header ads

সাম্প্ৰতিক সমাজ ব্যৱস্থাত শিশুৰ চৰিত্ৰ গঠনত অভিভাৱকৰ ভূমিকা | Article by Gunada Das

সাম্প্ৰতিক সমাজ ব্যৱস্থাত শিশুৰ চৰিত্ৰ গঠনত অভিভাৱকৰ ভূমিকা   Article by Gunada Das

সাম্প্ৰতিক সমাজ ব্যৱস্থাত শিশুৰ চৰিত্ৰ গঠনত অভিভাৱকৰ ভূমিকা

       সাম্প্ৰতিক সমাজ ব্যৱস্থা বুলি কবলৈ গলে বৰ্তমানৰ পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাটোকেই বুজা যায় ৷ বিজ্ঞানৰ ন-ন আৱিষ্কাৰৰ ফলত লগতে প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ লগে লগে আমি গোটেই পৃথিৱীখনকে হাতৰ মুঠিলৈ আনিবলৈ সক্ষম হৈ পৰিলোঁ৷ অৰ্থাৎ পৃথিৱীখন এখন Global Village [গোলকীয় গাঁও]লৈ পৰিণত হৈ পৰিল ৷ যাৰ ফলত আমাৰ দৈনন্দিন জীৱন-যাপন পদ্ধতি, খোৱা-লোৱা, পিন্ধা-উৰা আদি ভিন্ন দিশত পৰিৱৰ্তন সাধন ঘটিল৷ বাস্তৱ সমাজ ব্যৱস্থাৰ এনেবোৰ পৰিৱৰ্তনে শিশুসকলৰ মাজত কঢ়িয়াই আনিলে কেতবোৰ নতুন নতুন সমস্যা আৰু প্ৰতিযোগিতামুখী ভাৱধাৰাৰ ৷ পৰিৱৰ্তনে শিশুসকলক আগুৱাই যোৱাত আনি দিলে প্ৰৱল প্ৰত্যাহবানৰ ৷ এই প্ৰত্যাহবানবোৰ নেওচি যিজনে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব সেইজনেহে ভৱিষ্যতৰ সুনাগৰিক বা আদৰ্শবান ব্যক্তিৰূপে প্ৰতিষ্ঠিত হব ৷

      বৰ্তমানৰ শিশু বা ছাত্ৰসকল হল আমাৰ দেশৰ ভৱিষ্যৎ৷ দেশৰ বা সমাজৰ প্ৰগতি নিৰ্ভৰ কৰে নৱ প্ৰজন্মৰ ওপৰত৷ বিশেষকৈ শিশুৰ ধ্যান-ধাৰণা, নৈতিকতা, সুআচাৰ- ব্যৱহাৰ আদিতে শিশুৰ ভৱিষ্যতৰ সপোন নিহিত হৈ থাকে৷ এক সুস্থ-সৱল, সাংস্কৃতিক পৰিৱেশত এটি শিশু গঢ় লৈ উঠিব পাৰে এক আদৰ্শবান, নিষ্ঠাবান, সুচৰিত্ৰৰ ব্যক্তিৰূপে, আনহাতে কিছুমান নেতিবাচক পৰিৱেশৰ প্ৰভাৱত পৰি শিশু এটি গঢ়ি উঠিব পাৰে এজন অনৈতিক চৰিত্ৰৰ চোৰ, ডকাইত, ব্যভিচাৰী ব্যক্তিৰূপে৷ 

      অভিভাৱকসকল হল সমাজৰ অভিজ্ঞতাসম্পন্ন জ্যেষ্ঠ নাগৰিক৷ প্ৰতিগৰাকী অভিভাৱকেই নিজৰ শিশুটিক সুস্থ-সৱল, চৰিত্ৰবান, আদৰ্শনিষ্ঠ, নৈতিকতাপূৰ্ণ ব্যক্তিৰূপে গঢ়াই তোলাৰ কামনা কৰে৷ গতিকে সাম্প্ৰতিক পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাত শিশু এটিক জীৱনৰ মূল লক্ষ্যত উপনীত হবলৈ বা সঠিক দিশত আগবঢ়াই নিবলৈ বলিষ্ঠ ভূমিকা লবলগীয়া চৰিত্ৰটোৱেই হল পিতৃ-মাতৃ বা অভিভাৱক৷ অভিভাৱকসকলে নিজৰ উন্নত চিন্তা-ধাৰা, ধ্যান-ধাৰণা, অভিজ্ঞতা, নৈতিকতা আদি উন্নত ইতিবাচক চিন্তা চৰ্চাৰে নিজৰ সন্তানক সুপথে আগবাঢ়ি যাবলৈ উদ্‌গনি যোগায় ৷ সেয়েহে আমাৰ অভিভাৱকসকল পৰিগণিত হব লাগিব সম্পূৰ্ণ দায়িত্বশীল, কত্তৰ্ব্যশীল আৰু সদা-সচেতন ব্যক্তিৰূপে ৷ ঘৰখনেই হল শিশুৰ চৰিত্ৰ গঠনৰ প্ৰথম অনানুষ্ঠানিক শিক্ষানুষ্ঠান । জন্মগতভাৱে কোনো শিশুৱে নিজৰ চৰিত্ৰ গঢ় লৈ নাহে ৷ কুমাৰসকলে কোমল আলটীয়া মাটি পিটি পিটি চাকত ঘূৰাই পুৰি যেনেদৰে নানাবিধ মাটিৰ শিল্প গঢ়ি তোলে, ঠিক তেনেদৰে জন্মগত সুপ্ত গুণৰাজিৰে পৃথিৱীলৈ অহা দেৱশিশুসকলক এক সুস্থিৰ, শুদ্ধ পৰিৱেশেৰে, সুনিৰ্দেশনাৰে আগবঢ়াই নিয়াত অভিভাৱকসকলে দায়িত্ব লব লাগিব ৷ সজ চিন্তা, সজ আচৰণ, সজ-গুণ, সজ-অভ্যাস আদিবোৰ ঘৰখনতেই গঢ়ি তুলিব লাগিব৷ নিয়মানুৱৰ্তিতা, নৈতিকতা, কৰ্তব্যপৰায়ণতা, জ্যেষ্ঠসকললৈ তথা গুৰুজনালৈ শ্ৰদ্ধা আদিৰ শিক্ষা ঘৰখনতেই গ্ৰহণ কৰিব লাগিব ৷ ঘৰখনত সদায় এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰি ৰাখিব লাগিব ৷ খোৱা-বোৱাৰ ক্ষেত্ৰত FastFood ৰ অপকাৰিতাৰ বিষয়ে জ্ঞান দি HomeMade অৰ্থাৎ ঘৰতে প্ৰস্তুত কৰা খাদ্যৰ অভ্যাস গঢ়ি তুলিব লাগে৷ তেতিয়াহে শিশুজন সুস্বাস্থ্যৰ অধিকাৰী হব পাৰিব ৷ অবাবতে সময়বোৰ নষ্ট নকৰি দুই-এপদ সৰু-সুৰা কামত পিতৃ-মাতৃক   সহায়-সহযোগিতা আগবঢ়োৱাৰ শিক্ষা দিব লাগিব ৷ শাৰীৰিক আৰু বৌদ্ধিক বিকাশৰ বাবে ৰাতিপুৱা-গধূলি খোজকঢ়া, ব্যায়াম কৰা, প্ৰাণায়াম কৰা, পঢ়াশলীয়া পুথিৰ অধ্যয়নৰ লগতে দুই-এখন ভাল বাহিৰা কিতাপ পঢ়া, সংগীত চৰ্চা কৰা, খেলা-ধূলা কৰা, আত্মীয় স্বজনৰ লগত সময় অতিবাহিত কৰা আদি সৰ্বত্ৰে সজ অভ্যাসবোৰ গঢ়ি তোলাত অভিভাৱকৰ ভূমিকাই গুৰুত্বপূৰ্ণ ৷ শিশুৰ পিন্ধন- উৰণৰ ক্ষেত্ৰতো অভিভাৱকসকলে গুৰুত্ব দিব লাগিব ৷ মাৰ্জিত ধৰণৰ বস্ত্ৰ পৰিধান কৰাব লাগিব ৷ নতুনকৈ উঠি অহা ছোৱালী সন্তানসকলে যাতে চুটি চুটি গা-নধকা কাপোৰ পিন্ধি নিজকে উদঙাই সমাজত উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি নকৰে তাৰ বাবে অভিভাৱকসকল সচেতন হব লাগিব ৷ Hotel, Restaurant, Bar আদিত গৈ সুৰাপান কৰা, Drugs, Heroin , Insulin আদি বিষাক্ত দ্ৰব্য সেৱন কৰা, Hotel ত নিশাযাপন কৰা, সুৰামত্ত অৱস্থাত Rock dance কৰা, ৰাস্তাত ছোৱালী জোঁকোৱা আদি অনৈতিক কৰ্মবোৰৰ পৰা শিশুক সদায় আঁতৰত ৰাখিব লাগিব৷ অৰ্থাৎ অভিভাৱকসকলে নৈতিকতা, শৃংখলাৱদ্ধতাৰ মানৱীয়তাৰ জ্ঞান দিব লাগিব ৷ নিয়মানুৱতিৰ্তাৰ জ্ঞান দি আত্মবিশ্বাসী হবলৈ শিক্ষা দিব লাগিব ৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে সমান মৰ্যাদা দিব লাগিব ৷ মানৱতাৰ বিৰুদ্ধে অন্যায় দেখিলে আগবাঢ়ি যাব লাগিব ৷ শিক্ষক আৰু অভিভাৱকৰ সম্পৰ্ক নিবিড় হব লাগিব যাতে শিশুটিৰ চৰিত্ৰ গঠনত দুয়োগৰাকীৰ মাজত পাৰস্পৰিক আদান-প্ৰদানে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে ৷

পিতৃ-মাতৃ আৰু শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধাশীল মনোভাৱ গঢ়ি তুলিব লাগিব ৷সাম্প্ৰতিক সময়ত শিশু তথা ছাত্ৰসকলৰ জীৱনত সকলোতকৈ বেছি আতংকৰ সৃষ্টি কৰা সঁজুলিসমূহ হৈছে mobile, laptop, desktop, tablet আদি ৷ Bluewhale, Freefire আদিৰ দৰে কিছুমান video game য়ে সন্তানৰ মন-মগজুত এনেদৰে প্ৰভাৱ পেলায় যে পঢ়াৰ সুন্দৰ সময়বোৰেই নষ্ট কৰি পেলায় ৷ আনকি মানসিক সন্তুলন হেৰুৱাই আত্মহত্যা কৰাৰ উদাহৰণো পোৱা যায় ৷ লগতে খেলা-ধূলাৰ প্ৰতি অমনোযোগিতা, পিতৃ-মাতৃ,

      আত্মীয়সকল, বন্ধু-বান্ধৱ আদিৰ লগত পাৰস্পৰিক সহযোগিতাৰো অভাৱ হোৱা দেখা যায় ৷ অভিভাৱকসকলে Internet, whatsapp, twitter, facebook আদি মাধ্যমসমূহৰ মাজেৰে কিদৰে পৃথিৱীখনক হাতৰ মুঠিতে পোৱা যায় তাৰ বিষয়ে সঠিক জ্ঞান দিব লাগিব ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সুফল-কুফল আদিবোৰৰ বিষয়ে বুজালে শিশুসকলে নিশ্চয় বুজি উঠিব৷

        আজিৰ শিশুৰ ঈশ্বৰৰ ওপৰত বিশ্বাস একেবাৰেই নাইকিয়া হৈ যোৱা দেখা গৈছে ৷ ধৰ্ম-সংস্কৃতি, পূজা-পাতল আদিবোৰক নানা যুক্তিৰে অন্ধবিশ্বাস, কুসংস্কাৰৰূপে ব্যাখ্যা দিয়া হয় যদিও এই ক্ষেত্ৰত অভিভাৱকসকলে বিজ্ঞান মনষ্কতাৰে হ'লেও কিছু আধ্যাত্মিক শিক্ষাৰ জ্ঞান দিব লাগিব ৷ কাৰণ আধ্যাত্মিক চিন্তাই মানুহৰ মনৰ অস্থিৰতা দূৰ কৰে, মানৱীয় গুণৰ বিকাশ ঘটায়, নাম-প্ৰসংগই মানুহৰ মনলৈ শান্তি আনে৷

শেষত ক’ব পৰা যায় যে, অভিভাৱকসকলে এজন বন্ধুৰ দৰে সন্তানৰ জীৱনৰ চকৰী সঠিক দিশত আগবঢ়াই নিব পাৰে ৷ লগতে এজন দাৰ্শনিকৰ দৰে শিশুটিক এক শিক্ষাপ্ৰদ পথেদি আগুৱাই দিক্‌দৰ্শন কৰিব পাৰে আৰু অভিভাৱকসকলে এজন তত্ত্বাৱধায়কৰ দৰে সঠিক দিহা-পৰামৰ্শ দি জীৱনৰ আকাংক্ষিত লক্ষ্যত উপনীত হ’ব পৰাকৈ জীৱনৰ পদে পদে সহায় কৰিব পাৰে ৷ সন্তানৰ উন্নতি বা প্ৰগতিয়েই সমাজৰ, দেশৰ উন্নতি বা প্ৰগতি ৷ দেশৰ জনগণৰ চিন্তা-চেতনা আৰু কৰ্মদক্ষতাৰ ওপৰতে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে । গতিকে শিশুৰ ধ্যান-ধাৰণা, সুপৰিকল্পিত কৰ্মকুশলতা, সুশৃংখলতা, সু-আচাৰ ব্যৱহাৰ, পৰম্পৰা-ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা-ভক্তি আদিতে দেশৰ ভৱিষ্যতৰ সপোন নিহিত হৈ থাকে ৷ সেয়েহে এখন সুস্থ-সৱল নিকা সমাজ গঢ়িবৰ বাবে আমি অভিভাৱকসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব ৷

 

 জয় আই অসম

 ***********************


গুণদা দাস, 

সহকাৰী অধ্যাপিকা, 

অসমীয়া বিভাগ, 

ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়


 

অলংকৰণ :- তন্দ্রা দে



গ্ৰন্থপঞ্জী -

শৰ্মা, ড॰ নৱনীতা 

 সন্তানৰ মানসিক সুস্বাস্থ্য গঢ়াৰ ক্ষেত্ৰত মাতৃৰ ভূমিকা, স্মৃতিগ্ৰন্থ ‘আকাশ’ 

 প্ৰকাশক বকো সাহিত্য সভা, ২০১৭, পৃ.-৯৮৷

২৷ ভাগৱতী, নৃপেন 

ছাত্ৰ, অভিভাৱক আৰু সমাজ ব্যৱস্থা 

স্মৃতিগ্ৰন্থ সোণালী জয়ন্তী সমাৰোহ , ২০১৩ , ছমৰীয়া উচ্চ মাধ্যমিক আৰু মধ্য ইংৰাজী বিদ্যালয়, পৃ.-৬৬ ৷

৩৷ দেৱী, কলিতা, লিপিকা 

 শিশুৰ সৰ্বাংগীন বিকাশত ঘৰুৱা পৰিৱেশৰ প্ৰভাৱ 

 প্ৰাক্ গ্ৰন্থ, পৃ.-৯১ ৷


Post a Comment

0 Comments