header ads

চিপ্ চিপ্ টপ্ টপ্ | Assamese Poem by Boby Kalita

 

চিপ্ চিপ্ টপ্ টপ্ 


চিপ্ চিপ্ টপ্ টপ্

বৰষুণৰ তালত,

নাচি আছে কণমানি

আনন্দৰ ধাৰত ।


বোৱাই দিছে কাগজৰ নাও

পানীৰ সোঁতত,

উটি গৈছে নাওখনি

চকুৰ নিলগত ।


তিতিবুৰি কণমানিৰ

দেহৰ অৱস্থা নাই,

গোটেই নিশা চৰ্দি-কাহত

টোপনি নাই ।


নহৰু তেল গৰম কৰি

মাকে দিলে মালিচ কৰি,

কোচত তুলি কয় আইতাই

আৰু তেনেদৰে বৰষুণত নিতিতিবি

ডাঙৰে কোৱা কথাবোৰ

ভালদৰে শুনিবি ।




লেখকৰ ঠিকনা:

শ্ৰীববি কলিতা ।

সহ: শিক্ষয়িত্ৰী,

শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয় ।

হাজো শিক্ষাখণ্ড ।

Post a Comment

0 Comments