header ads

দেউতা | Assamese Poem by Jintimoyee Thakuria

 দেউতা


দেউতা এনে এজন মানুহ

যিজনে মোক সৰুৰে পৰা আঙুলিত ধৰি 

খোজ কাঢ়িবলৈ শিকাইছিল ।


দেউতা এনে এজন মানুহ

যিজনে মোৰ হাঁহিৰ বাবে নিজৰ দুখবোৰ 

 লুকুৱাই ৰাখে ।

 

দেউতা এনে এজন মানুহ

যিজনে মোক সঠিক পথ দেখুৱায় ।


দেউতা এনে এজন মানুহ

যিজনৰ চকুত মোৰ সফলতাৰ

সপোন বিৰিঙি থাকে । 

 

দেউতা এনে এজন মানুহ

যিজনে মোৰ প্ৰতিটো বিপদৰ লগৰী ।


দেউতা এনে এজন মানুহ

যিজনে মোক সদায় বিশ্বাস কৰে ।


দেউতা এনে এজন মানুহ

যিজনৰ মৰম চিৰ যুগমীয়া ।

লেখকৰ ঠিকনা:

শ্ৰী জিণ্টীময়ী ঠাকুৰীয়া।

সপ্তম শ্ৰেণী,

সত্ৰপাৰা আইডিয়েল হাইস্কুল।

ৰামপুৰ শিক্ষাখণ্ড।

Post a Comment

0 Comments