header ads

সফলতা (অণুগল্প) l Assamese microstory by Chandana Hira

 সফলতা  (অণুগল্প)

      


                অতি কম বয়সতে ঘৰৰ দায়িত্ব পালন কৰিব লগীয়া হোৱা অনুপে স্কুলৰ পৰা আহি তেল ডিপোত ৰাতিলৈকে তেল ভৰোৱা কামত ব্যস্ত থাকে একমাত্ৰ বৃদ্ধা আইতাক আৰু বেমাৰী মাকক ভৰণ পোষণ দিবলৈ। মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পিছত সি পাৰ্ট টাইমৰ সলনি ফুল টাইম কাম কৰি আছে। স্কুটি এখনত তেল ভৰাই সি উঠিছেহে  মাথোন, ঠিক তেনেতে কেইজনমান ডেকা ল'ৰাই হাতত গামোচা, মিঠাই আৰু ফুলৰ থোপা লৈ তাৰ ওচৰত থিয় হ'ল। এজনে অতৰ্কিতে তাক গামোচা এখন পিন্ধাই ৰসগোল্লা এটা তাৰ মুখত ভৰাই দি ক'ব ধৰিলে , "অভিনন্দন অনুপ, আমি তোমাৰ ৰিজাল্টক লৈ বাৰুকৈয়ে সুখী। ইমান কষ্টৰ মাজতো আটাইকেইটা বিষয়ত‍ লেটাৰ মাৰ্ক লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ যি আদৰ্শ দেখুৱালা, ই আমাৰ ছাত্ৰ সমাজৰ কাৰণে সঁচাকৈয়ে  অনুপ্ৰেৰণাৰ উৎস।" লগে লগে এজনে ফুলৰ থোপা এটা তাৰ হাতত তুলি দিলে আৰু দুজন মানে তাক দাঙি  লোৱাদি লৈ দুটামান স্নেপ ল'লে। 

               কৰ্ম ব্যস্ততাৰ কাৰণে ৰিজাল্ট দিয়া কথাটো সঁচাকৈয়ে সি পাহৰি আছিল ।

লেখকৰ ঠিকনা:

চন্দনা হীৰা।

সহ: শিক্ষয়িত্ৰী,

বঙৰা পাছনীয়াপাৰা মজলীয়া বিদ্যালয়।

ব্লক: ৰামপুৰ।

Post a Comment

0 Comments