header ads

অণুগল্প - সঞ্চয়,

 অণুগল্প  -  সঞ্চয়



- হেৰি , কেইজনমান লৰাই আপোনাক বিচাৰি আহিছে ।

- তোমালোক .. ?

- চিনি পাইছেনে ছাৰ ?

     ৰিণিকি - ৰিণিকি মুখবোৰ পোহৰলৈ আহিছে ।

- তুমি সেই লেট্ কামাৰজন  ..! তুমি সেই টকেটিভ্ জন  ..! আৰু ...আৰু ...
ইমান বছৰৰ মূৰত মোৰ ওচৰলৈ আহিছা যে ?

- ছাৰ , আপোনাৰ পোহৰে আমাক পোহৰালে , আপোনাক কেনেকৈ পাহৰিম ছাৰ ?

-ছাৰ , আপোনালৈ ...

- কি আনিছা এইবোৰ ? জোৰা - টাপলি মাৰিয়েই দিনবোৰ কটালো ! এতিয়া এইবোৰ মূল্যহীন হ'ল !

- হেৰা , এইফালে আহাচোন , এই বদমাচকেইটাই মোৰ বাবে এইবোৰ কি লৈ আনিছে চোৱা ।

- আজিহে বুজিলোঁ , আপোনাৰ সঞ্চয়বোৰ মেছিয়োৰড্  হ'ল ।

অঞ্জু ৰয় বৈশ্য
সহকাৰী শিক্ষয়িত্ৰী
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ছমৰীয়া , কামৰূপ

Post a Comment

0 Comments