header ads

সাঁথৰ | সংগ্ৰহ: আনিছা ভূঞা

 সাঁথৰ


১/ হাত নাই ভৰি নাই

চুচৰি চুচৰি যায়

ৰং-বৰণ একো নাই

সকলো মানুহে খায় ।

উত্তৰ--পানী l


২/ সি মোৰ ভাই

মোৰ লগতে যায় ।

উত্তৰ-- নিজৰ ছাঁ l


৩/ মাটিৰ তলৰ বগা বুঢ়ী

সাজ পিন্ধে কুৰি কুৰি ।

উত্তৰ--নহৰু l


৪/ ৰঙাকৈ বামুণটি , খোজ কাঢ়ে খৰ

পিছফালে দেখি আহিছোঁ , বাঁহৰ তলত ঘৰ ।

উত্তৰ-- আমৰলি পৰুৱা l


৫/ আই ঐ দেহি জহৰ মহৰ

কি পোকৰ টিকাত পোহৰ ?

উত্তৰ--জোনাকী-পৰুৱা l


সংগ্ৰহ:

আনিছা ভূঞা।

পঞ্চম শ্ৰেণী,

খোপনিকুছি প্ৰাথমিক বিদ্যালয়।

হাজো শিক্ষাখণ্ড।

Post a Comment

0 Comments