেতিয়া হ'লে,
(৭২৫)²= (৭২)² ২×(৭২)×৫ ৫²
= ( ৭² ২×৭×২ ২²) ৭২০ ২৫
= (৪৯ ২৮ ৪) ৭২০ ২৫
= ৫১৮৪ ৭২০ ২৫
= ৫২৫৬২৫
ইয়াতে যোগ কৰোঁতে , প্ৰথমতে সোঁফালৰ এককৰ স্থানৰ সংখ্যা ৫ বহিছে , দহকৰ স্থানৰ ২ টো ৭২০ ৰ লগত যোগ হৈ ৭২২ হৈছে আৰু তাৰে সোঁফালৰ এককৰ স্থানৰ সংখ্যা ২ বহিছে আৰু সোঁফালৰ ৭২ টো ৫১৮৪ লগত যোগ হৈছে ।
এনেদৰে এই পদ্ধতিৰে অভ্যাস কৰি থাকিলে আমি কম সময়তে যিকোনো সংখ্যাৰ বৰ্গ উলিয়াবলৈ নিশ্চয় সক্ষম হ'ম ।
লভিতা মেধী
বিজ্ঞান শিক্ষয়িত্ৰী,
পীতাম্বৰ আদৰ্শ হাইস্কুল ,
শিক্ষাখণ্ড-ৰঙিয়া, কামৰূপ
0 Comments