header ads

মুলাই l Assamese Play by Krishna Kalita

 মুলাই


দৃশ্য ১

( মঞ্চৰ পিছফালে আৰু সোঁফালে স্ক্ৰীনত ব্ৰহ্মপুত্ৰৰ বিশাল চৰাঞ্চল দেখা যাব। বাওঁফালৰ পৰা হাতত কোৰ আৰু কেইটামান গছৰ পুলি লৈ ডেকা ল'ৰা এজনে প্ৰৱেশ কৰিব। তেওঁ জনজাতীয় গামোচা এখন আৰু কামিজ চোলা এটি পিন্ধিব। বাওঁফালৰ পৰা মঞ্চত প্ৰৱেশ কৰি এটি এটিকৈ গছপুলি ৰুই থাকিব।)

(মঞ্চৰ আগেৰে দুজন ব্যক্তি পাৰ হ'ব)

বাটৰুৱা ১: এৰা চোৱা চোৱা ,সৌৱা কোন ?

বাটৰুৱা ২: এহ , পাগল হৈছে তেওঁ । এই মৰুভূমিত এইদৰে দিনে দিনে গছ ৰুই কি কৰিব ? খৰাঙত জহি যাব , বাৰিষা বানে উটুৱাই নিব। কাম নাই আৰু ।

বাটৰুৱা ১: এহ , ব'ল ব'ল । আমি এইবোৰ চাই থাকি লাভ নাই। কাম নোহোৱাৰ কাম । এই শুকান বালিচৰত গছপুলি ৰোৱা বুদ্ধিটো বা কোনে দিলে পায় !

বাটৰুৱা ২ : ব'ল ব'ল, আমাৰ কামত আমি যাওঁ।

( বাটৰুৱা দুজনে মঞ্চ ত্যাগ কৰিব। আন এজন বাটৰুৱাই প্ৰৱেশ কৰিব ।)

বাটৰুৱা ৩: ঐ , মুলাই , কি কৰিছ ? এনেকৈ দিনৰ দিনটো সদায় গছেই পুতি থাকিবিনে ? নে অন্য কিবা কাম- কাজ কৰিবি ? আজি চাৰি-পাঁচটা বছৰে গছপুলি ৰুই ৰুই কটালি। ঘৰ সংসাৰৰ কথাও ভাব আকৌ ।

মুলাই : চাওক দাদা, গছ পুতি মই বৰ আনন্দ পাওঁ । গছপুলি ৰোপণ মোৰ নিচা। গছপুলি ৰুই মই বৰ মাদকতা লাভ কৰোঁ। এই মাদকতা আপুনি নুবুজিব অ' দাদা।

বাটৰুৱা ৩: ঠিক আছ বাৰু। কৰি যা ভাল লগা কামবোৰ। বুজিছ, মনৰ প্ৰশান্তিয়েই মূল। তোৰ চেষ্টাৰ ফলতেই শুকান বালি এদিন চিৰ সেউজ হ'ব অ’ মুলাই।

মুলাই : ধন্যবাদ দাদা।

বাটৰুৱা ৩: ঠিক আছে, মই গৈ থাকোঁ। অভাগাক কিবা কামত লাগিলে জনাবি। যাওঁ দে এতিয়া। ( এনেতে আৰ কাপোৰ পৰিব)


দৃশ্য ২

মঞ্চৰ আৰ কাপোৰৰ আগেৰে যাঠি-জোং লৈ এদল লোক আগবাঢ়ি যাব। প্ৰচ্ছদত হাতীৰ চিঞৰৰ শব্দ । যাঠি-জোং লোৱা দলটোৱে চিঞৰিব- )

ৰাইজ ১: ধৰ ধৰ, খেদ খেদ ।

ৰাইজ ২: খালে ঐ খালে। এই খেদ খেদ ।

ৰাইজ ৩: হে ৰাম, এই হাতীৰ জাকটো আহিল ক'ৰ পৰা ? চব নিৰ্বংশ কৰিব এতিয়া।

ৰাইজ ১: আহ ঐ আহ, ওলাই আহ , ধৰ ধৰ, যা যা ..খেদ খেদ.।


দৃশ্য ৩

( দলটো দুবাৰ তিনিবাৰ মান এনেকৈ চিঞৰি চিঞৰি পাইচাৰি কৰি মঞ্চৰ বাহিৰ হোৱাৰ লগে লগে মঞ্চৰ আৰ কাপোৰ আঁতৰিব। এইবাৰ মুলাইৰ দাড়ি - চুলি পকা । গলত গামোচা এখন ল’ব আৰু গেঞ্জী এটা , জনজাতীয় গামোচা এখন পিন্ধি থাকিব। মঞ্চৰ পিছফালে আৰু সোঁফালে থকা স্ক্ৰীনখন চিৰসেউজ ডাঠ গছ-গছনিৰে ভৰি থাকিব। স্ক্ৰীনখন প্ৰজেক্টৰৰ সহায়ত চলন্ত কৰিব পাৰিলে ভাল য'ত বনৰীয়া প্ৰাণী বিচৰণ কৰি থাকিব । মঞ্চত দুই এডাল ডাঙৰ বৃক্ষ থাকিব। মুলায়ে বাওঁফালে গছ এজোপাৰ গুৰিত কোৰেৰে মাটি দি থাকিব । হাতী খেদি খেদি ৰাইজৰ দলটি সোঁফালৰ পৰা দৌৰি আহি মঞ্চত প্ৰৱেশ কৰিব আৰু মুলাইক দেখি আচৰিত হৈ ৰৈ দিব।)

ৰাইজ ৪: ( আচৰিত হৈ) , কোন আপুনি ? এই গভীৰ অৰণ্যৰ মাজত অকলে অকলে কৰিছে কি ?

মুলাই : এৰা, মোৰ নাম যাদৱ, যাদৱ পায়েং।মানুহে মৰমতে মোক মুলাই নামেৰে মাতে।

ৰাইজ ৫: এৰা , এই অৰণ্যৰ মাজত আপুনি অকলে অকলে কৰিছে কি?

মুলাই : এৰা , এতিয়া এই হাবিডৰাই মোৰ ঘৰ। ইয়াত ব্ৰহ্মপুত্ৰৰ বালিচৰ আছিল। শুকান , নিস্তেজ বালি। আজি ৩০/৩৫ বছৰে নিৰৱচ্ছিন্ন ভাৱে গছপুলি ৰুই ৰুই এই হাবিডৰা গঢ়িলোঁ।

ৰাইজ ৬: কি আচৰিত । কথাবোৰ কিবা কাহিনী কাহিনী লাগিছে । এয়া জানো সম্ভৱ !

মুলাই : এৰা, এয়াই বাস্তৱ । বিগত ৩০ বছৰৰ কষ্ট আৰু চেষ্টাৰ ফল এই মুলাই কাঠনি। মোৰ জীৱন-যৌৱনৰ প্ৰতিটো ক্ষণৰ সাক্ষী এই সেউজীয়াখিনি। ইয়াত থকা হাতী , গঁড় , হৰিণ , গৰু , ম'হ আৰু চৰাই-চিৰিকটিবোৰে মোৰ এই হাবিডৰাৰ সোপান, অলংকাৰ।

ৰাইজ ৪: তাৰমানে হাতীৰ জাকটো ইয়াৰ পৰাই গৈছে ?

ৰাইজ ৫: অহ‌্ , এতিয়াহে উৰহী গছৰ ওৰ ওলাল। এই হাবিখন সৃষ্টি হোৱাৰ বাবেই ইয়ালৈ হাতী আহে আৰু খাদ্যৰ অভাৱ হ'লে এই হাতীৰ জাক ওলাই গৈ আমাৰ ঘৰ-বাৰী , খেতি নষ্ট কৰে। ৰাইজ, আমাৰ নিৰাপত্তাৰ বাবে শীঘ্ৰেই এই হাবিডৰা কাটি উছন কৰিব লাগিব ।

ৰাইজ ৬: এৰা , ঠিক কথাই কৈছে। এই হাবিডৰা থাকিলে আমাৰ অনিষ্ট হৈয়েই থাকিব । আমি ৰাজহুৱাভাৱে আহি এই গছ-গছনিবোৰ কাটি শেষ কৰিব লাগিব। নহ'লে আমি হাতীৰ উৎপাতত খেতি কৰি খাব পৰা টান।

মুলাই : ( হাতযোৰ কৰি) ৰাইজ আপোনালোকে এই কাম নকৰিব। কাটে যদি মোকে কাটক। মই জীয়াই থকাত এই হাবি কাটিব নিদিম। ১৯ বছৰ বয়সৰ পৰা আজি ৩০/৩৫ টা বছৰৰ পৰিশ্ৰমৰ ফলত এই হাবিডৰা হৈছে । শুকান বালি সেউজীয়া হ'ল । প্ৰচণ্ড গৰমত দহা ঠাইখিনি শাত পৰিল । এই হাবিডৰাৰ বা আপোনালোকে লোৱা নাইনে ? সেউজীয়া কাটি মৰুভূমি গঢ়া সহজ । কিন্তু মৰুভূমি সেউজীয়া কৰা জানো সহজ কাম ?

ৰাইজ ৪: কিন্তু আমিওতো জীয়াই থাকিব লাগিব । হাতীয়ে যদি এনেদৰে উপদ্ৰৱ চলাই থাকে, আমি বসবাস কৰিম কেনেকৈ ?

মুলাই : এৰা, খাদ্যৰ অভাৱতহে হাতী হাবিৰ বাহিৰলৈ ওলাই আহিছে। আমি সকলোৱে যদি গছ ৰোও আৰু হাতীৰ বাবে কলগছ ৰোপণ কৰোঁ তেতিয়া হাতী বাহিৰলৈ নায়ায়। আজি ৩৫ বছৰৰ কষ্টৰ ফলত এই ৫ হেক্টৰতকৈ অধিক অঞ্চল জুৰি এই হাবিডৰা হ'ল ।

        চৰাই-চিৰিকটিকে ধৰি নানান জীৱ ইয়াতে বসবাস কৰিব লৈছে। এইবোৰ ক’লৈ যাব ? প্ৰয়োজনত মই ওচৰৰ চাপৰিত হাতীৰ বাবে কলগছ ৰুম। মোৰ নিজৰেই এশতকৈ অধিক গৰু এই হাবিৰ বাঘে খালে। তথাপিও মইতো বেয়া পোৱা নাই। ক্ষোভ কৰা নাই। ৰাইজ, মই আপোনালোকক কাবৌ কৰিছোঁ, আপোনালোকে হাবিডৰাৰ অনিষ্ট নকৰিব। এই হাবিৰ ছাঁ আপোনালোকেও লৈছে । ইয়াৰ বা আপোনালোকেও পাইছে। হাবিডৰা হৈছে বাবেই আপোনালোকে খেতিৰ বাবে বৰষুণ পাইছে । আপোনালোকে ইয়াৰ অপকাৰ নকৰিব ৰাইজ।

 ৰাইজ ৫: হয়তো হে । এৰা, আপোনাৰ কথাৰ যুক্তি আছে । আপুনি আমি বিশ্ববাসীয়ে নজনাকৈ নীৰৱে মহান আৰু ডাঙৰ কাম এটি কৰি পেলালে। আপোনাৰ ইমান ডাঙৰ ত্যাগক আমি অথলে যাব নিদিও অ' ককাই। পৰিৱেশ বচাও বচাও বুলি টাই চ্যুট পিন্ধি মঞ্চত চিঞৰা পৰিৱেশ কৰ্মীসকলৰ বিপৰীতে আপুনি হ'ল সমাজৰ বাস্তৱ প্ৰকৃতিপ্ৰেমী, পৰিৱেশ ৰক্ষণকাৰী । আপুনি ধন্য। আমি ৰাইজে নোৱাৰা কাম আপুনি অকলে কৰি দেখুৱালে। আমি এই হাবিডৰাৰ অনিষ্ট হ'ব নিদিওঁ ককাই। কি কয় ৰাইজ ?

ৰাইজ: এৰা , হয় হয় । ঠিক কথাই কৈছে । আমি এই হাবি খনৰ অনিষ্ট হ'ব নিদিওঁ।

( এনেতে ফোঁপাই- জোপাই মঞ্চত আন এজন ব্যক্তি প্ৰৱেশ কৰিব)

বাৰ্তাবাহক: মুলাই ককা, মুলাই ককা...

মুলাই : ( আচৰিত হৈ) কি হ'ল ? কিয় এনেদৰে ফোঁপাই - জোপাই আহিছ ?

বাৰ্তাবাহক: ককা, ককা

মুলাই: আৰে হ'ল কি কোৱা ?

বাৰ্তাবাহক: মই, মই এইমাত্ৰ টিভিত দেখি আহিলোঁ..

মুলাই : এৰা দেখিলি কি ?

বাৰ্তাবাহক: সেই যে , সেই যে ফটোগ্ৰাফাৰ জন, হাবিত যে আপোনাৰ পিছ লৈছিল, আপুনি যে চোৰাং চিকাৰী বুলি ধৰি পিটিব বিচাৰিছিল, তেওঁ এই হাবিডৰাৰ বিষয়ে হেনো নিউজ কৰিছে।

মুলাই : তাতে কিনো হ'ল ?

বাৰ্তাবাহক: তেওঁৰ নিউজৰ জৰিয়তে দেশে-বিদেশে আপোনাৰ কৰ্মৰাজিৰ প্ৰচাৰ হৈছে । আপোনাৰ এই কৰ্মৰাজিৰ বাবেই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে ধৰিত্ৰী দিৱসৰ দিনা আপোনাক অৰণ্য মানৱ , Forest Man of India উপাধিৰে বিভূষিত কৰিব।

ৰাইজ: অহ্ বৰ ভাল খবৰ বোপাই । বৰ ভাল খবৰ ।

বাৰ্তাবাহক: এয়াই নহয় ককা। কানাডাৰ এজন চিত্ৰ নিৰ্মাতাই আপোনাৰ কৰ্মৰাজিৰ ওপৰত এখন তথ্যচিত্ৰও নিৰ্মাণ কৰিব।

মুলাই : সঁচানে !

বাৰ্তাবাহক: এৰা ককা, আৰু আছে । আৰু আছে ।

ৰাইজ ৬: আৰুনো কি ?

বাৰ্তাবাহক: আপোনাক The Sanctuary Wildlife Award বঁটাও দিয়া হ'ব। শুনিব পাইছোঁ ২০১৫ চনত আপোনাক ভাৰত চৰকাৰে হেনো পদ্মশ্ৰী সন্মানো প্ৰদান কৰিব।

ৰাইজ: ( একেস্বৰে) কি ! বৰ ভাল খবৰ, আমাৰ অঞ্চলটিলৈ এয়া কম গৌৰৱনে ??

বাৰ্তাবাহক: এয়াইনে ! আৰু , আৰু আমেৰিকাৰ পাঠ্যক্ৰমত আপোনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীয়ে পঢ়িব । আপোনাৰ এই হাবি গঢ়াৰ কাহিনী পঢ়িব। ইতিমধ্যে সিদ্ধান্ত হৈয়ে গ'ল ককা ।

মুলাই : বঁটা-বাহনৰ বাবে মই এইবোৰ কৰা নাই। তথাপিও ছাত্ৰ ছাত্ৰীয়ে এইবোৰ শিকিলে অন্ততঃ পৰিৱেশ সম্পৰ্কে কিছু সজাগ হ'ব। মোৰ কামৰ বাবে দিয়া এই সামাজিক স্বীকৃতিৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোকে কেৱল গছপুলি ৰোপণ কৰাই নহয় ইয়াৰ যত্ন লৈ প্ৰতিপালনো কৰাৰ বাবে অনুৰোধ কৰিলোঁ। আহ , আমি এতিয়া আৰু দেৰি নকৰোঁ। হাতীৰ বাবে কলনি এডৰা গঢ়ো ।

ৰাইজ: অহ্ ব'ল ব'ল।

( সকলোৱে মুলাইৰ পিছে পিছে খোজ ল’ব।)


লেখকৰ ঠিকনা:

কৃষ্ণ কলিতা।

মণ্ডল কেন্দ্ৰ সমন্বয়ক,

কুলহাটী চেঁচামুখ মণ্ডল।

হাজো শিক্ষাখণ্ড।

৯৭০৭৩৯০০৬৮

Post a Comment

0 Comments