header ads

প্ৰবন্ধ, গুণোৎসৱ, চৈয়দ জিয়াউৰ ৰহমান, ৩য় বছৰ ৩য় সংখ্যা

 



       বিদ্যালয়ৰ গুণসমূহক লৈ উদযাপন উৎসৱটোৱেই হৈছে গুণোৎসৱ । গুণোৎসৱ শব্দটো গুণ + উৎসৱ শব্দৰ পৰা উৎপত্তি হৈছে । সকলো শিশুকে গুণগত প্ৰাথমিক শিক্ষা প্ৰদানৰ বাবে অসম চৰকাৰে গুজৰাট চৰকাৰৰ আৰ্হিত আমাৰ বিদ্যালয় সমূহতো ২০১৭ বৰ্ষত গুণোৎসৱৰ শুভাৰম্ভ কৰিছে আৰু ই ধাৰাবাহিক গতিত চলি আছে । অসমৰ আটাইকেইখন জিলা প্ৰথম , দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত ভাগ কৰি গুণোৎসৱ ২০১৭ বৰ্ষৰ পৰা সামৰি লোৱা হয় । প্ৰথম পৰ্যায়ত ২য় শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈ , পিছলৈ নৱম শ্ৰেণীও সামৰি লোৱা হয় । এই গুণোৎসৱত সামৰি লোৱা বিদ্যালয়ৰ মূল্যায়ণৰ চাৰিটা দিশ হ’ল - শিশুৰ শৈক্ষিক পাৰদৰ্শিতা , সহঃ বিদ্যায়তনিক কাৰ্য্য , বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু অন্যান্য সা-সুবিধাৰ অৱস্থিতি আৰু সমাজৰ অংশগ্ৰহণ । 

       প্ৰতিগৰাকী বৰ্হিঃমূল্যায়কে তিনিটা দিনত তিনিখন বিদ্যালয় পৰিদৰ্শন কৰে । তেখেতসকলে এই কেইটা দিনত বিদ্যালয়ৰ প্ৰাৰ্থনা সভাৰপৰা গোটেই দিনটো বিদ্যালয় মূল্যায়নত ব্যস্ত থাকে । ইয়াৰ জৰিয়তে বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থাটোৰ কিছু পৰিমাণে পৰিবৰ্তন সাধন হোৱা পৰিলক্ষিত হৈছে । ভৱিষ্যতেও ইয়াৰ যোগেদি অসমৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা ব্যৱস্থাটোৰ উন্নতি আশা কৰিব পাৰি , যদিহে সংশ্লিষ্ট সকলো শ্ৰেণীৰ লোকে সহযোগী মনোভাৱেৰে এই গুণোৎসৱত অংশগ্ৰহণ কৰে ।

গুণোৎসৱৰ উদ্দেশ্যঃ-

১) প্ৰাথমিক শিক্ষাৰ পৰিবৰ্তন সাধন কৰা ।

২) আন্তঃগাঁথনি , শিক্ষক-শিক্ষয়িত্ৰী , শিক্ষাদানৰ বাবে প্ৰয়োজনীয় সা-সজুঁলিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বিষয়ে তথ্য সংগ্ৰহ কৰা । 

৩) বিদ্যালয় সমূহৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিব পৰা কাৰণ সমূহ বাচি উলিয়াই সেই সমূহ দূৰ কৰি এক সু-শৃংখলিত পৰিৱেশ বজাই ৰাখি নিয়মীয়া পাঠদানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা । 

৪) গুণোৎসৱ কাৰ্যসূচীৰ জৰিয়তে অসমৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ দায়বদ্ধতা বৃদ্ধি কৰা । 

৫) ইয়াৰ উপৰিও গুণোৎসৱৰ অন্য এটা উল্লেখযোগ্য উদ্দেশ্য হ’ল বিদ্যালয় সমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে এটা সুস্থ পৰিৱেশ বজাই ৰখা ।


       যিহেতু গুণোৎসৱৰ জৰিয়তে অসমৰ শিক্ষা বিভাগে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা খণ্ডৰ এটা সামগ্ৰিক বিকাশৰ চেষ্টা কৰিছে সেয়ে শিক্ষাৰ মানদণ্ড উন্নয়নৰ ক্ষেত্ৰত ই অতি সহায় হ’ব বুলি ক’ব পাৰি । মোৰ মনে কয় যে , গুণোৎসৱৰ জৰিয়তে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহ অধিক উন্নত কৰিবলৈ হ'লে বৰ্তমানতকৈ কিছু ব্যতিক্ৰম যেনে বহুদিন আগতীয়াকৈ তাৰিখ নিদি দুই-তিনি আগত বিদ্যালয় বিলাকক গুণোৎসৱৰ তাৰিখ ঘোষণা কৰি প্ৰতিটো বিষয়ৰ নিজা নিজা বিভাগৰ মূল্যায়কৰ দ্বাৰা নিৰীক্ষণ হ'লে আৰু সঠিক ফলাফল পাব বুলি আশা কৰিব পাৰি ।



চৈয়দ জিয়াউৰ ৰহমান
সহ: শিক্ষক
কানিকুছি নিজ বড়িগোগ হাইস্কুল
শিক্ষাখণ্ড : ৰঙিয়া ( কামৰূপ ) অসম




আজিয়েই দিয়া কালিলৈ কিয়
কোনে জানে মোৰ কালি কি হ'ব ?
হাজাৰ হাজাৰ বছৰ বিয়পা 
হয়তো অতীতে সামৰি থ'ব । ( ওমৰ তীৰ্থ )
             ― যতীন্দ্ৰ নাথ দুৱৰা ।

Post a Comment

0 Comments