header ads

অসমীয়া প্ৰবন্ধ, সাম্প্রতিক সময়ত লাচিতৰ প্ৰাসংঙ্গিকতা, পুনম শৰ্মা

   সাম্প্রতিক সময়ত লাচিতৰ প্ৰাসংঙ্গিকতা


    

 আহোম অস্ত্রৰ আগত ভাৰত বিজয়ী মোগলক ত্ৰাসিত কৰি নিজৰ জন্মভূমি অসমক উদ্ধাৰ কৰি বুদ্ধি, বীৰত্ব আৰু স্বাৰ্থত্যাগৰ নিদৰ্শন দাঙি ধৰা ব্যক্তিজনেই হৈছে লাচিত বৰফুকন । ১৬২২ চনৰ ২৪ নৱেম্বৰত অসমৰ বিখ্যাত আহোম সম্প্ৰদায়ৰ মোমাই তামুলী বৰবৰুৱাৰ ঔৰসত জন্মগ্রহণ কৰা লাচিত বৰফুকন সৰুৰে পৰাই অফুৰন্ত শক্তি, অদম্য সাহসী আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন আছিল ।

    অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা হোৱা শৰাইঘাটৰ ৰণৰ নেতৃত্ব লোৱা লাচিতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ওচৰত নিজৰ ৰণ কৌশল আৰু বীৰত্বৰ পৰিচয় দি প্ৰথমে 'ঘোঁৰা বৰুৱা' পদবী লাভ কৰাৰ পিছত নিজ বিদ্যা-বুদ্ধি, ৰাজনৈতিক জ্ঞানৰ চিনাকি দি ' বৰফুকন ' বিষয়া হৈছিল । এনেদৰে ক্ৰমান্বয়ে দুলীয়া বৰুৱা , শিমলুগুৰীয়া ফুকন আৰু দোলাকাষৰীয়া বৰুৱা আদি এটাৰ পৰা আনটো পদলৈ পদোন্নতি লাভ কৰিছিল ।
       আহোম সেনাৰ সেনাপতি পদত অধিষ্ঠিত হৈ নিঃস্বাৰ্থ দেশপ্ৰেমেৰে সকলো সৈন্যক উদ্বুদ্ধ কৰি  নিপুণ সামৰিক কলাৰে প্ৰশিক্ষিত কৰিছিল । ১৬৬০ চনত আহোম ৰজা জয়ধ্বজ সিংহ আৰু মোগল সম্ৰাট ঔৰংগজেৱৰ মাজত হোৱা ' ঘিলাধাৰী চুক্তি ' খন ৰজা চক্ৰধ্বজ সিংহই অস্বীকাৰ কৰি মোগল সম্ৰাটক কৰ দিবলৈ বন্ধ কৰাৰ বাবে প্ৰবল প্ৰতাপেৰে অসম আক্ৰমণ কৰিবলৈ পৰাক্ৰমী মোগল আহিছিল । তেতিয়া বীৰ লাচিতৰ প্ৰধান সহযোগী আছিল বাঘ হাজৰিকা ওৰফে ইস্মাইল চিদ্দিকি । লাচিতে মোগলক হৰুৱাবলৈ এটা বুদ্ধি কৰিছিল যে মোগল যিটো বাটেৰে ঘোঁৰাত উঠি সৈন্য সকলক লৈ সোমাব সেই বাটত অভেদ্য গড় ৰাতিৰ ভিতৰত বনাবলৈ আদেশ দিছিল । এই গড় বনাবলৈ মোমায়েকক গুৰু দায়িত্ব দিছিল যদিও শেষ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই । নিজৰ কৰ্তব্যত গাফিলতি কৰা দেখি লাচিতে খঙত অগ্নিশৰ্মা হৈ হেংদাঙেৰে 'দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি মোমায়েকৰ শিৰচ্ছেদ কৰিছিল । তাৰ পিছত ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈছিল  । লাচিতৰ দেশপ্রেম, কৰ্তব্যনিষ্ঠাৰ এইটো এটা বিৰল উদাহৰণ ।

    লাচিত বৰফুকনৰ সাহসিকতা, কৰ্তব্যনিষ্ঠা আদিৰ বিষয়ে নতুন প্ৰজন্মই অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি অসম চৰকাৰে ২০২২ ইং চনৰ ২৪ নৱেম্বৰ তাৰিখৰ লাচিত দিৱস উদযাপনৰ বাবে সপ্তাহযোৰা যি প্ৰচেষ্টা হাতত লৈছিল এই সকলোবোৰ এক আদৰণীয় পদক্ষেপ । ১৬৬৯ চনত আলাবৈৰ ৰণত একেদিনাই দহ হাজাৰ আহোম সৈন্যৰ নিৰ্মম মৃত্যুতো বিচলিত নহৈ বিজয় স্পৃহা নেহেৰুৱাই ওলোটাই ১৬৭১ চনত পুনৰ শৰাইঘাটৰ যুদ্ধত মোগলক হৰুৱাই অসম খনক কৰতলীয়া চুক্তিৰ পৰা মুক্ত কৰিছিল । লাচিতে বছৰ বছৰ ধৰি যুঁজ দিছিল সেয়া নতুন প্ৰজন্মই জনা উচিত  । অসমীয়া জাতি জীয়াই ৰাখিবলৈ লাচিত বৰফুকনৰ জাতীয়তাবোধ, দেশপ্রেম, দূৰদৰ্শিতা, অসমীয়াৰ তেজত প্ৰৱাহিত কৰিবলৈ বিভিন্ন আলোচনা চক্র, বোলছবিৰ মাধ্যমেৰে প্ৰচাৰ কৰিবৰ ব্যৱস্থা লোৱাৰ সময় সমাগত ।

    অতীতৰ সফলতা আৰু বিফলতাৰ পৰ্যালোচনাৰে জাতিৰ উত্তৰণ সম্ভৱ হৈ পৰে  । ইতিহাসে আমাক অতীতত কৰা ভুল শুধৰণিৰ পথ প্ৰকট কৰে । একেদৰে সেই দুৰ্যোগপূৰ্ণ সময়ত কোন কোন বীৰ তথা নেতৃত্বই উদ্ধাৰ কৰিছিল, সেইবোৰৰ অধ্যয়নে অনুপ্ৰেৰণা দিয়ে  । আজিৰ অসমীয়াই লাচিত বৰফুকনৰ পৰা স্বদেশপ্ৰেম, স্বাৰ্থত্যাগ, কৰ্তব্যনিষ্ঠা, দৃঢ় সংকল্প, অধ্যাৱসায়, স্বদেশৰ হকে আত্মোৎসৰ্গ, ৰাজভক্তি আদি অনেক সজগুণ শিকিবলৈ আছে  । আমি এতিয়াও বুজিবলৈ অক্ষম যে এওঁলোকৰ কৰ্মৰাজিৰ সোঁৱৰণিত বৰ্তমানৰ অসমীয়া জাতিৰ বাবে সঞ্জীৱনী শক্তি আছে । এইসকল মহাত্মাৰ জীৱন চৰিত্ৰ আলোচনা আমাৰ নিচিনা পতিত জাতিৰ পুনৰুদ্ধাৰৰ উপায় । অসমীয়াৰ আৱেগ, বিবেক সকলো অধিকাৰ কৰি থকা লাচিত বৰফুকনৰ বীৰত্ব হ'ল সমগ্র জাতিৰ বাবে আদৰ্শ আৰু অনুপ্ৰেৰণাৰ উৎস ।

পুনম শৰ্মা
স্নাতকোত্তৰ (শিক্ষা) শিক্ষয়িত্ৰী
২ নং যোগীপাৰা এল: বি: এছ: এ: উচ্ছতৰ মাধ্যমিক বিদ্যালয়
শিক্ষা খণ্ড : ছমৰীয়া

Post a Comment

0 Comments