এদিন গছে কথা ক'ব
সবাকক অবাক কৰি
গছে কথা ক'ব ,
তহঁতবোৰ বৰ অবিবেচক
নিজেই  নিজৰ কবৰ খান্দ !!
সময় সময়ৰ বাবে অধীৰ 
মুখামুখি হৈ ৰ'ব ধ্বংস-সৃষ্টিৰ ।
সিদিনা সকলোৱে বুজিব –
স্বাৰ্থসিদ্ধিৰ হেতু কৰা প্ৰতিটো কাম  
কিমান যে যন্ত্ৰণাকাতৰ !
সুখ-দুখ হৈ পৰিব অবান্তৰ
ধ্বংসৰ হাতত হ'ব সৃষ্টিৰ পৰাজয় ।
সময়ৰ আহ্বান শুনক ,
কৰক  প্ৰকৃতিৰ জয়-জয়কাৰ
তেহে হ'ব পৰিত্ৰাণ মানৱৰ ।
 
 


 
 
 
 
 
 
 
0 Comments