header ads

বিজ্ঞানৰ ইটো-সিটো l

 বিজ্ঞানৰ ইটো-সিটো 


মানব মস্তিষ্কৰ কথা---

ক) মানুহৰ মগজুৰ ৬০ শতাংশই স্নেহ পদাৰ্থৰে গঠিত ।

খ) মানব মস্তিষ্কৰ বিকাশ ২৫ বছৰ বয়সতহে সম্পূৰ্ণ হয় ।

গ) মানুহৰ মস্তিষ্কই প্ৰায় ২৩ ৱাটৰ বিদ্যুৎ উৎপাদন কৰিব পাৰে যিয়ে এটা বাল্ৱ জ্বলাব পাৰে ।

ঘ) মানুহৰ দেহত উৎপন্ন হোৱা প্ৰায় মুঠ তেজ আৰু অক্সিজেনৰ ২০% ই মগজুৱে ব্যৱহাৰ কৰে ।

ঙ) এটা প্ৰাপ্ত বয়স্ক মগজুৰ ওজন ৩ পাউণ্ড । (১পাউণ্ড =•৪৫৪ কি:গ্ৰা)

চ) মানুহৰ মগজুৰ জন্মৰ প্ৰথম বছৰতেই প্ৰায় তিনিগুণ বৃদ্ধি আৰু বিকাশ হয় আৰু এই বিকাশৰ পৰিক্ৰমা প্ৰায় ১৮ বছৰলৈ চলি থাকে, আৰু আচৰিত ধৰণে বয়স বঢ়াৰ লগে লগে ক্ৰমে সৰু হৈ যায়।

ছ) মানুহৰ মগজুৱে কোনো ধৰণৰ বিষ অনুভৱ নকৰে , কিন্তু মগজুলৈ অহা বাৰ্তা অনুসৰি বিষৰ বাখ্যা কৰি শৰীৰক বিষয়টো অনুভৱ কৰায়।


সংগ্ৰহ:- পল্লবী পাঠক

সহঃ শিক্ষয়িত্ৰী

শিঙিমাৰী পুখুৰীপাৰ মধ্য ইংৰাজী বিদ্যালয়

শিক্ষাখণ্ড: ছয়গাঁও।

Post a Comment

0 Comments