header ads

গুণোৎসৱ- এক মিঠা অভিজ্ঞতা l Assamese Article by Thaneswar Malakar

 গুণোৎসৱ- এক মিঠা অভিজ্ঞতা 


      "গুণোৎসৱ ২০২২'' ৰ দ্বিতীয় পৰ্যায়ত বৰ্হিমূল্যায়ক হিচাবে চাৰিখন বিদ্যালয় পৰিদৰ্শন কৰাৰ আমাৰ অভিজ্ঞতা হ'ল । উক্ত বিদ্যালয় কেইখন আছিল - (১) বোৰ্কা -সাতগাঁও হাইস্কুল , (২) নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় , (৩) শংকৰদেৱ হাইস্কুল , নগৰবেৰা আৰু (৪) আদৰ্শ বিদ্যালয় , দকুছি ।

      চৰকাৰৰ নিৰ্দেশ মতে প্ৰাৰ্থনা  সভাত যোগ দিলোঁ , শ্ৰেণীয়ে শ্ৰেণীয়ে পাঠ পঢ়া চালোঁ , পৰীক্ষা দিয়া কাৰ্য নিৰীক্ষণ কৰিলোঁ , বিদ্যালয় কেইখনৰ আন্ত:গাঁথনি , নথি-পত্ৰৰ সংৰক্ষণ ব্যবস্থা , পুথিভঁৰাল আৰু কম্পিউটাৰ আদিৰ ব্যৱহাৰৰ নানা দিশ চালোঁ । শিক্ষকমণ্ডলী আৰু নেতৃস্থানীয় লোকসকলৰ লগত মত-বিনিময় কৰিলোঁ । বিদ্যালয় কেইখনত আৰু ইয়াৰ আশে-পাশে এক আনন্দ মুখৰ পৰিবেশ । মাতৃগোটৰ আই সকলো আহিছে । 

     গুণোৎসৱে এক বিশেষ সচেতনতা আৰু সজাগতা অনা পৰিলক্ষিত হ'ল । বিদ্যালয়খন যে মাত্ৰ অনুস্থানেই নহয় ; ই সমাজৰ এক সম্পদ , অঞ্চলটোক জ্ঞানৰ আলোকেৰে আলোকিত কৰিব পৰা এটা মহৎ অনুস্থান । এই কথা ৰাইজে বুজিছে আৰু শিক্ষক সকলেও তেখেতসকলৰ কৰ্তব্য যে মাত্র চাৰিবেৰৰ মাজত শিক্ষাদান কৰাই নহয় , ছাত্র-ছাত্রীৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ বাবে তেখেতসকল যে দায়বদ্ধ - এই কথা গুণোৎসৱে তেখেতসকলক  সোঁৱৰাই দিছে । '' All round development '' ৰ গভীৰ অৰ্থ তেখেতসকলে বুজিছে । 

      গুণোৎসৱ সম্পর্কত বহুত নেতিবাচক কথাও কোৱা হৈছে । ধৰি লোৱা হওঁক - গুণোৎসৱৰপৰা লাভ হোৱা নাই । গুণোৎসৱ হ'ব নালাগে । তেন্তে কি হ'ব লাগে ? আমাৰ হাতত ইয়াৰ  'Alternative' কি আছে ? কোনেও কব পৰা নাই । যদি অন্য বিকল্প নাথাকে , তেন্তে যিটো ব্যবস্থা আজিৰ বাবে উত্তম-তাক গ্ৰহণ কৰাই শ্ৰেয়: । সাম্প্রতিক সময়ত গুণোৎসৱেই হ'ল উত্তম ব্যৱস্থা - এখন বিদ্যালয়ক জানিবলৈ , বিদ্যালয়খনৰ শিক্ষাৰ মান আৰু ছাত্র- ছাত্রীৰ বাবে গ্ৰহণ কৰা কল্যাণকামী কাৰ্যসূচীৰ কথা জানিবলৈ । 

         মই পৰিদৰ্শন কৰা বিদ্যালয় কেইখনত দেখিলোঁ - ছাত্র-ছাত্ৰীয়ে শৃংখলা ৰক্ষা কৰি প্ৰাৰ্থনা কৰিছে , চৌহদ চাফ-চিকুণ কৰি ৰাখিছে , শ্ৰেণীত সোধা প্ৰশ্নৰ উত্তৰ দিব পাৰিছে , সাধাৰণ জ্ঞান , সংস্কৃতি , ভূগোল সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দিব পাৰিছে , শ্ৰেণীকোঠোতে গান গাব পাৰিছে , নৃত্যও কৰিব পাৰিছে । তেওঁলোকৰ মেধা আছে , আগ্ৰহো আছে । লাগে মাত্ৰ আমাৰ  'Support' উৎসাহ আৰু  'Guidance' ।

          বিদ্যালয় কেইখনত ছাত্ৰৰ অনুপাতে শিক্ষকৰ সংখ্যা কম । বহুকেইজন শিক্ষকে অৱসৰ ললে । লগতে বহুকেইটা মঞ্জুৰী প্ৰাপ্ত (Sanctioned) পদ খালী হৈ আছে । সেইবোৰ পূৰণ কৰা হোৱা নাই । বিষয় শিক্ষক ন'হলে ক্লাছ চলিব কেনেকৈ ? বোৰ্কা হাইস্কুলক এই বছৰৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে । কিন্তু শ্ৰেণীকোঠা নাই , ডেস্ক-বেঞ্চৰ অভাৱ । ছাত্রীৰ বাবে কোনোখন বিদ্যালয়তে ছাত্রী জিৰণি কোঠা নাই । অসমৰ সকলো বিদ্যালয়তে ইয়াৰ সুবিধা থাকিব লাগে যাতে মাহেকীয়া ঋতুস্ৰাৱ বা তেনে অসুবিধাত ছাত্রীবোৰে  ছাত্রী জিৰণি কোঠাৰ ব্যৱহাৰ কৰিব পাৰে । 

         চাৰিওখন বিদ্যালয়তে পুথিভঁৰালৰ অৱস্থা পুতৌলগা । পৃথক পুথিভঁৰাল ভৱনৰ দৰকাৰ, য'ত ছাত্র-ছাত্রীবোৰে বহিও কিতাপ পঢ়িব পাৰে বা দৰকাৰী কথা 'নোট' কৰিব পাৰে । 

         চাৰিওখন বিদ্যালয়তে যথেষ্ঠ  মাটি আছে । ২০-৩০ বিঘা থকা মাটিত উৎপাদন মুখী আচঁনি / অমৃত সাগৰ আচঁনি গ্ৰহণ কৰি বিদ্যালয় কেইখনে নিজৰ নিজৰ আন্ত:গাঁথনি সবল কৰিব পাৰে । 

        চৰকাৰী পৰ্য্যায়ত মাননীয় শিক্ষামন্ত্রী আৰু গ্ৰামোন্নয়ন মন্ত্রীয়ে সংশ্লিষ্ট বিধায়কৰ লগত বহি বিদ্যালয় বোৰৰ আন্ত:গাঁথনি সবল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে । তেনে কৰিলে গ্ৰামোন্নয়ন শিতানৰ ধনেৰে আৰু বিধায়ক পুঁজিৰে বহুখিনি কাম কৰিব পৰা হ'ব । 

        ছাত্র- ছাত্রীৰ গুণগত মান উন্নয়নৰ বাবে বিদ্যালয় প্ৰধানে বিশেষ ব্যবস্থা ল'ব পাৰে । যেনে - শ্ৰেণীবোৰৰ মাজত তৰ্ক , বক্তৃতা , বানান , কুইজ প্ৰতিযোগিতা আদিৰ ব্যবস্থা কৰিব পাৰে । চাফ- চিকুণতা আৰু শৃংখলা  ৰক্ষা কৰা ছাত্র-ছাত্ৰীক পুৰস্কাৰ / প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰিব পৰা হয় । বছৰত দুবাৰ অভিভাৱকৰ লগত মত বিনিময়ৰ আয়োজন কৰিলে অভিভাৱকৰ লগত সম্বন্ধ নিবিড়  হ'ব । 

        এটা ভাল লগা কথা কব বিচাৰিছোঁ। নগৰবেৰা উ: মা: বিদ্যালয়ত এগৰাকী ছাত্রীক সুধিলো - 'Postman 'মানে কি ? মই আশা কৰিছিলো তেওঁ 'পিয়ন' বুলি ক'ব । কিন্তু মোক আচৰিত কৰি উত্তৰত তেওঁ কলে - '' ডাকোৱাল ''। উত্তৰ শুনি মন ভৰি গ'ল !! লগতে ক'লো 'পিয়নক লৈ এটি গীত আছে। জানানে? ছাত্র এজনে গাই দিলে-শিল্পী খগেন মহন্তৰ জনপ্ৰিয় গীত- 


 " চকুৰে নেদেখা দূৰণিতে

আছোহি পিয়নৰ চাকৰিতে " । 


শংকৰদেৱ হাইস্কুলত সুধিলোঁ - অসমৰ গৃহ মন্ত্রী কোন ?

সঠিক উত্তৰ দিলে - মাননীয় ড: হিমন্তবিশ্ব শৰ্মা । 

        অসমত গুণোৎসৱৰ যেতিয়া কুচ - কাৱাজ চলিছিল (ইং২০১৫-১৬) , তেতিয়া মই সৰ্বশিক্ষাৰ মিছন সঞ্চালক আছিলোঁ । গুজৰাটৰপৰা বিষয়াসকল আহি আমাক প্ৰশিক্ষণ দিছিল । কিন্তু তাক কাৰ্যকৰী কৰাৰ আগমুহূতৰ্ত  আমি বৰপেটা জিলাৰ উপায়ুক্ত হিচাবে বদলি হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা পৰ্যায়ত প্ৰথম গুণোৎসৱ কাৰ্য্যকৰী কৰাৰ অংশীদাৰ হবলৈ সুযোগ পাইছিলোঁ । তেতিয়াৰপৰা গুণোৎসৱৰ লগত জড়িত হৈ থাকি ক'ব পাৰোঁ যে - গুণোৎসৱে শিক্ষাৰ উৎকৰ্ষ সাধনত , বিদ্যালয়সমূহৰ আন্ত:গাঁথনি উন্নীত কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । মাত্র গুণোৎসৱ  এক উৎসৱ নহৈ  ই হ'ব লাগিব আমাৰ অভ্যাস (Habit) ।

         আমি বিদ্যালয়খনক অঞ্চলটোৰ '' Learning centre '' আৰু ''Public asset '' হিচাবে প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব ।

          তাতেই নিহিত হৈ আছে গুণোৎসৱ পালনৰ সাৰ্থকতা । 


 


লেখকৰ ঠিকনা:

থানেশ্বৰ মালাকাৰ ।

প্ৰাক্তন আয়ুক্ত - সচিব 

অসম চৰকাৰ 

চচল, গুৱাহাটী -২২

(৯৪৩৫০-৫৪৩৮৪)

Post a Comment

1 Comments

  1. Whether you need to pay with a Visa, Mastercard, PayPal, and even crypto, yow will discover an possibility on our list. If you’re looking for an enormous choice of casino games from greater than 50 high providers, you could register with 카지노사이트.online PlayOJO. Avalanche slots are typically found within the game libraries of on-line casinos.

    ReplyDelete