header ads

সাক্ষাৎকাৰ l ৩য় বছৰ ১ম সংখ্যা

 সাক্ষাৎকাৰ 


          শৈক্ষিক গোট জ্ঞানম্‌ , কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত প্ৰকাশ হোৱা জ্ঞানম্ ই-আলোচনীৰ তৃতীয় বছৰৰ প্ৰথমটি সংখ্যাৰ বাবে আমি ২০২২ চনৰ লণ্ডন কমলৱেলথ গেমছত সোণৰ পদক জয় কৰি আমাৰ দেশৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ সন্মান কঢ়িয়াই অনা নয়নমণি শইকীয়া বাইদেউৰ কাষলৈ আগবাঢ়ি গৈছিলোঁ ৷ শৈক্ষিক গোট জ্ঞানম্ ৰ সৈতে হোৱা তেওঁৰ বাৰ্তালাপৰ লিখিত ৰূপ তলত দিয়া হ’ল --

জ্ঞানম্‌ :- কমনৱেলথ গেমছত আপুনি লাভ কৰা সফলতাৰ বাবে আপোনাক জ্ঞানম্‌ গোটৰ তৰফৰপৰা আন্তৰিক অভিনন্দন জনালোঁ ৷ ল’ন-বলৰ প্ৰতি আপুনি কিদৰে আকৰ্ষিত হৈছিল আমাক কিছু বহলাই ক'বনে ?

নয়নমণি শইকীয়া :- গোটক বহুত ধন্যবাদ জনাইছোঁ । আচলতে, প্ৰথমে মই ২০০০ বৰ্ষৰ সময়ছোৱাত Sports Authority Of India(SAI)ত ভাৰোত্তোলন (Weight Lifting)  অনুশীলন কৰিছিলোঁ ৷ কিন্তু ২০০৭ চনৰ শেষৰফালে এবাৰ মোৰ পিঠিৰ বিষ হোৱাত তিনি মাহ জিৰণি ল’ব লগা হৈছিল চিকিৎসকৰ পৰামৰ্শমতে ৷ সেই সময়ৰ ভাৰপ্ৰাপ্ত সঞ্চালক শ্ৰীযুত দেৱ কুমাৰ বৰা ছাৰ আৰু সঞ্চালক শ্ৰীযুত সুভাস বসুমতাৰী ছাৰে আহি মোক প্ৰথমবাৰৰ বাবে ল’ন-বল খেলাৰ বিষয়ে ক’লে ৷ যিহেতু পিঠিৰ বিষ পুনৰাই হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ; সেয়েহে মোক সৰুসজাইলৈ গৈ এবাৰ খেলবিধ চাই আহিবলৈ তেওঁলোকে পৰামৰ্শ দিলে ৷ ২০০৮ চনত মই সৰুসজাইলৈ গৈ খেলবিধ চালোঁ আৰু অষ্ট্ৰেলিয়াৰ মেলৱৰ্ণৰ ৰিচাৰ্ড গেইলৰ তত্ত্বাৱধানত খেলবিধ খেলিবলৈ লওঁ আৰু বৰ্তমান খেলি আছোঁ ৷

জ্ঞানম্‌ :-  বিশ্বৰ ক্ৰীড়াক্ষেত্ৰত বিশেষ গৰিমা বহন কৰা কমনৱেলথ গেমছত দেশৰ বাবে স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হোৱাত আপোনাৰ মনোভাৱ কেনে ?

 নয়নমণি শইকীয়া :-  অনুভৱ সঁচাকৈয়ে স্মৰণীয় ৷ এয়া মোৰ সপোন আছিল আৰু বাস্তৱায়িত হোৱাত নথৈ আনন্দিত । দেশৰ মান উচ্চ কৰাৰ সুযোগকণ পোৱাত খুবেই গৌৰৱান্বিত এজন ভাৰতীয় হিচাপে ৷

জ্ঞানম্‌ :- আমাৰ ৰাজ্যৰ যুৱচামলৈ আপোনাৰ পৰামৰ্শ কি হ’ব ক্রীড়াৰ ক্ষেত্রত ?

নয়নমণি শইকীয়া :-  যুৱচামে অধ্যয়নৰ সমান্তৰালকৈ খেলৰ প্ৰতিও আগ্ৰহী হোৱা উচিত বৰ্তমান সময়ত ৷ বৰ্তমান সময়ত খেলৰ সুবিধা আগৰ তুলনাত যথেষ্ট ৷ খেলৰ বাবে প্ৰশিক্ষণৰ প্ৰচুৰ সুবিধা আছে  ৷ নিজৰ চেষ্টাৰ ফলত সকলোৱে নিজৰ সপোন বাস্তৱত ৰূপান্তৰিত কৰিব পাৰে ৷

জ্ঞানম্ :- যুৱপ্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চৰকাৰে কেনে ধৰণৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে ?

নয়নমণি শইকীয়া :- এতিয়ালৈ চৰকাৰে খেলৰ সকলো ধৰণৰ সুবিধা কৰি দিছে আৰু তাৰ লগতে খেলপথাৰো নিৰ্মাণ কৰি আছে ৷ ল’ন-বলৰ বাবে দ্বিতীয়খন খেলপথাৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰাত উজনি অসমত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব বুলি কৈছে ৷ মুঠৰ ওপৰত নতুন চামে খেলৰ বাবে আগবাঢ়ি আহিব লাগে ৷

জ্ঞানম্‌ :- এজন খেলুৱৈ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ কেনেধৰণৰ নিয়মানুবর্তিতা অনুসৰণ কৰা উচিত বুলি আপুনি ভাবে ?

নয়নমণি শইকীয়া :- সুস্থ হৈ থাকিবলৈ ৰাতিপুৱা সোনকালে সূৰ্য উদয়ৰ আগতে শুই উঠি খোজ কঢ়া, দৌৰা আদি আৰু অন্যান্য শাৰীৰিক ব্যায়াম কৰিব লাগে ৷ ৰাতিপুৱাৰ এই সময়ৰ মলয়া বতাহজাকে শৰীৰ সতেজ কৰি ৰাখে , তেজৰ সঞ্চালন সঠিকভাৱে হয় আৰু ঘাম হিচাপে শৰীৰৰপৰা অলাগতিয়াল বস্তুবোৰ ওলাই যায় ৷ সময়মতে খাদ্য গ্ৰহণ কৰিব লাগে ৷ প্ৰ’টিনযুক্ত খাদ্য,সেউজীয়া শাক-পাচলি খাব লাগে ৷ ৰাতি লঘু আহাৰ গ্ৰহণ কৰিব লাগে আৰু সোনকালে শুব লাগে ।  

জ্ঞানম্‌ :- খেলত একান্তভাৱে মনোনিৱেশ কৰাৰ ক্ষেত্ৰত আপোনাৰ ঘৰখন বা পৰিয়ালৰ তৰফৰপৰা কেনেধৰণৰ সহযোগিতা লাভ কৰিছিল ? খেল,চাকৰি ,পৰিয়াল --- কেনেকৈ আপুনি সমান্তৰালভাৱে চলাই নিছিল ?

নয়নমণি শইকীয়া :-  খেল, চাকৰি, পৰিয়াল -- তিনিওটা দায়িত্ব মই সমান্তৰালভাৱে চলাই নিছিলোঁ ৷ কোনোধৰণৰ অসুবিধা পোৱা নাছিলোঁ ৷ নিজৰ ঘৰ আৰু শহুৰৰ ঘৰৰপৰা সম্পূৰ্ণ সহযোগিতা পাইছিলোঁ ৷ মোৰ ছোৱালীজনী যেতিয়া ৬ মহীয়া আছিল তেতিয়া ৰাতিপুৱা সময়ত শহুৰ দেউতাৰ লগত শোৱাই থৈ মই শৰীৰ-চৰ্চা কৰিবলৈ ওলাই গৈছিলোঁ ৷ ঘৰলৈ উভতি আহি চাফ চিকুণ হৈ শহুৰ দেউতাক চাহ-পানী দি দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰি মই কাৰ্যালয়লৈ যাওঁ ৷ সকলো সময়তে শহুৰ দেউতাই ছোৱালীজনীক চোৱা চিতা কৰিছিল ৷ সেই সময়ত মোৰ স্বামী কৰ্মসূত্ৰে গোলাঘাটত আছিল যদিও প্ৰতিটো মুহূৰ্ততে তেওঁ মোক মানসিকভাৱে উৎসাহ দিছিল যাৰ ফলত মই আজি সোণৰ পদক দেশৰ বাবে কঢ়িয়াই আনিবলৈ সক্ষম হ’লোঁ ৷

জ্ঞানম্‌ :- খেলৰ পৰিৱেশ অসমত ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত বৰ্তমান কেনেকুৱা বুলি আপুনি ভাবে ?

নয়নমণি শইকীয়া :- খেলৰ পৰিৱেশ অন্য ৰাজ্যৰ তুলনাত অসমত আগতে যথেষ্ট কম আছিল কিন্তু বৰ্তমান উন্নত হৈ আছে আৰু ক্ৰীড়া নীতি আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্যবোৰ চলি আছে ৷ এয়া খেলৰ সুদিন । 

জ্ঞানম্ :- শৈক্ষিক গোট জ্ঞানম্ - কামৰূপৰ তৰফৰ পৰা আপোনালৈ আগন্তুক সময়ৰ বাবে অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ । 

নয়নমণি শইকীয়া :- বহুত ধন্যবাদ । 

সাক্ষাৎ গ্ৰহণ :-

গিৰিন দাস

মণ্ডল সমল কেন্দ্র সমন্বয়ক

কৰৰা শিক্ষাখণ্ড

Post a Comment

0 Comments