header ads

শৰাইঘটীয়া সেনাৰ বিষয়া লাচিত বৰফুকন, অসমীয়া প্ৰবন্ধ

 শৰাইঘটীয়া সেনাৰ বিষয়া লাচিত বৰফুকন




 বৃহত্তৰ অসমীয়া জাতিৰ স্বদেশপ্ৰেম শৌৰ্য বীৰ্য বীৰত্ব সাহস আৰু গৌৰৱময় ইতিহাসৰ যুগমীয়া প্ৰতীক লাচিত বৰফুকনৰ বিগত সোতৰ শতিকাৰ তৃতীয় দশকৰ কাহিলী পুৱাতে মোমাই তামূলী বৰবৰুৱাৰ ঔৰষত আৰু আই নাগশ্বৰীৰ গৰ্ভত আহোম বংশৰ আৰু অসমৰ ভৱিষ্যত আকাশৰ উজ্জ্বল নক্ষত্ৰটিৰ জন্ম হৈছিল । এই উজ্বল নক্ষত্ৰটিয়ে পৰৱৰ্তী সময়ত দেশমাতৃৰ বাবে যি নিদৰ্শন ৰাখি থৈ গ'ল তাক সময়ে সদায় সন্মান সহকাৰে স্মৰণ কৰিব ।
        অসমী আইৰ এই সু-সন্তান গৰাকীয়ে ‘ দেশতকৈ মোমাই ডাঙৰ নহয় ’ বুলি কৰ্তব্যত গাফিলতি কৰা বাবে নিজ মোমায়েকক বীৰদৰ্পে হেংদাঙেৰে এঘাপতে শিৰচ্ছেদ কৰিছিল । তেখেতৰ দেশমাতৃৰ প্ৰতি থকা নিষ্ঠা , কৰ্তব্য পৰায়ণতা আৰু একাগ্ৰতা , দায়বদ্ধতা আদি স্বদেশ প্ৰীতিৰ অন্যান্য নিদৰ্শন আছিল  ।
        ইতিহাসে প্ৰতিক্ষণে সোঁৱৰাই থকা এটা কিংবদন্তি নাম লাচিত বৰফুকন । আজলী অসমী আইৰ সু-সন্তান , যাক প্ৰসৱ কৰি আই অসমী গৌৰৱান্বিত হৈছিল । তেখেতৰ অৱদান , বলিদান যেন আমাৰ পাহৰণিৰ গৰ্ভত বিলিন হোৱাৰ উপক্ৰম হৈছিল । তেনে এক মাহেন্দ্ৰ ক্ষণত অসম চৰকাৰৰ শিক্ষা বিভাগে আমাৰ ভৱিষ্যত বংশধৰ সকলক লাচিত বৰফুকনক মনত পেলাই দিয়া , চিনাকি কৰাই দিবলৈ এক অভিনৱ পন্থা হাতত ল'লে । তাৰ ফলস্বৰূপে সমগ্ৰ অসমতে এটা জাগৰণৰ সৃষ্টি হ'ল ৷ এই বীৰ পুৰুষ গৰাকীৰ কৰ্মৰাজিৰ বিশ্লেষণ কৰাৰ লগতে তাৰ দ্বাৰা শিক্ষাৰ্থী সকলক অনুপ্ৰাণিত হ'বলৈ এটা সুযোগ দিয়া হ'ল ।
        ইয়াৰ দ্বাৰা উদ্বোদ্ধ হৈ যেন ছাত্ৰ / ছাত্ৰী সকলৰ মনত দেশমাতৃৰ প্ৰতি দেশপ্ৰেম জাগ্ৰত হয় । দেশৰ কাৰণে যে আন সকলো পাছ , দেশ বুলি ক'লে কোনো আদেশ নালাগে , সেই ভাব সুমুৱাই দিয়াৰ এয়া সোণালী সুযোগ । বিশ্ব বিশ্ৰুত গায়ক , বিশ্বৰত্ন খ্যাত আন এক কিংবদন্তি পুৰুষ ড° ভূপেন হাজৰিকাই গোৱাৰ দৰে ......
             আকৌ যদি যাৱ লাগে
             শৰাইঘাটলৈ
             লুইত পাৰৰ ডেকা বন্ধু
             নাথাকিবা ৰৈ  ।।
        গতিকে আজিৰ চাম শিক্ষাৰ্থীয়ে যাতে শৰাইঘাটক চিনে , লাচিতৰ কৰ্মৰাজিক স্মৰণ কৰে তাৰ বাবে এয়া এক অভিনৱ প্ৰয়াস । তাৰবাবে উদ্যোগতা সকল ধন্যবাদৰ পাত্ৰ ।
        আজিৰ পৰা চাৰিশ ( ৪০০ ) টা বসন্তৰ আগতে ১৬২২ চনত অসম মাতৃয়ে এনে এগৰাকী সুযোগ্য সন্তানক প্ৰসৱ কৰি ধন্য হৈছিল । পিছলৈ আই মাতৃৰ দুৰ্যোগৰ সময়ত , শৌৰ্য , বীৰ্য আৰু পৰাক্ৰমৰে মাতৃৰ মান ৰক্ষা কৰি ভৱিষ্যতত তেখেতৰ নাম ইতিহাসৰ বুকুত সোণালী আখৰেৰে লিখি থৈ গ'ল ।
         তাৰ বাবে আমি আজি চাৰিশ ( ৪০০ ) বছৰ পাছতো তেখেতক স্মৰণ কৰিবলৈ আগবাঢ়িছোঁ ৷ ইয়াৰ পিছতো আইমাতৃৰ বুকুৰে শতেক ধুমুহা পাৰ হৈ গ'ল , আমি যেন পাহৰিয়েই পেলাইছিলো লাচিতক , আমি মে সগৌৰৱে কৈছিলো আমি লাচিতৰ সন্তান , আমাৰ শিৰাই উপশিৰাই লাচিতৰ তেজ প্ৰৱাহমান । তাৰ বাবেই ড° ভূপেন হাজৰিকাই সচেতন কৰি দি গাইছিল .....
            প্ৰতি অসমীয়াই কি কৰা উচিত
            উপদেশ দিবলৈ নাই লাচিত
            বোলো হেংদাংধাৰী লাচিত নাথাকিলেও
            আগুৱাই যাৱই লাগিব
             নহলে অসমীয়াৰ ৰাজহাড় নাই বুলি
             বিশ্বই বৰকৈ হাঁহিব ।।

        লাচিতৰ গুণগান সৰ্বত বিৰাজমান আছিল । এনে অনুভৱ হ'ল নেকি মাজতে যেন ইয়াৰ যতি পৰিল । অসমীয়া যেন শুই পৰিছিল । সুপ্ত অসমীয়াৰ প্ৰাণক জগাই তুলিবলৈয়ে যেন শিক্ষা বিভাগৰ বিনম্ৰ প্ৰয়াস । মোমাই তামূলী বৰবৰুৱাৰ সু-যোগ্য সন্তান লাচিত বৰফুকন অসমৰ শৌৰ্য বীৰ্য আৰু আস্থাৰ প্ৰতীক । তেখেতৰ বলিদান সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰিব আজীৱন । লাচিত বৰফুকনে ঘৰুৱা শিক্ষক আৰু দেউতাকৰ তত্বাৱধানত শিক্ষা জীৱনৰ পাতনি মেলিছিল । লাচিত আছিল অতি সাহসী , নিৰ্ভীক আৰু দেশ প্ৰেমত উদ্বোধন হোৱা এগৰাকী আহোমৰ পাহোৱাল ডেকা । তেখেত আছিল বিচক্ষণ বৰবৰুৱা , সমাজ সংগঠক মোমাই তামূলীৰ পুত্ৰ । সৰুৰে পৰাই দেউতাকৰ সজ গুণেৰে সমৃদ্ধ লাচিতে ঘৰতেই দেউতাকৰ পৰাই কৰ্তব্য নিষ্ঠা আৰু সততা গুণ আৰ্জন কৰিছিল ।
          অসমীয়া সভ্যতাৰ সজুঁলি সম্ভাৰে ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰ সভ্যতা চহকী কৰি তোলাত সহায় কৰিব । অতীতৰ বুৰঞ্জী আৰু অসমৰ সাহিত্য বৈজ্ঞানিকভাৱে চৰ্চা কৰি এই বহুমূলীয়া আহিলা পাতিবোৰ উদ্ধাৰ কৰাৰ সময় সমাগত । লাচিত বৰফুকনৰ জীৱনী চাৰিটা ভাগত ভাগ কৰা হৈছে প্ৰথম নিম্ন পদস্থ সামৰিক বিষয়া , দুলিয়া বৰুৱা , শিমলুগুৰিয়া ফুকন আৰু দোলাকাষৰীয়া বৰুৱা হিচাপে লাচিতৰ নেতৃত্বৰ গুণাবলীৰ প্ৰমাণ আমি পাওঁ । দ্বিতীয় তেওঁ আহোম সেনা বাহিনীৰ সেনা অধিনায়ক পদত অধিষ্ঠিত আৰু তেওঁৰ গুৱাহাটী আৰু নামনি অসমৰ পৰা মোগলক অপসৰণ কাৰ্য ৷
        ১৬৬৭ খৃষ্টাব্দৰ নৱেম্বৰত আৰু অসমৰ পশ্চিম সীমা মানাহ নৈ লৈকে বঢ়োৱা , তৃতীয় মোগলৰ অসম পুনৰ আক্ৰমণৰ প্ৰতিশোধ লবলৈ সতৰ্কতাৰ যো-জা , পাছত অম্বৰৰ ৰজা ৰামসিংহৰ নেতৃত্বত মোগল সেনাৰ যুদ্ধ আৰু পাছত গৈ মোগল সেনাৰ ১৬৭১ খৃষ্টাব্দৰ মাৰ্চ মাহত শৰাইঘাটৰ নৌ যুদ্ধত পৰাজিত আৰু ৰাজপুত ৰজাৰ বঙ্গদেশৰ ৰঙ্গামাটিলৈ পলায়ন । য'ত তেওঁ ১৬৭৬ খৃষ্টাব্দলৈ অসমক পুনৰ আক্ৰমণ কৰিবলৈ চেগ বিচাৰি ৰৈ আছিল । বিৰল প্ৰতিভা আৰু গুণৰ অধিকাৰী এই গৰাকী অসম সন্তানে দেশমাতৃৰ সেৱাৰ বাবে যি নিদৰ্শন দেখুৱাই থৈ গ'ল সেয়া আমাৰ সকলোৰে বাবে অনুকৰণীয়  । ইয়াৰ পিছতো যে অসম মাতৃয়ে দ্বিতীয় গৰাকী লাচিতক পাব সেয়া কল্পনা কৰিব নোৱাৰি ।
       সাগৰৰ দৰে বিশাল সেনাবাহিনীৰ নায়ক ৰামসিংহক শৰাইঘাটৰ যুঁজত পৰাভূত কৰি যি অনুকৰণীয় নিদৰ্শন দেখুৱাই থৈ গ'ল সেয়া চিৰ নমস্য ।
        এই গৰাকী মহান বীৰ যোদ্ধা সোতৰ শ শতিকাৰ সপ্তম দশকৰ আগ পুৱাতে যাউতিযুগমীয়া খ্যাতি ৰাখি থৈ ইহলীলা সম্বৰণ কৰে  ।।



হেমেন চন্দ্ৰ হাজৰিকা
সহঃ শিক্ষক
বিৰোগাঁও মজলীয়া বিদ্যালয়
শিক্ষাখণ্ড - ৰামপুৰ

Post a Comment

0 Comments