ছয়গঞা উপভাষাৰ চমু আলোচনা----
( পঞ্চম খণ্ড )
( যোৱা সংখ্যাৰ পিছৰ পৰা.. )
গুমীৰ আঞ্চলিক ৰূপ :--
ছয়গাঁও নামৰ সৰু নগৰখনৰ পৰা উত্তৰ দিশত অৱস্থিত গুমী অঞ্চল । বেউলা -লক্ষীন্দৰ কেন্দ্ৰিক লোককথা আৰু লোকবিশ্বাসত এই অঞ্চলৰ নাম জড়িত আছে । গুমী অঞ্চলৰ ভাষা কওঁতে আমি গুমী ৰাজহ গাঁও আৰু তাৰ অন্তৰ্গত ওচৰা-উচৰি কেবাখনো গাঁৱৰ লোকৰ কথিত ভাষাকে বুজাব বিচাৰিছোঁ । গুমী, আগগুমী, পাছগুমী, গৰৈমাৰীৰ কিছু অংশ তথা ব্ৰহ্মপুত্ৰৰ খহনীয়াত উচন হোৱা ধূমগাড়া পথাৰ, জাহিদপুৰ, বৰটাৰী আদি গাঁৱৰ ভাষাটো একেধৰণৰ আছিল । উল্লেখ কৰিবলগীয়া যে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পিছত এই গাঁৱৰ গঞা সকলক বিভিন্ন ঠাইত সংস্থাপিত কৰা হৈছিল, সেয়েহে তেওঁলোকৰ সৈতে আঞ্চলিক ভাষাটোৱে প্ৰব্ৰজন কৰিছিল ।
পূৰ্বতে থকা যাতায়তৰ অসুবিধা আৰু শিক্ষা-দীক্ষাৰ অভাৱৰ ফলত ভাষাৰূপ সুকীয়া আছিল ; কিন্তু বৰ্তমান সময়ত সানমিহলিৰ কাৰণে ভাষাটোত উচ্চাৰণগত পাৰ্থক্য বৰ বেছি পৰিলক্ষিত নহয় ।
ছয়গঁঞা ভাষাৰ শব্দৰ স্বৰলোপ আৰু ধ্বনি বিপর্যয় হয় ; তাৰ ফলত গুমীৰ ভাষাৰ পৰিৱৰ্তন হয় । শব্দৰ দ্ৰুত উচ্চাৰণৰ খাতিৰত প্ৰথম, মধ্য বা শেষৰ কোনো স্বৰধ্বনি লোপ পালে তাকেই স্বৰলোপ বোলে । গুমীৰ আঞ্চলিক ৰূপত স্বৰলোপৰ উদাহৰণ দিয়া হ'ল:-
মান্য অসমীয়া ছয়গঞা গুমীৰ ৰূপ:
গামোচা গামছা গাম্ছা
কান্দিছে কানিছে কান্ছি
গৃহিণী গিৰাস্থেন্নী গিহনী
অমিতা মধুফল মুদ্ফল
শব্দগঠনৰ ক্ষেত্ৰত গুমীৰ ভাষা কিছু সুকীয়া । শুনিবলৈ মধুৰ কৰিবলৈ বা উচ্চাৰণৰ সুবিধাৰ বাবে কোনো এটা শব্দৰ আদি, মধ্য আৰু অন্ত স্থানত কেতিয়াবা স্বৰধ্বনি আৰু কেতিয়াবা ব্যঞ্জনধ্বনিৰ সংযোগ কৰা হয় । স্বৰধ্বনি সংযোগ কৰিলে স্বৰাগম আৰু ব্যঞ্জনধ্বনি সংযোগ হ'লে ব্যঞ্জনাগম বোলে । গুমীৰ ভাষাৰ ক্ষেত্ৰত স্বৰাগম এনেধৰণৰ :-
মান্য অসমীয়া ছয়গঞা গুমীৰ ৰূপ:
ৰুমাল ৰুমাল উৰ্ মাল
ভক্ত ভকাত ভকাত
পিতা পিতা পিতি
বগলী বগুলা বগুলি
নলীয়া নাইলা নুইলা
পটককৈ পট্ কে পুটুক্কে
শুৱনি শুৱনি শুৱেনি
প্লাষ্টিক প্লাষ্টিক পিলাস্তিক
স্কুল ইচ্ কুল ইচ্ কুল
লো লহা লুহা
ছয়গঞা উচ্চাৰণত ব্যৱহৃত 'স' বা 'খ' ৰ সলনি গুমীৰ ভাষাৰ ক্ষেত্ৰত 'ভ' বা 'হ' উচ্চাৰণ কৰাটো এক বৈশিষ্ট্য -----
মান্য অসমীয়া ছয়গঞা গুমীৰ ৰূপ:
অভ্যাস অভ্যাখ ওইভা
কাষলতি কাখলতি কাহলতি
বৰশী বৰখী বৰ্ হী
অসুৰ অখুৰ অহুৰ
অপিনিহিতি, গুমীৰ ভাষাৰ উচ্চাৰণৰ ক্ষেত্ৰত মন কৰা যায় -----
মান্য অসমীয়া ছয়গঞা গুমীৰ ৰূপ:
হালুৱৈ হালুৱে হাউলে
শালিকা শাইল্ খা শাইল্ কা
বামুণীয়া বামুণীয়া বামুইনা
গুমীৰ এই আঞ্চলিক ৰূপৰ মুল ছয়গাঁৱৰ ৰূপৰ সৈতে থকা পাৰ্থক্যখিনি এতিয়াও ঘৰুৱা কথা-বতৰাত স্পষ্ট হৈ আছে।
আগলৈ...
0 Comments