ছয়গঞা উপভাষাৰ চমু আলোচনা ( ষষ্ঠ খণ্ড )
( যোৱা সংখ্যাৰ পিছৰ পৰা )
ছয়গাঁৱৰ দক্ষিণ অঞ্চলৰ ভাষা ( আঞ্চলিক ৰূপ )
ছয়গাঁৱৰ দক্ষিণ দিশ মেঘালয় ৰাজ্যৰ সীমালৈকে বিস্তৃত । পাহাৰ আৰু নদীয়ে এই সীমা নিৰ্ধাৰণ কৰিছে । ৰাজনৈতিক বা প্ৰশাসনিক সীমা নিৰ্ধাৰিত হ'লেও অতীজৰে পৰা মানুহৰ ভিন্ন গোটসমূহৰ পাৰস্পৰিক বুজাবুজিয়ে কোনো ভৌগোলিক সীমা নামানি ভাষা-কৃষ্টি, বেহা আৰু লোক চিন্তাৰ আদান- প্ৰদান ঘটি আহিছে । ছয়গাঁৱৰ দক্ষিণ অঞ্চলত সাধাৰণতে পাতিৰাভা জনগোষ্ঠীৰ লোকৰ ঘনত্ব বেছি যদিও গাৰো আৰু বড়ো মানুহো এই অঞ্চলৰ বাসিন্দা । প্ৰাগ্ ঐতিহাসিক সময়ৰ পৰাই ছয়গাঁৱৰ এই অঞ্চলটোৰ গুৰুত্ব বৰ বেছি । প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্র্যইও এই অঞ্চল সমৃদ্ধ কৰিছে । কোঁচ ৰজা বিশ্বসিংহই ঔগুৰিৰ ভূঞাসকলক ৰণত পেলাই কোঁচ ৰাজ্য স্থাপন কৰিছিল । জাহাঙ্গীৰৰ শাসন কালত মিৰ্জা নাথনক ছয়গাঁও ঢেকেনাবড়ীৰ ৰণত পাহাৰীয়া জনজাতীয় ৰজাসকলে হৰুৱাই ছত্ৰভংগ দিছিল । আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বৰ সময়ত এই অঞ্চল চাৰিজন ৰজা পোৱালিৰ দ্বাৰা শাসন কৰা হৈছিল । এই ৰজা পোৱালি কেইজনক ছয়গাঁও, বনগাঁও, পাণ্টান আৰু বগেত স্থাপন কৰিছিল বুলি হৰকান্ত বৰুৱাই সদৰামীনৰ 'অসম বুৰঞ্জী'ত উল্লেখ কৰিছে ।
বৃটিছৰাজৰ সময়তো ছয়গাঁৱৰ জনজাতীয় লোকসকলে এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল । দক্ষিণৰ পাহাৰীয়া অঞ্চলৰ জনজাতীয় লোকসকলে (বৰ্তমান কিছু অংশ মেঘালয়ৰ খাছী হিলচ্ ৰ অন্তৰ্গত) বৃটিছৰ বিৰুদ্ধে তিনি দুৱাৰৰ ৰণ কৰে । এই ৰণত বিদ্ৰোহী বাহিনী জয়ী হ'ব নোৱাৰিলেও বৃটিছক নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰায় । গান্ধীজীৰ অহিংসা নীতিতো বিশ্বাসী বহুতো ৰাভা, গাৰো- লোকৰ কাৰাবৰণৰ উল্লেখ পোৱা যায় । তদুপৰি ভূমিৰ অধিকাৰ আৰু বনজ সম্পদ ৰক্ষাৰ কাৰণে ভূমি নীতিৰ সংশোধনীৰ জৰিয়তে নতুন ভূমি আইন প্ৰণয়ণৰ যি বিপ্লৱ, তাত ছয়গাঁও অঞ্চলকে আদি কৰি দক্ষিণ কামৰূপৰ জনজাতীয় মানুহখিনিৰ অংশগ্রহণ কৰাটো এক সুদূৰপ্ৰসাৰী চিন্তাৰ পৰিচায়ক ।
২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ছয়গাঁও ৰাজহ চক্ৰৰ মুঠ জনসংখ্যা ১,২১,৬২৮ গৰাকী, ইয়াৰে জনজাতীয় লোকৰ সংখ্যা- ৪৬,৪২৬ । ৰাভা জনজাতিৰ লোকৰ সংখ্যা প্রায় ৩১ হাজাৰ, বড়ো প্ৰায় ৯ হাজাৰ আৰু গাৰো ৬ হাজাৰ মান আছে ।
এসময়ত প্ৰতিটো জনগোষ্ঠীৰ নিজা নিজা দোৱান আছিল , কিন্তু গাৰোসকলৰ বাদে ৰাভা আৰু বড়ো মানুহখিনিয়ে নিজা ভাষা বহু বছৰ আগতে হেৰুৱাই পেলাইছে । মৌখিক লোকগীত আৰু আখ্যানসমূহেও তাকে প্ৰমাণিত কৰে । কিন্তু তেওঁলোকৰ কঠিন ভাষাটোৰ কিছু সুকীয়া বৈশিষ্ট্য আছে। সেয়া আলোচনা কৰা হ’ল -----
ৰাভামিজ – ৰাভাসকলৰ মাজত প্ৰচলিত ৰাভামিজ ভাষাক দুটা ভাগত ভাগ কৰিব পাৰি :
(১)ৰাভা পিজিন (Pidgin) আৰু (২) ৰাভা ক্ৰেঅ’ল (creole)
ৰাভা জনগোষ্ঠীৰ ৰংদানি, মায়াতৰী আৰু চুঙ্গাঁ ফৈদৰ মাজত তেওঁলোকে কথা পাতোতে ব্যৱহাৰ কৰা ৰাভামিজ ভাষাটো এটা মিশ্ৰিত ভাষা । ৰাভা ভাষা ক’ব নজনা ৰাভাসকলৰ মাজত প্ৰচলিত ক্ৰেঅ’ল ৰূপটোৰ সৈতে অসমীয়া ভাষাৰ কেইবাটাও আঞ্চলিক ৰূপৰ বৰ বেছি তফাৎ নাই । অসমীয়া ভাষাৰ আঞ্চলিক ৰূপৰ সৈতে ফৈদ অনুসৰিও ৰাভামিজ ভাষাটোৰ পাৰ্থক্য পৰিলক্ষিত হয়। ছয়গঞা আঞ্চলিক ৰূপৰ সৈতে ছয়গাঁৱত বা দক্ষিণ কামৰূপত অতীতৰ পৰা বসবাস কৰি থকা পাতি ৰাভাসকলৰ ৰাভামিজৰ যি উমৈহতীয়া ৰূপ পোৱা যায়, ই একক আৰু বৈশিষ্ট্যপূৰ্ণ ; যাক আমি ছয়গঞা ৰাভামিজ বুলি উল্লেখ কৰিব পাৰোঁ ।
মান্য অসমীয়াৰ কিছুমান শব্দৰ আদি অক্ষৰৰ 'অ' - ধ্বনি পাতিৰাভাসকলৰ ছ° ৰাভামিজত -'ও' ৰূপে উচ্চাৰণ হয়:
মান্য অসমীয়া ছয়গঞা ছ°ৰাভামিজ
কৰ কৰ কোৰ
কৰিছে কচ্ছি কোৰছি
সভা সভাহ সোভা
কইনা কইনা কোইনা
পল পলঙা পোলোঙা
পাতিৰাভাসকলৰ ছ° ৰাভামিজত মান্য অসমীয়াৰ স্বৰৰ পৰিৱৰ্তন হয় । প্ৰথমস্থানৰ পৰৱৰ্তী উচ্চস্বৰৰ প্ৰভাৱত পূৰ্বৱৰ্তী নিম্নস্বৰ উচ্চ হয়:
মান্যঅসমীয়া ছয়গঞা ছ° ৰাভামিজ
কবি কবি কবি
বগৰী বগুৰী বুগুৰী
নহৰু নেহুৰ নিহুৰ
তপিনা তাপেলিয়া তাপিলা
কটাৰী কাটেৰী কাতিৰি
মেকুৰী মেকুৰী মেকিৰি
বগলী বগুলা বুগুলা
ডেকা তেকেনিয়া তিকিনা
মোৰ মোৰ্ মুৰ্
মূল ছয়গঞা ভাষাত - 'ঙ ' ৰ ব্যৱহাৰ সুকীয়া , কিন্তু ছ° ৰাভামিজত - 'ঙ ' ব্যৱহাৰ মান্য অসমীয়াৰ দৰে একে হয় :
মান্যঅসমীয়া ছয়গঞা ছ°ৰাভামিজ
নিগনি নিংনি নিঙ্নি
টেঙা তেৱা টিঙা
ফৰিং ফ'ৰিউং ফৰিঙ্
জোঙা জুনা জুঙুলা
লেখকৰ ঠিকনা:
দীপাংকৰ ঠাকুৰীয়া।
গৱেষক ছাত্ৰ,
গুৱাহাটী বিশ্ববিদ্যালয়।
0 Comments