১) দিন ৰাতি ঘূৰি থাকে চাবি নিদিলে ভাগৰি পৰে ।
উঃ চাবি দিয়া ঘড়ী ।
২) এযোৰ পক্ষী আছে কাকো কোনেও নেদেখে ।
উঃ চকু ।
৩) এডাল মাৰলি দুখন চাল ,
নবন্ধাকৈ থাকে সৰ্বতিকাল ।
উঃ কলপাত
৪) দুই গছৰ দুই ঠাল ,
কাজিয়া কৰি হয় লাল ।
উঃ তামোল-পান ।
৫) কেঁচাতে কোমল , পকিলে টান
বছৰে কাটে তাৰ দুখন কান ।
উঃ পথাৰৰ আলি ।
মিছ ফাৰহিনা আখতাৰ
শ্ৰেণী - পঞ্চম
১২৯৩ নং কৰিগাঁও প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - ছমৰীয়া
0 Comments