header ads

কোকিলকণ্ঠী l Assamese poem by Chandana Hira

 কোকিলকণ্ঠী

 ( বিশ্ব বৰেণ্য শিল্পী লতা মংগেশকাৰৰ সোঁৱৰণত)                 

                           



হে সুৰ সম্ৰাজ্ঞী

সহিব নোৱাৰিছোঁ 

আজি তোমাৰ

 বিদায়ৰ বাতৰি,

নিমিষতে স্তব্ধ হ'ল

তোমাৰ চলন্ত ৰথৰ চকৰি ।

তুমি অৱিহনে আজি

স্থৱিৰ হ'ল দেশৰ স্পন্দন

শোকৰ বতাহে কঁপাই তোলা

হৃদয়ত বাজিছে 

কেৱল তোমাৰ সুৰৰ ৰাগিনী।

তোমাৰ হেজাৰ 

কালজয়ী গীতেৰে 

কোটি জনতাক

মন্ত্ৰমুগ্ধ কৰি 

সেউজ কৰিছিলা 

গানৰ পৃথিৱী,  

হে "ভাৰতৰত্ন" 

তুমি অপৰাজয়ী ।

চন্দনা হীৰা


লেখকৰ ঠিকনা:
চন্দনা হীৰা।
সহকাৰী শিক্ষয়িত্ৰী,
বঙৰা পাঁচনীয়াপাৰা মজলীয়া বিদ্যালয়।
শিক্ষাখণ্ড: ৰামপুৰ।

Post a Comment

3 Comments