header ads

নিজৰ সমস্যা আমি নিজেই সমাধান কৰোঁ আহক | Assamese Article by Lohit Kumar Das

নিজৰ সমস্যা আমি নিজেই সমাধান কৰোঁ আহক 

            মানৱ জীৱনত সমস্যা নথকা কোনো মানুহ নাই । ঠিক তেনেদৰে সমস্যা নথকা কোনো কাৰ্যও নাই। সমস্যা য’ত থাকে, সমাধানৰ সূত্ৰটো তাতেই লুকাই থাকে। মূল কথাটো হ’ল— সমস্যাৰ মাজৰ পৰাই সমাধানে আত্মপ্ৰকাশ কৰে। আমি কেনেদৰে আমাৰ সমস্যা সমাধান কৰিব পাৰোঁ, সেই বিষয়ে ইয়াত কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ।

           তিতা যদি নাথাকিলহেঁতেন, তেনেহলে মিঠাৰ অনুভৱ আমি কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন।আন্ধাৰৰ পিছতহে  পোহৰৰ উন্মেষ। কালৰাত্ৰিৰ অন্ততহে আকৌ সুন্দৰ প্ৰভাতে কঢ়িয়াই আনে এটা সুন্দৰ দিন। প্ৰতিজন মানুহেই সমস্যাক অত্যন্ত তিক্ততা আৰু বিৰক্তিৰে দৃষ্টিপাত কৰে যদিও অকণমান অন্তৰ্দৃষ্টিৰে চালেই বুজা যায় যে প্ৰতিটো সমস্যাই আচলতে জন্মগত ভাৱে ভালেই । কথা এষাৰ আছে----"ঈশ্বৰে যি কৰে ভালেই কৰে।" সাফল্য প্ৰাপ্তিৰ বাবে ঈশ্বৰে আমাক বহুত সমস্যা জাপি দি পৰীক্ষা কৰে যে সেই সমস্যাক সাদৰে গ্ৰহণ কৰি তাৰ সুফল আমি গ্ৰহণ কৰিব পাৰিছোঁ নে  নাই।

           বহু মানুহৰ মুখত এনেকুৱা কথাও আলোচনা হোৱা শুনা যায় যে জীৱনত যদি কোনো সমস্যা নাথাকিলহেঁতেন জীৱনটো কিমান যে উপভোগ্য হ’লহেঁতেন । প্ৰকৃতপক্ষে সমস্যা প্ৰতিজন মানুহৰ জীৱনৰ অঙ্গস্বৰূপ । সেয়েহে আমি কব পাৰোঁ,জীৱনলৈ যিমানেই বেছি সমস্যা আহিব, আমি সিমানেই বেছি দিন জীয়াই থাকিম ,সজীৱ হৈ থাকিম।  

           ছাত্ৰ-ছাত্ৰী সকলে বিদ্যা অৰ্জন কৰিবৰ বাবে বিদ্যালয়লৈ যায় । প্ৰতিটো কামতে যিহেতু কম-বেছি পৰিমাণে সমস্যা থাকে, অধ্যয়নৰ ক্ষেত্ৰতো সেই ছাত্ৰ-ছাত্ৰী সকলৰ তেনে সমস্যা হ’ব পাৰে । কিন্তু তাক সমাধান কৰিব লাগিব নিজৰ অধ্যয়নৰ জৰিয়তে। যদিহে তেওঁলোক অধ্যয়ন বিমুখ হয়,তেনেহ’লে মূল উদ্দেশ্যৰ পৰা আঁতৰি আহিব লগা হ’ব । অকৃতকাৰ্য হৈ এচাম ছাত্ৰ-ছাত্ৰীয়ে চিৰদিনৰ বাবে বিদ্যালয়কে পৰিত্যাগ কৰে । কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে কিতাপৰ লগত সংযোগ নাৰাখি পৰীক্ষাত অনুত্তীৰ্ণ হ’ব লগা হয়। ৰিজাল্টৰ পিছত সেই  ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ কৰাই দিব লাগে বুলি প্ৰধান শিক্ষকৰ ওচৰলৈ তাঁতবাটি কাঢ়িব ধৰে । কোনো-কোনো অভিভাৱকেও একে কাৰ্যকে কৰে । ধৰি ল'লোঁ তেওঁলোকৰ সেইটো কিতাপ নপঢ়া সমস্যা। সেই সমস্যাটো কোনে সমাধান কৰিব ? সমাধান কৰিব লাগিব নিজে , কাৰণ সেইটো নিজা সমস্যা । নিজে অধ্যয়নত মনোযোগ দিলে পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ কাৰণ নিশ্চয় নাথাকিব।

           কথাতে কয় বোলে, "আপোন হাত জগন্নাথ।" আমাৰ সমস্যা কি সেইটো আমি নিজেহে উপলব্ধি কৰিব পাৰোঁ,আৰু সেইমতে তাৰ সমাধানৰ পথো নিজেই উলিয়াই জীৱনটো সাফল্যমণ্ডিত কৰিব পাৰোঁ। মোৰ পেটৰ ভোকৰ খবৰটো মইহে পাওঁ।গতিকে ভোক নিবাৰণৰ বাবে মই কি খাব লাগিব নাইবা কি কৰিব লাগিব সেইটো মোৰ ওপৰতহে নিৰ্ভৰ হ’ব।

          যিমানেই জটিল আৰু ধ্বংসাত্মক সমস্যা নহওক কিয় তাক তন্ন-তন্নকৈ বিশ্লেষণ কৰিলে তাৰ মাজৰ পৰাই সমাধানৰ সূত্ৰও আৱিষ্কাৰ কৰিব প’ৰা যাব।পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে ছাত্ৰই অধ্যয়ন কৰিবই লাগিব আৰু ইয়াৰ অনুশীলন হ’ব লাগিব সৰুৰ পৰাই।আমাৰ পণ্ডিত প্ৰৱৰ হোমেন বৰগোঁহাঞি দেৱে কৈছে, "অভ্যাসটো কৰিব লাগিব ডেকা কালতে” । অৰ্থাৎ সৰুৰ পৰাই যদি আমাৰ অভ্যাসবোৰ যেনে-পঢ়নৰ অভ্যাস, কাম কৰাৰ অভ্যাস, শৰীৰ চৰ্চাৰ অভ্যাস গঢ় লৈ উঠে, জীৱনটোত কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ আগবাঢ়ি যাব পাৰিম।

          আমাৰ সকলোতকৈ শক্তিশালী অস্ত্ৰ হ’ল চিন্তাশক্তিৰ আধাৰ অৰ্থাৎ আমাৰ মন।পৃথিৱীৰ যিকোনো অৱস্থা, যিকোনো পৰিস্থিতি আৰু যিকোনো সমস্যাকে আমি মনৰ জৰিয়তে সমাধান কৰিব পাৰোঁ।লাগিলে সি যিমানেই জটিল সমস্যা নহওঁক কিয় অকণমান ভাৱিলেই  আমাৰ যাদুকৰী শক্তি মনৰ দ্বাৰা সেই সকলো সমস্যাৰ সমাধান উলিয়াব পাৰোঁ।অৱচেতন মনে সকলো সময়তে  সমস্যা সমাধানৰ বাবে তৎপৰ হৈ থাকে। আমাৰ মনটোৱেও প্ৰতি মূহূৰ্ততে আমাক সহায় কৰাৰ বাবে দুৱাৰমুখত দ্বাৰপাল হৈ থাকে। আমি মাত্ৰ সেই সুবিধা কণ মনক দিব লাগে ।

         বিখ্যাত মনস্তত্ববিদ ছিগমুণ্ড ফ্ৰয়েডে কৈছিল, "এজন মানুহৰ সৰ্বপ্ৰধান কাম হ’ল জীৱনক সহ্য কৰা”। এই কথাষাৰৰ মাজত গভীৰ সত্যতা লুকাই আছে। কিন্তু এইটোৱেই যদি জীৱনৰ সম্পূৰ্ণ কাহিনী হয়,তেনহ’লে জীৱনটোক অন্ধকাৰময় বুলিহে কব লাগিব ।সেয়েহে জীৱনটোক পৰিপূৰ্ণ কৰি গঢ়ি তুলিবলৈ হ'লে ইয়াৰ ওপৰত কৰ্তৃত্ব প্ৰদান কৰা অৱশ্যই প্ৰয়োজন।সমস্যাবহুল জীৱনৰ সকলোধৰণৰ বেদনা, কঠিনতাকো নেওচি এজন ব্যক্তিয়ে এটা কাম অৱশ্যেই কৰা প্ৰয়োজন, সেয়া হ’ল:---ঈশ্বৰ স্তুতি, প্ৰাৰ্থনা কৰা আৰু লগতে সঠিক চিন্তা, বিদ্যাশিক্ষা আৰু বিশ্বাস।

          সংক্ষেপতে ক’বলৈ হ’লে প্ৰতিটো সমস্যাই আমাৰ নিজা । মানুহ ভেদে সমস্যাও ভিন-ভিন। সেয়েহে প্ৰত্যেকে নিজৰ নিজৰ মন-মগজুক সুস্থিৰ কৰি ৰাখি সমস্যা সমাধানৰ পথ বিচাৰিলে নিশ্চয় সমাধান সূত্ৰ ওলাবই ওলাব । সৰ্বশেষত আমি এটা কথা জানি থোৱা উচিত হ’ব :---"সমস্যা সমূহ কোনো ডাক্তৰি ঔষধ নাইবা কবিৰাজৰ জৰা-ফুকাই সমাধা কৰিব নোৱাৰে ।" সমাধানৰ উপায় উলিয়বলৈ হ’লে লাগিব মনৰ একাগ্ৰতা ,দৃঢ়তা আৰু আত্মবিশ্বাস।

✍️লোহিত কুমাৰ দাস ।

অৱসৰপ্ৰাপ্ত শিক্ষক,

প্ৰৱীন কুমাৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয়,বৰুৱা ।

দূৰভাষ: 9101581300

Post a Comment

0 Comments