header ads

জ্ঞানম্ সাক্ষাৎকাৰ । দ্বিতীয় বছৰ, ৩য় সংখ্যা

 জ্ঞানম্ সাক্ষাৎকাৰ 


দুৰাৰোগ্য  কৰ্কট ৰোগৰ (কেনচাৰ্) সজাগতা আৰু সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখি ই-মেগাজিন 'জ্ঞানম্', কামৰূপৰ তৰফৰ পৰা  উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী চাৰ্জিকেল অঙ্কোল'জিষ্ট (Surgical Oncologist) তথা ৰাজ্যৰ বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ যদুনাথ বুঢ়াগোহাঁই ছাৰৰ কাষ চাপিছিলোঁ । কৰ্কট ৰোগৰ বিভিন্ন দিশ সামৰি তেওঁৰ সৈতে হোৱা গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰটি আপোনালোকলৈ আগবঢ়ালোঁ------- 

ডাঃ যদুনাথ বুঢ়াগোহাঁই


জ্ঞানম্ :
১) বৰ্তমান সময়ত দেখা গৈছে যে অসমত কেনচাৰ্  ৰোগীৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে। আপুনি ইয়াৰ কাৰণ কি বুলি ক'ব ? 

ডা: বুঢ়াগোহাঁই ছাৰ : কৰ্কট ৰোগৰ সজাগতাৰ ক্ষেত্ৰত আগ্ৰহ দেখুওৱাৰ বাবে প্ৰথমতে 'জ্ঞানম'লৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ । কৰ্কট ৰোগ 'কিয়' হয় ? এই 'কিয়'টো বৰ্তমান মানুহৰ মনত আনিব পাৰিলেই কেনচাৰ্ সমস্যাৰ সমাধানৰ ফালে আগবাঢ়িব পাৰি। মই ভাবো কেনচাৰ্  আগতেও আছিল, এতিয়া অলপ বেছি বাঢ়িছে। আজিকালি ৰিপোৰ্টিং হয়, আগতে প্ৰায় নহৈছিল। মানুহৰ জীৱন-ধাৰণৰ প্ৰণালী সলনি হৈছে, বয়স্কলোকৰ সংখ্যা বাঢ়িছে। ডেকা বয়সতো কৰ্কটৰোগ হয় যদিও বয়সস্থলোকৰ সংখ্যা যিমান বেছি হ'ব, সিমানেই কেনচাৰৰ সংখ্যাও বাঢ়ি যায়। নৰ্থ-ইষ্ট তথা অসমত 'ধপাঁত সেৱন' কৰ্কট ৰোগ সৃষ্টিৰ এক প্ৰধান কাৰক। পুৰুষৰ ৫০ শতাংশ কৰ্কট ৰোগৰ কাৰক ধপাঁত জাতীয় সামগ্ৰী সেৱন। এতিয়া আমাৰ লাইফ ষ্টাইল অলপ পশ্চিমীয়া  দেশৰ দৰে  হোৱাৰ বাবে বিয়া-বাৰু দেৰিকৈ হয়, যাৰ ফলত মহিলা সকলৰ মাজত ব্ৰেষ্ট কেনচাৰ্  আজিকালি বাঢ়িছে , যিটোক আমি লাইফ-ষ্টাইল দিজিজ্(Life style disease) বুলি কওঁ। কিন্তু পাশ্চাত্য দেশসমূহত ডাইগ'ন'চিচ(digonosis)  প্ৰথম অৱস্থাত (early stage) হয় বাবে তেওঁলোকৰ ৰিজাল্ট বহুত ভাল । 

       খাদ্যাভ্যাস, জীৱন-ধাৰণৰ প্ৰণালী, ৰাসায়নিক সাৰৰ অতিমাত্ৰা প্ৰয়োগ আদিয়েও কৰ্কট ৰোগ সৃষ্টিত প্ৰভাৱ পেলায়। 

জ্ঞানম্ : ২) এজন মানুহে কেঞ্চাৰত ভোগাৰ লক্ষণবোৰ কি কি হ'ব পাৰে ? 

ডা: বুঢ়াগোহাঁই ছাৰ :  মই কেইটামান লক্ষণৰ কথা কওঁ, যিবোৰ আমি জানিব লাগে- 

ক) মহিলাৰ স্তনৰ কৰ্কট ৰোগত  আৰম্ভণিতে গোটা এটা হয়, বিষ নহয়। লাহে লাহে ছাল বা মাংসপেশীত ধৰাৰ পিছতহে  বিষ হয়। বিষ হোৱা মানে এডভানছড্ ষ্টেজ (advanced stage) পোৱা। যদি বহু বছৰৰ পৰা গোটা বা টেমুনা আছে , তেনেহ'লে বিশেষ চিন্তাৰ কাৰণ নাই। কিন্তু হঠাতে পাচঁ/ছমাহৰ ভিতৰত যদি লাম্পচ্ /গোটা/টেমুনা ওলাইছে বা আগতে বহু বছৰৰ পৰা থকা টেমুনাটো ডাঙৰ হৈ আহিছে , বা বিষ অনুভৱ হৈছে তেতিয়া  আমি ডাক্তৰৰ ওচৰলৈ যাব লাগে। 


খ) আলচাৰ হ'লেও কৰ্কট ৰোগ হ'ব পাৰে । চাৰফেজ কোভাৰিং গ্যাপ(Surface covering gap) হ'লে  আলচাৰ বুলি কোৱা হয়। ছাল, মুখ আদি যিকোনো ঠাইত আলচাৰ হ'ব পাৰে। সাধাৰণতে আলচাৰ হ'লে এসপ্তাহ-দুসপ্তাহমানত শুকাই যায়। কিন্তু আমাৰ ঘা টুকুৰা যদি দুমাহ/তিনিমাহ ধৰি শুকোৱা নাই , তেতিয়া ই কেনচাৰ্ হ'ব পাৰে। এইবিলাকক নন-হিলিং-আলচাৰ (Non- healing Ulcer) বুলি কোৱা হয়। 


গ) অস্বাভাৱিক ৰক্তক্ষৰণ (Unusual bleeding) যেনে-যদি পাইখানাৰ লগত তেজ যায়(পাইলচ্ নহ'বও পাৰে), পেচাবৰ লগত ব্লিডিং হয়, কাঁহ-খেকাৰৰ লগত তেজ পৰে, মহিলাৰ  মাহেকীয়া সময়ৰ বাহিৰে বেলেগ সময়ত যদি ব্লিডিং হয় , পুৰুষ-মহিলাৰ শাৰীৰিক সম্বন্ধৰ পিছত যদি ব্লিডিং হয়, তেতিয়া আমি ডাক্তৰৰ পৰামৰ্শ  লোৱা উচিত। 


ঘ)  অনিয়মীয়া শৌচ-প্ৰস্বাৱ(irregular bowel habit)কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে। ইৰেগুলাৰ বাৱেল হ্যাবিট মানে যদি পায়খানা ছমাহমানৰ পৰা দিনটোত ৫/৬ বাৰ হয় বা যদি পায়খানা ২/৩ দিনৰ মুৰতহে হৈ থাকে, বা পায়খানা হোৱাৰ পিছত যদি পুনৰ পায়খানা হ'ব যেন লাগি থাকে আৰু এইবোৰৰ লগত যদি তেজ পৰে, তেনেহ'লে এইবোৰ কৰ্কট-ৰোগৰ লক্ষণ হ'ব পাৰে। ( কিন্তু কাৰোবাৰ যদি গোটেই জীৱনটোৱেই পায়খানা সদায় নহয় বা কেবাবাৰো হয়, তাত বিশেষ  অসুবিধা নাই।) 


ঙ)  খাদ্যনলীৰ কৰ্কট ৰোগ হ'লে খাওঁতে বা গিলোতে অসুবিধা হ'ব পাৰে। ( সাধাৰণতে কেনচাৰ্ ৰোগত অসুবিধাবোৰ পোৱা মানে ই যথেষ্ট বাঢ়ি যায়।) 


চ) ভইচ্ বক্সত(Voice box) যদি অসুখ হয় বা খাদ্যনলীৰ( Esophagus) কেনচাৰৰ পৰাও কেতিয়াবা গ্ৰন্থিলৈ (node) বিয়পিলে নাৰ্ভত প্ৰেচাৰ পৰি মাতটো ভাঙি যায়, সেয়া কেনচাৰৰ লক্ষণ হ'ব পাৰে । সাধাৰণতে চৰ্দি লাগিলে ২/৩ সপ্তাহ থাকি ভাল হৈ যায়, কিন্তু  কেনচাৰৰ বাবে হ'লে ই ভাল নহয়, বৰং লাহে লাহে বাঢ়িহে যায়। 


ছ) আমাৰ শৰীৰত থকা মাহ/তিলবোৰৰ(mole) আকাৰ যদি হঠাতে ডাঙৰ হৈ যায় বা খজুৱাই বা তাত ঘাঁ লাগে, তেতিয়া সেয়াও কেনচাৰৰ বাবে হ'ব পাৰে। 


জ) কোনো কাৰণ নোহোৱাকৈ যদি ওজন কমি গৈ থাকে, ভোক নালাগে, হিমগ্ল'বিন কমি গৈ থাকে ,তেতিয়া আমি ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে। 

জ্ঞানম্ : ৩) কেঞ্চাৰৰ পৰা আঁতৰি থাকিবলৈ আমি কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ? 

ডা: বুঢ়াগোহাঁই ছাৰ :  কৰ্কট-ৰোগৰ ক্ষেত্ৰত সাৱধান হ'বলৈ সজাগতাৰ অতিকৈ প্ৰয়োজন। মিডিয়াৰ পৰা আৰম্ভ কৰি  স্কুল-কলেজ, গাঁও-চহৰ সকলোতে সজাগতাৰ প্ৰয়োজন। সজাগতাটো এটা আন্দোলনৰ দৰে হোৱা উচিত, ই কেৱল 'কৰ্কট ৰোগ দিৱস'ৰ (Cancer Day) দিনাই সীমাবদ্ধ হ'ব নালাগে। 

         পুৰুষ-মহিলাৰ কৰ্কট-ৰোগ শতকৰা তিনিভাগৰ এভাগেই ধপাঁত জাতীয় সামগ্ৰীৰ পৰা হয়, সেয়েহে  ধপাঁত জাতীয় সামগ্ৰীসমূহ নিষিদ্ধ কৰিব পাৰিলে (banned) আমি তিনিভাগৰ এক অংশ কৰ্কট ৰোগ হোৱাৰ পৰা বাধা দিব পাৰিম। 

        তাৰোপৰি ধপাঁত আৰু মদ্যপান (alcohol consumption) দুয়োটা একেলগে কৰিলে কৰ্কট-ৰোগৰ ঘটনা যথেষ্ট বাঢ়ে। সেয়েহে অতিৰিক্ত  মাত্ৰাত এলক'হল(alcohol) ল'ব নালাগে।

         ইয়াৰ পিছতেই আমি খোৱা-লোৱাৰ সময় ঠিক ৰাখিব লাগে । অতিৰিক্ত খাদ্য খাব নালাগে । ফল-মূল, শাক-পাচলি বেছিকৈ খাব লাগে, শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰিব লাগে, যিমান পাৰি ষ্ট্ৰেছ(stress) নোহোৱাকৈ থাকিব লাগে, অৰ্থাৎ জীৱন-ধাৰণৰ প্ৰক্ৰিয়া উন্নত (life style modify) কৰিব লাগে। 

        এইখিনিতেই মই আৰু এটা কথা ক'ব বিচাৰোঁ যে চল্লিশ বছৰ বয়সৰ পৰা বছৰেকত আমি এটা মাষ্টাৰ হেল্থ-চেক্-আপ কৰিব লাগে। সাৱধানতাৰ বাবে এইয়া অতি জৰুৰী । ইয়াৰোপৰি কেনচাৰ্ বা আন যিকোনো টকা-পইচাই জুৰুলা কৰা বেমাৰৰ বাবে সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি আটাইৰে ' স্বাস্থ্য সুৰক্ষা আঁচনি ' (Health policy) থকাটো দৰকাৰ। 

        কৰ্কট-ৰোগ প্ৰতিৰোধৰ বাবে ভেকচিনৰ ব্যৱস্থাও আছে। জৰায়ুৰ কৰ্কট ৰোগ ৰোধ কৰিবৰ বাবে ৯ বছৰ বয়সৰ পৰাই ছোৱালীসকলক ভেকচিন দিব পাৰি। আজিকালি পুৰুষসকলৰ বাবেও ভেকচিনৰ  ব্যৱস্থা হৈছে।

    জ্ঞানম্ : ৪) শৰীৰে কেঞ্চাৰ প্ৰতিৰোধ কৰিব পৰাকৈ আমাৰ খাদ্যাভাস আৰু জীৱন ধাৰণৰ প্ৰণালী কেনে হোৱা উচিত ? 

ডা: বুঢ়াগোহাঁই ছাৰ : ৰেড্ মিট (red meat) যেনে-

গাহৰি, ছাগলী আদিৰ মাংস নিয়মীয়াকৈ খালে বেয়া; কিয়নো ৰেড্ মিটত কেনচাৰ ইনচিদেণ্ট (cancer incident) বেছি হয়।  মাহত এদিন/দুদিন খালে অসুবিধা নহয়। আঁহজাতীয় খাদ্যসমূহ খাব লাগে, যাতে কোষ্ঠকাঠিন্য নহয় আৰু ইয়ে আমাক ক'ল'ন কেনচাৰ্ (Colon Cancer) দূৰত ৰখাত সহায়ক হ'ব। বাকী আৰু মাদকদ্ৰব্য , ধপাঁত আদিৰ পৰাটো দূৰত থাকিবই লাগে। 

জ্ঞানম্ : ৫) মহাশয়, আজিকালি বজাৰত পোৱা বিভিন্ন খাদ্য, শাক-পাচলিত অত্যাধিক মাত্রাত সাৰৰ প্ৰয়োগ কৰ্কট ৰোগ সৃষ্টিৰ বাহক বুলি আপুনি ভাৱেনে ? এই ক্ষেত্ৰত চৰকাৰে বিষাক্ত সাৰ চিনাক্ত কৰি নিষিদ্ধ কৰাৰ দৰে পদক্ষেপ লোৱা উচিত । এই বিষয়ে আপোনাৰ মতামত জানিব বিচাৰিছোঁ । 

ডা: বুঢ়াগোহাঁই ছাৰ : শাক-পাচলি, খাদ্যত অতিমাত্ৰা সাৰৰ প্ৰয়োগে কৰ্কট ৰোগ সৃষ্টিত সহায় কৰিব পাৰে। আমি হয়তো লাহে লাহে এইবোৰ গম পাম, কিয়নো কৰ্কট ৰোগ হিচাপে প্ৰকট হ'বলৈ ১০ ৰ পৰা ১৫ বছৰ লাগে। 

          বিষাক্ত সাৰ চিনাক্তকৰণৰ ক্ষেত্ৰত নিশ্চয়কৈ  চৰকাৰৰ নীতি-নিয়ম থকাটো দৰকাৰ । চৰকাৰে হয়তো চায়, কিন্তু ভালকৈ চোৱাৰ প্ৰয়োজনীয়তা আছে ।  যিখিনি মানুহে বেছি উৎপাদনৰ বাবে অতিমাত্ৰাত সাৰসমূহ প্ৰয়োগ কৰে, তেওঁলোকো আমাৰ মাজৰে একোজন মানুহ । সেয়ে কেৱল চৰকাৰৰ ওপৰতেই নিৰ্ভৰ নকৰি  অতিমাত্ৰা সাৰৰ মাৰাত্মকতা জনাই আমিও তেওঁলোকক সজাগ কৰিব লাগে যে জৈৱিক সাৰ ব্যৱহাৰ কৰিও উৎপাদন বৃদ্ধি কৰিব পাৰি । 

জ্ঞানম্ : ৬) যিহেতু ধূমপান কৰাতো কৰ্কট ৰোগৰ মূল কাৰণ বুলি ধৰা হয় আৰু বৰ্তমান সময়ত বহু কম বয়সীয়া ছাত্ৰ-ছাত্ৰী ধূমপান, গুটখা ইত্যাদিত আসক্ত, তেনে ক্ষেত্ৰত চৰকাৰীভাৱে নিচা-মুক্তি কেন্দ্ৰৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আপোনাৰ মতামত কি ? 

ডা: বুঢ়াগোহাঁই ছাৰ : মেডিকেল কলেজসমূহত নিচা-মুক্তি কেন্দ্ৰ আছে যদিও এতিয়া যিহেতু নিচাত আসক্তৰ সমস্যাটো বাঢ়িছে আৰু নিচা-মুক্তিৰ চিকিৎসাও  দীঘলীয়া(দুই/এদিনত নহয়) আৰু খৰচী, সেয়ে জিলা পৰ্যায়ৰ হস্পিতেলসমূহলৈও ইয়াৰ সম্প্ৰসাৰণ  কৰিব পাৰিলে ভাল। 

জ্ঞানম্ : ৭) কৰ্কট ৰোগ বৰ্তমান সময়ৰ এবিধ বহুত জটিল ৰোগ । এই কৰ্কট ৰোগ নিৰ্মূলকৰণৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞানৰ অগ্ৰগতি সন্দৰ্ভত আপোনাৰ দু-আষাৰ । 



ডা: বুঢ়াগোহাঁই ছাৰ : কৰ্কট ৰোগ নিৰ্মূলকৰণৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞান যথেষ্ট আগবাঢ়িছে। তাৰে ভিতৰত আছে- 

ক) প্যাট স্ক্যান (PET scan) : প্যাট স্ক্যানৰ জৰিয়তে গোটেই শৰীৰটো স্ক্যান(scan) কৰি কেনচাৰ্ আছে নে নাই গম পাব পাৰি। 

খ) মেম'গ্ৰাফী (Mamography) : চল্লিশ (40) বছৰৰ ওপৰৰ মহিলাখিনিক স্ক্ৰিনিং(screening) কৰি মেম'গ্ৰাফী কৰা হয়। মেম'গ্ৰাফীৰ দ্বাৰা মহিলা এগৰাকীৰ ব্ৰেষ্ট কেনচাৰ আছেনে নাই আগতীয়াকৈ গম পাব পাৰি আৰু এনেকৈ আগতীয়াকৈ গম পালে ১০০ শতাংশই মহিলাগৰাকীক কেনচাৰৰ পৰা আৰোগ্য কৰিব পাৰি। চিকিৎসা বিজ্ঞানৰ এয়া এক ডাঙৰ অগ্ৰগতি। 

গ) প্যাপ স্মেৰ টেষ্ট (Pap smear) : প্যাপ স্মেৰ টেষ্টৰ দ্বাৰা জৰায়ুৰ পৰা গোন্ধ পৰীক্ষা কৰি কেনচাৰৰ বিষয়ে অৱগত হ'ব পাৰি বা কেনচাৰৰ বিষয়ে আগতীয়াকৈও জানিব পাৰি। সেয়ে মানুহে বছৰত এবাৰ এই টেষ্টটো কৰা দৰকাৰ। 

ঘ) কেনচাৰৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞানৰ আটাইতকৈ ডাঙৰ অগ্ৰগতিটো হ'ল কেনচাৰ ভেকচিন। এইচ্ পি ভি(HPV) প্ৰতিৰোধ কৰিবৰ বাবে ভেকচিনটো ল'ব লাগে, তেতিয়া আৰু জৰায়ুৰ কেনচাৰ নহয়। 

ঙ) তাৰোপৰি, ফ্ৰজেন চেকচন্( Frozen section) বুলি এটা টেষ্ট আগৰেপৰাই আছে, যিটোৰ দ্বাৰা কটা অংশত কেনচাৰ্ আছে নে নাই ২৫ মিনিটমান সময়ৰ ভিতৰতেই ক'ব পাৰি। 

চ) আজিকালি প্লাষ্টিক চাৰ্জাৰীও বহু উন্নত হৈছে । মাইক্ৰ'চাৰ্জাৰি(micro surgery), লেপৰোস্ক'পিক চাৰ্জাৰী(leoroscopic surgery), ৰ'ব'টিক চাৰ্জাৰী(Robotic surgery), ৰেডিঅ' চাৰ্জাৰী(Radiosurgery) আদিৰে চাৰ্জাৰীৰ ক্ষেত্ৰখন বহুত উন্নত হৈছে। 

জ্ঞানম্ : ৮) মহিলা সকলক Breast cancer ৰ বিষয়ে কেনেদৰে সজাগ আৰু সচেতন কৰিব পাৰি ? 



ডা: বুঢ়াগোহাঁই ছাৰ : এই ক্ষেত্ৰত সজাগতাৰ অতিকে প্ৰয়োজন, মই আগৰে পৰাই কৈ আহিছোঁ। ব্ৰেষ্ট (Breast)ত টেমুনা হোৱা মানেই কেনচাৰ্ নহ'বও পাৰে, যদিও ডাক্তৰৰ ওচৰলৈ যাব লাগে কিয়নো দহগৰাকীৰ ৩/৪ গৰাকীৰেই হয়। তাৰোপৰি মহিলাগৰাকীয়ে মাহেকত এবাৰ( মাহেকীয়া হোৱাৰ এসপ্তাহ পিছত) নিজাকৈ স্তন পৰীক্ষা  (Self breast examination) কৰিব লাগে। ছেল্ফ-ব্ৰেষ্ট-এগজামিনেছনত- যিহেতু মহিলাগৰাকীয়ে নিজেই তিনিটা আঙুলিৰে ব্ৰেষ্ট পৰীক্ষা কৰিব লাগে গতিকে তাত গোপনীয়তা থাকে, বা তেওঁ ক'তো যাব নালাগে। ব্ৰেষ্টত বুটমাহটোৰ দৰে গোটা পালেও নাইবা কিবা পৰিবৰ্তন পালে ডাক্তৰক দেখুৱাব লাগে। ৪০ বছৰৰ পিছত বছৰেকত মেম'গ্ৰাফী(Mamography) এখন কৰাব লাগে। তাৰপিছত আছে ক্লিনিকেল- ব্ৰেষ্ট- এগজামিনেছন(Clinical breast examination) মানে বছৰেকত এবাৰ ডাক্তৰক দেখুৱাব লাগে। এইখিনি কৰিলেও আমি ব্ৰেষ্ট কেনচাৰৰ ক্ষেত্ৰত বহু সজাগ হ'ব পাৰিম। 

জ্ঞানম্ : ৯) কৰ্কট ৰোগৰ ভয়াবহতাৰ কথা আৰু সাৱধানতা সম্পৰ্কে  সৰুৰে পৰাই ছাত্ৰ-ছাত্ৰীক সচেতন কৰিবলৈ বিদ্যালয়ত কেনেকুৱা ব্যৱস্থা লোৱা উচিত বুলি আপুনি ভাৱে ? 

ডা: বুঢ়াগোহাঁই ছাৰ : বিদ্যালয়ত পঢ়া সময়খিনিয়েই মানুহৰ জীৱনৰ আটাইতকৈ মধুৰ সময়। গতিকে শিক্ষাৰ্থী জীৱনৰ পৰাই স্বাস্থ্য সম্বন্ধীয় ধনাত্মক দিশবোৰ চৰ্চা কৰাটো বৰ প্ৰয়োজনীয়। কম বয়সৰ পৰাই ধঁপাত, ড্ৰাগচ্ আদি নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তিৰ  ফলতেই কৰ্কট ৰোগে বৰ্তমান জটিল ৰূপ লৈছে। গতিকে পঢ়া জীৱনতেই এইবোৰ দিশ আলোচনা হোৱাটো ভাল কথা বুলি মই ভাবো। বিদ্যালয়ত অনুষ্ঠিত হোৱা তৰ্ক, কুইজ, আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ নিৰ্বাচিত বিষয়সমূহতো কৰ্কট ৰোগৰ কাৰক, লক্ষণ, সাৱধানতা আদি অন্তৰ্ভুক্ত কৰিলে তেওঁলোক সজাগ হ'বলৈ শিকিব । এনেধৰণৰ গঠনমূলক চিন্তা-চৰ্চাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক স্বাস্থ্যৰ প্ৰতি অধিক সচেতনো কৰিব বুলি মই ভাবো। বিশেষকৈ শিক্ষাৰ্থী জীৱনৰ পৰাই ভাল খাদ্যাভ্যাস গঢ়ি ল'ব লাগে।

জ্ঞানম্ : ১০) কৰ্কট ৰোগৰ ভয়াবহতা জানি-শুনিও আমি নিজকে সজাগ কৰিব পৰা নাই । তেনেস্থলত সকলোৰে মাজত প্ৰকৃত সজাগতা সৃষ্টি কৰিবলৈ, কিবা ব্যতিক্ৰমী পদক্ষেপ ল'ব পাৰি নেকি ? 

ডা: বুঢ়াগোহাঁই ছাৰ : ব্যতিক্ৰমী পদক্ষেপ বুলি বিশেষ তেনে একো নাই। মানুহ নিজেই সজাগ আৰু সচেতন হ'ব লাগিব। শিক্ষিতসকলে কৰ্কট ৰোগৰ সকলো দিশ ভালকৈ অধ্যয়ন কৰি সাধাৰণ মানুহখিনিৰ মাজত আলোচনা চক্ৰ, সজাগতা সভা আদি অনুস্থিত কৰি এক সজাগতাৰ পৰিবেশ সৃষ্টি কৰিব পাৰে। এই ৰোগৰ চিকিৎসা যিহেতু যথেষ্ট ব্যয়বহুল, গতিকে মানুহ সজাগ আৰু সচেতন হোৱাটো জৰুৰী। স্বাস্থ্য-বীমা একোটিও প্ৰত্যেক মানুহেই কৰি থোৱাটো ভাল, যাতে বিপদৰ সময়ত কামত আহে। তদুপৰি ৪০/৫০ বছৰ উৰ্ধৰ মানুহখিনিয়ে বছৰত এবাৰ 'মাষ্টাৰ হেল্থ চেক আপ'(Master health check up) কৰিব লাগে। চৰকাৰেও পৰাপক্ষত যথেষ্টখিনি কৰ্কট ৰোগীৰ ক্ষেত্ৰত সুবিধা আগবঢ়াইছে। 'স্বাস্থ্যই পৰম ধন'- এই বিশ্বাস আৰু আশ্বাস সমাজত বৰ্তি থাকিলে আমি বহু ৰোগৰ সমস্যাৰ পৰা দূৰত থাকিব পাৰোঁ। 

জ্ঞানম্ : ১১) সমাজ সেৱাৰ ক্ষেত্ৰখনত আপোনাৰ বিভিন্ন মহান কৰ্মই আমাক প্ৰেৰণাযোগাই আহিছে । এইক্ষেত্ৰখনলৈ অহাত আপোনাৰ প্ৰেৰণাৰ উৎস জানিব পাৰিম নে..! 

ডা: বুঢ়াগোহাঁই ছাৰ :  সমাজ সেৱাৰ প্ৰেৰণাৰ উৎস বুলি ক'লে মই মোৰ দেউতাৰ কথা ক'ব লাগিব। তেখেত এজন আদৰ্শবান শিক্ষক আছিল। অৱসৰৰ পিছত পোৱা টকাখিনিৰ কিছু অংশ তেওঁ সমাজৰ কামতেই খটুৱাইছিল। মোৰ নিজৰ অধ্যয়নৰ ফলতো উপলব্ধি কৰিছোঁ যে মানুহ সমাজ অবিহনে জীয়াই থাকিব নোৱাৰে। আমি বৃদ্ধ হৈ এদিন মৰি যোৱাৰ পিছত কোনবোৰ কামক  লৈ আমাক সমাজে মনত ৰাখিব(!), সেই কথা উপলব্ধি কৰিছোঁ, সেয়ে যথাসম্ভৱ নিজৰ ঠাইখনক, নিজৰ সমাজখনক পৰাপক্ষত সহায় কৰিবলৈ প্ৰয়াস কৰোঁ। এজন মানুহে এখন সমাজ অকলে শুদ্ধ কৰিব নোৱাৰে, কিন্তু ঐক্যবদ্ধ প্ৰচেষ্টাই সমাজ এখনক বহুদূৰ আগবঢ়াই নিব পাৰে। 


জ্ঞানম্ : কৰ্কট ৰোগৰ বিষয়ে  বহু নজনা কথাই  জানি উপকৃত হ'লোঁ ছাৰ। আশা কৰোঁ আটায়েই পঢ়ি উপকৃত হ'ব আৰু সজাগ হ'ব পাৰিব । শেষত ইমান  ব্যস্ততাৰ মাজতো  'জ্ঞানম্'ক  সময় দিয়া বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ l


সাক্ষাৎগ্ৰহণ:

মনবিনী দাস।

সদস্য, জ্ঞানম্ ।


মনবিনী দাস

Post a Comment

2 Comments

  1. বহু খিনি কথা জানিব পাৰি বৰ ভাল লাগিল l সমূহ কৰ্মকৰ্তালৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ

    ReplyDelete
  2. সাক্ষাৎকাৰটোৱে কৰ্কট ৰোগ সম্পৰ্কীয় বহুখিনি প্ৰয়োজনীয় বিষয়ৰ সম্ভেদ দিলে।ডাঃ যদুনাথ বুঢ়াগোঁহাইৰ এই যাত্ৰা অবিৰত হৈ ৰওক।জ্ঞানমলৈ অশেষ ধন্যবাদ।

    ReplyDelete