header ads

সম্পাদকীয় l 'জ্ঞানম্' ই-আলোচনী- দ্বিতীয় বছৰ, তৃতীয় সংখ্যা

সম্পাদকীয় 


          "It's okay to be proud of your good English. But don't be proud of being poor at your Mother tongue."

             গোলকীকৰণৰ এই যুগত সকলোৱে সৰ্বাধিক সংখ্যক ভাষা শিকিব বিচাৰে, তাৰ মাজতে গৰিষ্ঠ সংখ্যকে একাধিক ভাষা শিকিবলৈ সক্ষমও হয় । বিশ্বৰ বিভিন্ন দেশৰ লগত সমানে খোজত খোজ মিলাই আগুৱাই যাবলৈ হ'লে আমি বিভিন্ন ভাষা শিকা নিতান্তই প্ৰয়োজন। কিন্তু যেতিয়া শিশুৰ শিক্ষাৰ বিষয় আহে, তেতিয়া আন ভাষাতকৈ মাতৃভাষাৰ মাধ্যমেৰে শিকালে বেছি ফলপ্ৰসূ হোৱা দেখা যায় । শিশুৱে জন্মৰ পিছতে মাকৰ মুখৰ পৰা শুনা সেই প্ৰথম মাতষাৰ, যাক মাতৃভাষা বা আত্মাৰ ভাষা বোলা হৈছে ; শিক্ষাত এই ভাষাৰ গুৰুত্ব অপৰিসীম । বিশেষজ্ঞ সকলৰ মতে, মাতৃভাষাৰ মাধ্যমত দিয়া শিক্ষাৰ উপকাৰীতা সমূহ এনেধৰণৰ - ক) ছাত্ৰ-ছাত্ৰীসকলে সহজে বুজি পোৱা ভাষাত শিক্ষা লাভ কৰিলে শৈক্ষিক বিলম্ব নহয় । খ) তেওঁলোকে বিদ্যালয়খন বেছি আপোন অনুভৱ কৰে, আনন্দ ফুৰ্তিৰে শিকে । গ) ছাত্ৰ-ছাত্ৰীসকলৰ আত্মসন্মান বৃদ্ধি হোৱা পৰিলক্ষিত হয় । ঘ) অভিভাৱকৰ সহযোগিতা বৃদ্ধি হয় । বিদ্যালয়ৰ সকলো কাৰ্যসূচীত অভিভাৱক সকলে সক্ৰিয়তাৰে ভাগ লব সুবিধা পায় ইত্যাদি । সেয়ে শিশু সকলক যিমান দূৰ সম্ভৱ মাতৃভাষাতে প্ৰাৰম্ভিক শিক্ষা দিয়া উচিত । নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ত মাতৃভাষা শিক্ষাৰ লগতে বুনিয়াদী সাক্ষৰতা আৰু সংখ্যাজ্ঞানৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে । সকলোৰে সহযোগত এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমাৰ ভৱিষ্যত প্ৰজন্মক বহু দূৰ আগুৱাই নিব বুলি আমাৰ বিশ্বাস ।

             এই শিক্ষা নীতিতে পাঠ্যপুথিগত জ্ঞানৰ লগতে শিশু সকলক বাহ্যিক, ব্যৱহাৰিক জ্ঞানেৰে সমৃদ্ধ কৰি তোলাতো মনোনিবেশ কৰে হৈছে । আমি জ্ঞানম্ পৰিয়ালে এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা শিক্ষাৰ লগত জড়িত সকলোকে এখন মঞ্চ দিয়াৰ চেষ্টা কৰি আহিছোঁ । 

            'জ্ঞানম্' ই-আলোচনীৰ পূৰ্বৰ সংখ্যা কেইটাৰ দৰে এই সংখ্যাটিও সকলোৱে আদৰি লব বুলি আশা কৰিছোঁ । 

                                                                                                    ধন্যবাদেৰে


 
'জ্ঞানম্' ই-আলোচনী- দ্বিতীয় বছৰ, তৃতীয় সংখ্যা ।

Post a Comment

1 Comments

  1. সুন্দৰ আলোচনী,লিখনি কেনেকৈ পঠিয়াম জনাবচোন🙏

    ReplyDelete