header ads

এজোপা বকুল | Assamese Poem by Nabajyoti Kumar

 এজোপা বকুল


পদূলিত এজোপা বকুল ৰুম

লাহে লাহে বকুলজোপা বাঢ়িব

বাঢ়ি অহা বকুলজোপাই

ডাল-পাত মেলি

এজোপা ডাঙৰ গছ হৈ পৰিব ।


তাত ফুল ফুলিব

ফুলবোৰেৰে তুমি মালা গাঁথিবা

ফুলৰ সুগন্ধত চৌপাশ সুবাসিত হ'ব ।


তাত এদিন ফলো ধৰিব

পকা বকুলবোৰ আমি খাম

গুটিবোৰেৰে খেল খেলিম

সেই যে আঁচ টনা খেলবিধ---


সময়বোৰ পাৰ হ'ব

বকুলজোপা আৰু ডাঙৰ হ'ব

আৰু তাৰ ছাঁত

এদিন আমি জিৰণি লম ।

    

লেখকৰ ঠিকনা:

নৱজ্যোতি কুমাৰ।

সহ: শিক্ষক,

ঘটনগৰ মধ্য ইংৰাজী বিদ্যালয়।

Post a Comment

0 Comments