header ads

এজাক বৰষুণ l Assamese Poem by Bakkar Ali

 এজাক বৰষুণ


এজাক বৰষুণ

চোৱা .. চোৱানা ,

বৰষুণ সৰিছে টোপা - টোপে ,

ৰূপালী টোপালবোৰ যেন আমাৰ  চোতালতে পৰিছে ।


মই নাজানো ..

এই বৰষুণ সুখৰ নে দুখৰ কাৰণ !

ইয়াৰ বাবে কোনোবাই হাঁহিছে-নাচিছে ,

আৰু কোনোবাই কান্দিছে ।


মনত আছে ...

আমি যে এই বৰষুণজাকত তিতি বৰ ভাল পাইছিলোঁ,

… আৰু আমি গান গাই গাই নাচিছিলোঁ …।

সেই সময়বোৰ এতিয়া অতীত হৈ গ’ল ,

কোনোবা দূৰণিৰ ঠাইলৈ আপোনজন গুছি যোৱাৰ দৰে গুছি গ’ল সুখৰ পল । 


আজি মোৰ বৰষুণ জাকলৈ বৰ ভয় লাগিছে অ' ..

এনে লাগিছে ই যেন আমাৰ ঘৰখন আকৌ এবাৰ উছন কৰিব ,

আকৌ এবাৰ অপমৃত্যু হ’ব

এটা অপৈণত সপোনৰ । 


তুমিতো জানাই ,

এনে বৰষুণে নমোৱা পানীৰ ঢলতেই 

মোৰ মা - দেউতাও নোহোৱা হৈছিল ,

মই জানো ..

তোমাৰো একেই দুখ

আপোনক হেৰুওৱাৰ জীয়া দুখ … ।

হয়তো তোমাৰ বাবেও বৰষুণ অপৰাধী ।

তথাপিতো বৰষুণকতো আমি হত্যাকাৰী সজাব নোৱাৰোঁঁ ..

কাৰণ ―

বৰষুণ মানেই চোন সৃষ্টিৰ সপোন , সপোনৰ সৃষ্টি ।



বক্কৰ আলি l

স্নাতক প্ৰথম বৰ্ষ l

ছয়গাঁও মহাবিদ্যালয় l

Post a Comment

0 Comments